ETV Bharat / state

খৰালিও খহনীয়াৰ দুঃস্বপ্ন নৈপৰীয়াৰ: নীৰৱ জনপ্ৰতিনিধি

পুনৰ বাৰিষা তীব্ৰ ৰূপ ধাৰণ কৰাৰ আশংকা ২নং পদুমণিৰ নৈপৰীয়াৰ ।

Massive soil erosion in Sarupathar
পদুমণিৰ ৰঙাগড়া ঘাটত ধনশিৰি নৈৰ তীব্ৰ খহনীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 3, 2026 at 3:45 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : বাৰিষালৈ বহুদিন থাকিলেও সৰুপথাৰ সমজিলাত ধনশিৰি নৈৰ খহনীয়াক লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া । খৰালিতেই বাৰিষাৰ চিন্তাত মগ্ন হৈছে এইসকল লোক । কাৰণ বাৰিষাৰ আগমন মানেই খহনীয়াৰ আতংক । চৰকাৰে নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন ঠাইত আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনিয়ে আজিও ঢুকি পোৱা নাই ধনশিৰিৰ নৈপৰীয়াক ।

আকৌ বানপানীয়ে সৃষ্টি কৰিব তাণ্ডৱ । সৰুপথাৰ সমজিলাৰ পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ ২নং পদুমণিৰ ৰঙাগড়া ঘাটত ধনশিৰি নৈয়ে বাৰিষা কালত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি আহিছে । যাৰ ফলত নৈপৰীয়া ৰাইজৰ বহু ভূমি খহনীয়াই বিনষ্ট কৰিছে । বহু কৃষিভূমিও বিনষ্ট হৈছে খহনীয়াৰ ফলত । ইপিনে, এই খহনীয়াই পুনৰ বাৰিষা কালত তীব্ৰ ৰূপ ধাৰণ কৰাৰ আশংকাক লৈ চিন্তিত ২নং পদুমণিৰ নৈপৰীয়া ।

পদুমণিৰ ৰঙাগড়া ঘাটত ধনশিৰি নৈৰ তীব্ৰ খহনীয়া (ETV Bharat Assam)

স্থানীয় বিধায়কৰ লগতে বিভাগীয় মন্ত্ৰীলৈয়ো গৰাখহনীয়া ৰোধৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজৰ লগতে গোৰ্খা ছাত্ৰ সন্থাই । বাৰম্বাৰ আবেদন জনাইছে । ইয়াৰ পিছতো যদি গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰে তেতিয়াহ'লে বহু ভূমি খহনীয়াত বিনষ্ট হোৱাৰ লগতে পুনৰ কেইবাটাও পৰিয়ালৰ ক্ষতিসাধন হ'ব ।

Massive soil erosion in Sarupathar
পদুমণিৰ ৰঙাগড়া ঘাটত ধনশিৰি নৈৰ তীব্ৰ খহনীয়া (ETV Bharat Assam)

এই সন্দৰ্ভত সৰুপথাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি গৌতম চেত্ৰীয়ে কয়, "২০২৩ বৰ্ষতেই স্থানীয় বিধায়কক স্মাৰক পত্ৰ দিছিলো গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা । কিয়নো ধনশিৰি নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । জনপ্ৰতিনিধিৰ যেন কোনেও এই বিষয়ত গুৰুত্ব নাই । বিভাগীয় মন্ত্ৰলৈয়ো ই-মেইলযোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো সহাঁৰি নাপালো । বৰ্তমান ঘাটৰ ওচৰতেই ১৪/১৫ ঘৰ মানুহ আছে । বহু পৰিয়াল খহনীয়াৰ ফলত ইয়াৰ পৰা উঠি যাবলগীয়া হ'ল ।"

Massive soil erosion in Sarupathar
পদুমণিৰ ৰঙাগড়া ঘাটত ধনশিৰি নৈৰ তীব্ৰ খহনীয়া (ETV Bharat Assam)

এই সন্দৰ্ভত স্থানীয় মহিলা এগৰাকীয়ে কয়, "১০ বিঘা মান মাটি নদীয়ে নিলে । আমি খেতিয়ক মানুহ, দুখীয়া মানুহ। থাকিবলৈ ঠাই নোহোৱাৰ দৰেই । খহনীয়াই ঘৰলৈকে পালে । এতিয়া অন্য স্থানত ঘৰ বনাইছো । পুনৰ বাৰিষা আহিলে খহনীয়া হ'ব । ক'ত থাকিল আমি ? চৰকাৰলৈ অনুৰোধ যে খহনীয়া ৰোধৰ বাবে পাৰ বান্ধিব লাগে ।"

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিৰুদ্ধে ক্ষোভ: চৰকাৰলৈ অপেক্ষা নকৰি বাঁহেৰে মহাবাহুৰ গতি সলোৱাৰ চেষ্টা ৰাইজৰ

আৰু নোৱাৰিছো, আমাক বিহ দিয়ক… দুখ-দুৰ্দশাগ্ৰস্ত গাঁওবাসীৰ চৰকাৰলৈ আহ্বান