ETV Bharat / state

গিবনৰ সমীপৰ বনভূমিত অগ্নিকাণ্ড : খবৰ ল'বলৈ আহৰি নাই বন বিভাগৰ

যি স্থানত জুইৰ সূত্ৰপাত হৈছে সেই স্থান বনৰীয়া হাতীৰ বিচৰণ ভূমি । দুষ্টচক্ৰই জ্বলাই দিয়াৰ সন্দেহ ৰাইজৰ ।

Fire in Jorhat
গিবনৰ সমীপৰ বনভূমিত অগ্নিকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 3:30 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : এছিয়াৰ বিৰল প্ৰজাতি গিবন আৰু অন্যান্য জীৱ-জন্তুৰে সমৃদ্ধ যোৰহাটৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড । অভয়াৰণ্যৰ সমীপৰ চাপৰি বনভূমিত বুধবাৰে নিশাৰ ভাগত হঠাতে জুইৰ সূত্ৰপাত হয় । কোনো দুষ্ট চক্ৰই গিবনৰ সমীপৰ বনভূমিত অগ্নি সংযোগ কৰা সন্দেহ কৰিছে ৰাইজে ।

ইফালে জুইৰ লেলিহান শিখাই পুখুৰীয়াৰ দেৱাগুড়িৰ সমীপৰ বৃহৎ চাপৰি এলেকাক আৱৰি ধৰে । সৌভাগ্যক্ৰমে কোনো লোক বা বনৰীয়া জন্তু এই জুইৰ পৰা ৰক্ষা পৰে । জানিব পৰা মতে এই স্থানেৰেই প্ৰায়ে বনৰীয়া হাতীৰ লগতে অন্যান্য জীৱ-জন্তু অহা যোৱা কৰে । লক্ষণীয়ভাৱে অগ্নিকাণ্ডৰ খবৰ বন বিভাগক দিয়াৰ পিছতো বিভাগৰ কোনো লোক তাত উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

গিবন অভয়াৰণ্যৰ সমীপৰ বনভূমিত অগ্নিকাণ্ড (ETV Bharat Assam)

অৱশ্যে বন বিভাগ লোকৰ অনুপস্থিতিত স্থানীয় লোকে কাষৰীয়া ভোগদৈ নৈৰ পৰা পানী যোগান ধৰি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । অৱশ্যে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই জুই । কাৰণ অঞ্চলটো দুৰ্গম হোৱাৰ বাবে সেই স্থানলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনো প্ৰৱেশ কৰিব নোৱাৰে । বৃহস্পতিবাৰে পুৱাৰ ভাগতো স্থানীয় ৰাইজ পুনৰ উক্ত স্থানত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে ।

Fire in Jorhat
গিবন অভয়াৰণ্যৰ সমীপৰ বনভূমিত অগ্নিকাণ্ড (ETV Bharat Assam)

এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয়, "নিশাৰ ভাগত গিবনৰ সমীপৰ পুখুৰীয়া দেৱাগুড়ি চাপৰিত জুইৰ সূত্ৰপাত হয় । এই জুই খৰাং হোৱা বাবে জ্বলিল নে কোনো দুষ্টচক্ৰই জ্বলাই দিলে সেয়া পোনপটীয়াকৈ কৈ দিব নোৱাৰি । যি স্থানত জুইৰ সূত্ৰপাত হৈছে সেই স্থানেৰে বনৰীয়া হাতীৰ বিচৰণ ভূমি ।" ইফালে অগ্নিকাণ্ডৰ খবৰ বন বিভাগক দিয়াৰ পিছতো নিশা এই স্থানলৈ বিভাগৰ নাহিলে বুলিও স্থানীয় লোকসকলে অভিযোগ কৰিছে ।

লগতে পঢ়ক :সোৱণশিৰিৰ বুকুত আশাৰ বতৰা : মাজুলীবাসীয়ে লাভ কৰিব এখন নতুন দলং