ETV Bharat / state

আৰু নোৱাৰিছো, আমাক বিহ দিয়ক… দুখ-দুৰ্দশাগ্ৰস্ত গাঁওবাসীৰ চৰকাৰলৈ আহ্বান

কিহৰ বাবে এনে এক কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছে এইখন অসমৰে এটা অঞ্চলৰ বাসিন্দাসকলে ?

EROSION IN LAKHIMPUR
এয়া সোৱণশিৰি... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 11:26 AM IST

5 Min Read
Choose ETV Bharat

লখিমপুৰ: কিমান দুখ পালে, অন্তৰত কিমান আঘাত পালে চৰকাৰক বিহ দিবলৈ আহ্বান জনাব পাৰে জনতাই । চৰকাৰৰ অৱহেলাত সৰ্বহাৰা হোৱা নাগৰিকে দুখৰ সাগৰত নিমজ্জিত হৈহে এনে আবেদন জনাব পাৰে । লখিমপুৰৰ এটা অঞ্চলৰ নাগৰিকৰ ক্ষেত্ৰত ঘটিছে এনে এক কৰুণ ঘটনা ৷

সমগ্ৰ ঘটনাটো কি ?

জিলাখনৰ এটা বিশেষ অঞ্চল হৈছে সোৱণশিৰিপৰীয়া পূৱ তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত গুৱালবাৰী, এচেৰাকটা মাজৰ চাপৰি অঞ্চল । উল্লেখ্য যে ২০২২ চনৰে পৰা এই অঞ্চলত আৰম্ভ হয় সোৱণশিৰিৰ খহনীয়া । যি খহনীয়া প্ৰতিৰোধৰ হকে চৰকাৰে ন্যূনতম ব্যৱস্থা গ্রহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে । আনকি অঞ্চলটোলৈ কোনো এজন জনপ্ৰতিনিধিও এবাৰলৈও দেখা নিদিয়াৰ উঠিছে অভিযোগ ৷

খহনীয়াৰ এই সমস্যা দীৰ্ঘদিনীয়া (ETV Bharat Assam)

ক্ৰমাৎ তীব্র ৰূপ ধাৰণ কৰা সোৱণশিৰিৰ এই খহনীয়াত গুৱালবাৰীৰ এশটা পৰিয়ালৰ ঘৰ-মাটি খহনীয়াত জাহ যায় । প্ৰায় এক কিলোমিটাৰ পৰ্যন্ত নদীখনে গাঁৱলৈ সোমাই আহে । শ শ হেক্টৰ কৃষিভূমি, বহু পৰিয়ালৰ ঘৰ-বাৰী জাহ যায় নদীত । যাৰ ফলত আশ্ৰয়বিহীন হৈ পৰে পৰিয়ালসমূহ ।

কৃষিপ্ৰধান অঞ্চলটোত খেতি কৰিবলৈ ঠাই নোহোৱা হৈ পৰে । অ’ত-ত’ত যি সামান্য খেতিৰ মাটি আছিল, তাত কৰা খেতিতো ভূতৰ ওপৰত দানহ পৰাৰ দৰে শস্যজনিত ৰোগে বিনষ্ট কৰে । মাটি মাহ, সৰিয়হ আদি সকলো শস্যতে বেমাৰ লাগিবলৈ ধৰে । ফলত উৱাদিহ হেৰুৱাই ৰাইজে ।

উল্লেখ্য যে, সোৱণশিৰিৰ দুই-তিনিটা ঘাট পাৰ হৈহে পাবগৈ পাৰি এই দুৰ্গম অঞ্চলটো । নদীৰ খহনীয়া, শষ্যক্ষেত্রত ৰোগ, চৰকাৰৰ অনীহাত এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজ মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে । প্ৰচণ্ড দুখ আৰু ক্ষোভত জীয়াই থকাৰ বাসনা সামৰি তেওঁলোকে চৰকাৰক বিহ দিবলৈ আহ্বান জনাইছে ।

অঞ্চলবাসীৰ অনুভৱ

অঞ্চলটোক ক্ৰমে গ্ৰাস কৰা সোৱণশিৰিৰ পাৰত ৰৈ জনগণে চৰম দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে । অঞ্চলটোৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা ইন্দুমতী দলেই চৰম ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘কি ক’ম ! ক’বলৈ ভাষা নাই । চৰকাৰে এতিয়াও খহনীয়া ৰোধ কৰিলে আমি যেনে-তেনে জীয়াই থাকিব পাৰিম । খেতি কৰিবলৈ মাটি নাথাকিলেও, হাজিৰা কৰি খালেও, ল’ৰা-ছোৱালীয়ে কাৰোবাৰ চাকৰ কৰিলেও নিশা আহি এমুঠি খাই শুবলৈ আমাক ঠাই অকণমান লাগে । নহ’লে চৰকাৰে আমাক বিহ খুৱাই মাৰক । গোটেই অঞ্চলটোৰ মানুহক বিহ দিয়ক । আমাক বিহ দিব লাগে আৰু একো নালাগে ।’’

চৰকাৰৰ এই অৱহেলাত দুঃখিত বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে কয়, ‘‘চৰকাৰে ঘৰ দিছে । আৰু কিবাকিবি দিছে । কিন্তু ঘৰ ক’ত বনাব ? ঘৰ বনাবলৈ মাটিয়েই নাই । সেয়ে আমাক বিহ দিয়াই ভাল । চৰকাৰে আমাক বিহ দিয়ক । চৰকাৰে যদি ইমানতে খহনীয়া ৰোধ কৰাৰ ব্যবস্থা কৰে, তেনেহ’লে আমি জীয়াই থাকিব পাৰিম ।’’

আনহাতে, চবিনাথ দলে নামৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকজনে কয়, ‘‘২০২২ চনৰ পৰা ইয়াত খহনীয়া হৈছে । শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, শ শ হেক্টৰ খেতিৰ মাটি নদীত জাহ গ’ল । কিন্তু কোনো মন্ত্রী বিধায়কে আজিলৈকে দেখা দিয়া নাই । তেওঁলোকে কি কাৰণে দেখা দিয়া নাই ? আমি মানুহ নহয় নে কি ? ভোটৰ আগত তেওঁলোকে আহি কৈছিল আমাক ভোট দিয়ক, খহনীয়া ৰোধ কৰিম । পিছে আজিলৈকে কোনো ব্যবস্থা গ্রহণ নকৰিলে । আমি দুখ পাইছো । মাটিমাহ, ধান, সৰিয়হ খেতি শেষ হৈ গ’ল । তেওঁলোকে যদি নাচায়, তেন্তে আমি কেনেকৈ জীয়াই থাকিম ।’’

অঞ্চলটোৰ এজন সচেতন যুৱক উৎপল দলেই কয়, ‘‘গুৱালবীৰী, মাজৰ চাপৰি, এচেৰাকটা এই তিনিখন গাঁৱত খহনীয়া হৈ আছে । এশ পৰিয়ালৰ ঘৰ-বাৰী জাহ গ’ল । গাঁও বুলিবলৈ নাই । আমি চৰকাৰক কাতৰ অনুৰোধ জনাইছো । আমাক সোৱণশিৰিৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যবস্থা কৰি দিয়ক ।’’

‘‘আগতে এই অঞ্চলটো লখিমপুৰ বিধানসভা সমষ্টিত আছিল । পাছত চক্ৰান্ত কৰি নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত কৰে । খহনীয়াত বিপৰ্যস্ত এই অঞ্চলৰ ৰাইজৰ বিননি কোনে শুনিব ! ঘূণাসুঁতিত এসময়ত জংকী-পানৈয়ে কান্দিছিল । এতিয়া এই অঞ্চলৰ ৰাইজে কান্দিছে । ৰাতি ৰাতি মানুহে কান্দিবলগীয়া হৈছে । নিশা হ’লেই খহনীয়াৰ প্ৰকোপ বৃদ্ধি হয় । নৈপৰীয়া তিনিশটা পৰিয়ালৰ ইতিমধ্যে এশ পৰিয়ালৰ ঘৰ-বাৰী জাহ গ’ল । চৰকাৰে ইমানো অন্যায় কৰিব নালাগিছিল । মুখ্যমন্ত্রীয়ে উচ্ছেদ কৰি মাটি ৰক্ষা কৰিব নালাগে । এই অঞ্চলৰ যি হেজাৰ হেজাৰ হেক্টৰ মাটি সোৱণশিৰিত জাহ গৈছে, সেই মাটিবোৰ ৰক্ষা কৰক’’ - আন এজন লোক জয়প্ৰকাশ দাসে এনেদৰে কয় ৷

উল্লেখ্য যে, সোৱণশিৰিৰ কোপদৃষ্টিত পৰা অঞ্চলটোৰ ৰাইজ আজি সকলো দিশতে বঞ্চিত । ৰজাঘৰীয়াৰ অৱহেলাই দুৰ্দশা বঢ়াইছে ৰাইজৰ । নদীৰ বুকুলৈ চাই হুমুনিয়াহ কাঢ়ি অনিশ্চিত এক জীৱন কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । যাৰ বাবে চৰম দুখ আৰু ক্ষোভত চৰকাৰক বিহ দিবলৈ আহ্বান জনাইছে এইসকল জনগণে ৷

লগতে পঢ়ক: ২০২৬ ত এশ শতাংশই এন ডি এই চৰকাৰ কৰিব ; হাগ্ৰামা মহিলাৰী