ETV Bharat / state

মহানগৰীৰ ভয়ংকৰ অগ্নিকাণ্ড; ১১ ঘণ্টাৰ পিছতো নিৰ্বাপন হোৱা নাই জুই

গুৱাহাটীৰ লগতে ইয়াৰ সমীপৱৰ্তী আন স্থানৰ পৰাও ২৫ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও বৰ্তমানলৈ জুই নিৰ্বাপন কৰিব পৰা হোৱা নাই ৷

Massive fire guts Sohum Emporia
মহানগৰীৰ Sohum Emporiaত অগ্নিকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 12:16 PM IST

|

Updated : December 10, 2025 at 1:00 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । মহানগৰীৰ এ বি চিস্থিত ছ’হম এম্পোৰিয়া (Sohum Emporia)ত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড । অট্টালিকাটোৰ ছটা মহলাতে চানি ধৰিছে জুয়ে । অগ্নিকাণ্ডত ভস্মীভূত কোটি-কোটি টকাৰ সামগ্ৰী । অৱশ্যে এই অগ্নিকাণ্ডত বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই ৷

মঙলবাৰৰ মাজনিশা প্ৰায় ১২.৩৫ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । বৰ্তমানো অট্টালিকাটো ক’লা ধোঁৱাই চানি ধৰি আছে । অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ পাছতেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপনৰ বাবে নিশাৰ পৰা অহৰহ চেষ্টা কৰি আছে যদিও বৰ্তমানলৈ জুই নুমুৱাবলৈ সক্ষম হোৱা নাই ।

মহানগৰীৰ Sohum Emporiaত অগ্নিকাণ্ড (ETV Bharat Assam)

অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই সদৰী কৰা অনুসৰি, নিশা প্ৰায় ১২.৩৫ অগ্নিনিৰ্বাপক বাহিনীলৈ এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছিল । ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল অগ্নিনিৰ্বাপক বাহিনীৰ লোক । নিশাৰ পৰাই অহৰহভাৱে জুই নুমাবলৈ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে কিন্তু ১১ ঘণ্টাৰ পাছতো অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ।

Massive fire guts Sohum Emporia
মহানগৰীৰ Sohum Emporiaত অগ্নিকাণ্ড (ETV Bharat Assam)

সূত্ৰটোৱে প্ৰকাশ কৰা মতে নিশা গুৱাহাটীৰ লগতে আন ঠাইৰ পৰা অহা ২৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমাবলৈ চেষ্টা অব্যাহত ৰাখিছিল । পুৱাৰ ভাগত আৰু বিভিন্ন ঠাইৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিছে । তদুপৰি এই অগ্নিকাণ্ড সূত্ৰপাত ক’ৰ পৰা বা কেনেদৰে হৈছে সেইয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, ছ’হম এম্পোৰিয়াত শ্বপিং মলৰ লগতে আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা ।

লগতে পঢ়ক : জুই, জুই; প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই নামৰূপ সাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

গোৱাৰ অগ্নিকাণ্ডত তিনি অসমীয়াৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

গোৱাৰ পৰা আহি বিয়াত বহাৰ কথা আছিল দিগন্তৰ, কামত যোগদান কৰাৰ প্ৰথমদিনাই মৃত্যুক সাবটিলে ৰাহুলে

Last Updated : December 10, 2025 at 1:00 PM IST