কামপুৰত নিশাৰী নৈৰ ব্যাপক খহনীয়া: নৈপৰীয়া ৰাইজৰ হাহাকাৰ
নৈখনৰ পশ্চিম পাৰে মথাউৰি হ'ল যদিও পূব পাৰে তেনেকৈয়ে থাকিল ।

Published : August 19, 2026 at 1:37 PM IST
বঢ়মপুৰ: ৰাজ্যৰ বিভিন্ন ঠাইত বান আৰু খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইতিমধ্য়ে খহনীয়াৰ কবলত পৰি বহুতে ভেঁটি-মাটি হেৰুৱাইছে । বহু ঠাইত শিক্ষানুষ্ঠান আদি নদীৰ বুকুত জাহ গৈছে ।
নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেঁতেলীসৰাতো নিশাৰী নৈয়ে ব্যাপক খহনীয়া সৃষ্টি কৰাত নৈপৰীয়া কেইবাটাও পৰিয়াললৈ অশনি সংকেত কঢ়িয়াই আনিছে । নিশাৰী দলঙৰ কাষতে নৈৰ পূব দিশত হোৱা ব্যাপক খহনীয়াৰ ফলত গছ-বাঁহ আদি নৈৰ বুকুত জাহ গৈছে । বিগত বহু বছৰ ধৰি খহনীয়া অব্য়াহত থকাৰ পিছত শেহতীয়াভাৱে যোৱা এটা বছৰত খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে । সেইবাবে এই পৰিয়ালকেইটা চিন্তান্বিত হৈ পৰিছে ।
স্থানীয় ৰাইজে নিশাৰী নৈৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ বাবে দাবী জনাই অহিছে । নৈখনৰ পশ্চিম পাৰে মথাউৰি হ'ল যদিও পূব পাৰে মথাউৰি নিৰ্মাণ নকৰা বাবেই এই খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে । স্থানীয় ৰাইজে বহুবাৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক এই খহনীয়া সম্পৰ্কত আৱেদন নিবেদন কৰিছে যদিও আজিলৈকে কোনো সুফল লাভ কৰা নাই ।
এই সম্পৰ্কত তেঁতেলীসৰাৰ এজন স্থানীয় ব্য়ক্তি সঞ্জীৱ বৰাই সংবাদ মাধামৰ আগত কয়, "এইটো বঢ়মপুৰ সমষ্টিৰ তেঁতেলীসৰা পঞ্চায়তৰ ৫নং ৱাৰ্ড । আমি ইয়াৰ স্থায়ী বাসিন্দা । বছৰি বছৰি এই গৰাটো খহি আছে । আমি যোৱা বছৰেই বিধায়কক অৱগত কৰি আহিছো । নদীৰ সিপাৰে যিটো গৰাখহনীয়া আছিল এখন খেলপথাৰক সুৰক্ষা দিবলৈ গৈ বান্ধ নিৰ্মাণ কৰিলে । ফলত পানী এই পাৰলৈ আহিল । সেইবাবে এই গছ খহি ঘৰৰ পিৰালি পালেহি । এয়া আমাৰ ম্যাদীপট্টাৰ মাটি । আমি সৰুৰে পৰা দেখিছো ইয়াত এখন ডাঙৰ ঠাই আছিলে । বছৰে বছৰে খহিয়েই আছে । এইখিনিৰ পৰা আগলৈ প্ৰায় এশ মিটাৰ ওপৰত হ'ব । আমি বিমোৰত পৰিছো । ভৱিষ্যতে আমি ইয়াৰ পৰা যাব লগা হ'ব পাৰে ।"
তেওঁ আৰু কয়, "এই খহনীয়া যোৱা বছৰৰ পৰা বেছি হৈছে । যোৱা বছৰ আমি বিধায়কক অৱগত কৰিছিলো আৰু তেওঁ আশ্বাসো দিছিলে; কিন্তু বিভাগীয় কৰ্তৃপক্ষই কি হৈছে কি নাই হোৱা অজিলৈকে চাবলৈয়ে নাহিলে । এতিয়া গছ-বাঁহগছ খহি গৈছে । যোৱা বছৰো গছ খহি এফাল গুছি গ'ল, তিনি-চাৰিদিনৰ আগত এইখিনি খহিছে । আজিও লাহে লাহে খহি গৈ আছে, ২০-৩০ ফুট আছে পিৰালিৰ কাষ পাবলৈ ।"
লগতে পঢ়ক:কলগাছিয়াত খহনীয়াৰ কালৰূপ; পাঁচ বছৰত বেঁকী নদীত জাহ অৰ্ধশতাধিক শিক্ষানুষ্ঠান
উৰিয়ামঘাটত ৰেংমা নদীৰ খহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়া ৰাইজৰ
লখিমপুৰ নগৰৰ ৰক্ষাকৱচত আঘাত: ৰঙানৈয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ দুৰ্যোগ

