জোনাইত বাঢ়নী পানীয়ে কুঁৱাত পেলালে পলস; বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ
তীব্ৰ খাদ্য সংকট আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ বন্য়াৰ্তৰ ।

Published : June 30, 2026 at 12:46 PM IST
|Updated : June 30, 2026 at 1:31 PM IST
জোনাই : অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত অব্যাহত বান পৰিস্থিতিয়ে জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে । ধাৰাসাৰ বৰষুণ আৰু পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীৰ ফলত অঞ্চলটোৰ বহু গাঁও প্লাৱিত হৈছে । লগতে শতাধিক পৰিয়ালে ঘৰ-বাৰী এৰি নিৰাপদ স্থান আৰু অস্থায়ী আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে ।
বানৰ ফলত বহু ঠাইত তীব্ৰ খাদ্য সংকট আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ দেখা দিছে । কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা অসম-অৰুণাচল সীমান্তৱৰ্তী লেকু নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণ ৰূপে প্লাৱিত কৰে প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে খেতি আদি ।
বানপানীৰ পিছৰ ধ্বংসলীলাই ঘৰ-দুৱাৰৰ ক্ষতিসাধন, কৃষি পথাৰ নষ্ট আৰু বানাক্ৰান্তক আশ্ৰয়হীন কৰাৰ লগতে পানী শুকুৱাৰ পিছত এক ভয়ংকৰ অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে লেকু গাঁৱত । নদীখনৰ বাঢ়নী পানীয়ে পায়েং বস্তি, কেদি চুক, লেকু জেলমকে ধৰি কেইবাটাও চুবুৰীৰ শতাধিকৰো অধিক লোকৰ ঘৰ- দুৱাৰ, খেতি পথাৰ, পশুধনৰ পানীত ক্ষতি কৰিছে ।
এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "এনে পৰিস্থিতি আমি ইয়াৰ পূৰ্বে কাহানিও দেখা পোৱা নাছিলো । বানত ঘৰ-দুৱাৰ বিধ্বস্ত হৈছে । আটাইতকৈ ডাঙৰ সমস্য়া হৈছে ইয়াত থকা প্ৰায় ২০-২২টা কুঁৱা পানীত ডুব যোৱাবাবে এতিয়া পানী খোৱাটো অনুপযোগী হোৱাত বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজে সমস্য়াৰ সন্মুখীন হৈছে । এতিয়া পানী শুকাইছে যদিও খেতিপথাৰ বিধ্বস্ত হৈ পৰিছে । নদীৰ খহনীয়াও অব্য়াহত আছে ।"

আনহাতে গাঁৱৰ কুঁৱাত পলস পৰাত পানী খোৱাৰ বাবে অনুপযোগী হৈ পৰিছে । এতিয়া এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিছে লেকু গাঁৱৰ বন্য়াৰ্তই । তদুপৰি কেইবাখনো গাঁৱৰ কৃষিজীৱী ৰাইজৰ শালিধানৰ কঠীয়াৰ বিস্তৰ ক্ষতিসাধন কৰিছে ।

এনে দুৰ্যোগৰ সময়তে বানবিধ্বস্ত লোকসকলৰ কাষত থিয় দিছে জোনাইৰ সমাজসেৱক নগেন সোনাৰ । আত্মীয়-স্বজনৰ সহযোগত তেওঁ জোনাইৰ আদি লেকু আৰু কেডি চুক অঞ্চলৰ প্ৰায় ১০০টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিশুদ্ধ খোৱা পানী, বিস্কুট আদি বিতৰণ কৰে ।

বৰ্তমানেও বহু পৰিয়াল বানপানীৰ মাজতে আবদ্ধ হৈ থকাৰ লগতে দৈনন্দিন জীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈছে । খাদ্য আৰু বিশুদ্ধ পানীৰ অভাৱত বহু লোকে কঠিন সময় পাৰ কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত নগেন সোনাৰৰ এই মানৱীয় পদক্ষেপে বানবিধ্বস্ত পৰিয়ালসমূহলৈ কিছু সকাহ দিছে ।
লগতে পঢ়ক:জোনাইত বাঢ়নী পানীৰ সোঁতে ভাঙিলে ৰে'লৱে দলং, ৰে'ল যোগাযোগ বিচ্ছিন্ন, পানীত উটি গ'ল দুজন
ফোনযোগে বান পৰিস্থিতিৰ বুজ ল’লে অমিত শ্বাহে, বানত ক্ষতিগ্ৰস্ত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক

