জয়পুৰৰ কলা শিবিৰত জিলিকিল মাজুলীৰ মুখাশিল্প; দেশৰ ২০ প্ৰখ্যাত শিল্পীৰে অংশগ্ৰহণ খগেন গোস্বামীৰ
যোৱা ১ জুনৰ পৰা ৫ জুনলৈকে আয়োজিত এই পাঁচদিনীয়া ‘লোক আৰু সমসাময়িক কলা শিবিৰ’ত দেশৰ ১৪ খন ৰাজ্যৰ ২০ গৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰিছে ।

Published : June 5, 2026 at 3:35 PM IST
মাজুলী: সত্ৰীয়া সংস্কৃতিৰ অনন্য কলা হৈছে মাজুলীৰ মুখাশিল্প । ইতিমধ্যে দেশ-বিদেশত সমাদৃত হৈছে এই মুখাশিল্প । লগতে দেশী-বিদেশী পৰ্যটকে আহি এই মুখাশিল্পৰ ওপৰত অধ্যয়ন-গৱেষণাৰ লগতে ইয়াৰ নিৰ্মাণৰ প্ৰশিক্ষণো লৈছে । তেনেদৰেই ৰাজ্যৰ পৰিধি ভেদ কৰি দেশ-বিদেশৰ ভূমিত অসমৰ এই বিশেষ শিল্পৰ প্ৰচাৰ তথা প্ৰসাৰ ঘটাইছে । এইবাৰ ৰাজস্থানত উজলিল ঐতিহ্যমণ্ডিত মুখাশিল্প ।
ৰাজস্থানৰ জয়পুৰস্থিত ৰাজস্থান ইণ্টাৰনেচনেল চেণ্টাৰত বৰ্তমান অনুষ্ঠিত হৈছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যতিক্ৰমী কলা সংযোগ । উদয়পুৰৰ ৱেষ্ট জ’ন কালচাৰেল চেণ্টাৰ আৰু ৰাজস্থান ইণ্টাৰনেচনেল চেণ্টাৰৰ যুটীয়া উদ্যোগত যোৱা ১ জুনৰ পৰা ৫ জুনলৈকে আয়োজিত এই পাঁচদিনীয়া ‘লোক আৰু সমসাময়িক কলা শিবিৰ’ত দেশৰ ১৪ খন ৰাজ্যৰ ২০ গৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰিছে ।
ভাৰতৰ হেজাৰ বছৰীয়া পুৰণি পৰম্পৰাগত লোককলা আৰু আধুনিক সমসাময়িক কলাৰ মাজত এক গভীৰ যোগসূত্ৰ স্থাপন কৰাই হৈছে এই শিবিৰৰ মূল উদ্দেশ্য ।
এই ৰাষ্ট্ৰীয় মঞ্চত অসমৰ বাবে এক অত্যন্ত গৌৰৱপূৰ্ণ তথা উল্লেখনীয় বিষয় হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পৰ সজীৱ প্ৰদৰ্শন । মাজুলীৰ বিখ্যাত নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী খগেন গোস্বামীয়ে এই শিবিৰত অসমক প্ৰতিনিধিত্ব কৰিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি এই মুখাশিল্পক তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কলা অনুৰাগী আৰু শিল্পী সমাজৰ সন্মুখত কৰ্মশালাৰ জৰিয়তে দাঙি ধৰিছে ।

মুখাশিল্পী খগেন গোস্বামীয়ে জানিবলৈ দিয়া মতে, "মাজুলীৰ চামগুৰি সত্ৰৰ পৰা আহি জয়পুৰৰ এই বিশেষ অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ২০ জন মহান শিল্পীক একেলগে লগ পাই আৰু বাৰ্তালাপ কৰি খুব ভাল লাগিছে । মই আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ঐতিহ্যমণ্ডিত মুখাশিল্পক লৈ ইয়াত উপস্থিত হৈছোঁ । অসমৰ হৈ এই ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰিবলৈ পাই মই পৰম সৌভাগ্যবোধ কৰিছোঁ । মোৰ গুৰু, পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱৰ সান্নিধ্য আৰু নেতৃত্বতে মই এই শিক্ষা লাভ কৰিছিলোঁ । তেখেতৰ চৰণত প্ৰণাম জনাই মই সমগ্ৰ অসমবাসী তথা মাজুলীবাসীৰ পৰা আশীৰ্বাদ ভিক্ষা কৰিছোঁ ।"
তেওঁ লগতে উল্লেখ কৰে যে অসমৰ শিলচৰৰ পৰা যোৱা আন এগৰাকী শিল্পী বাপন পালেও বাঁহ-বেতৰ পৰম্পৰাগত শিল্পৰ জৰিয়তে এই শিবিৰত অংশগ্ৰহণ কৰিছে ।

শিবিৰৰ বিশেষ আকৰ্ষণসমূহৰ ভিতৰত আছে গুজৰাটৰ পিথোৰা কলাৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা পৰেশ ৰাথৱা, ৰাজস্থানৰ মোগল মিনিয়েচাৰ আৰ্টৰ বাবে চাকিৰ আলী আৰু বিহাৰৰ মধুবাণী কলাৰ বিশিষ্ট শিল্পী দুলাৰী দেৱী । একেদৰে সমসাময়িক আধুনিক কলাৰ শাখাত দেশৰ বহু নামকৰা ভাস্কৰ, চিত্ৰশিল্পী আৰু গৱেষকে অংশগ্ৰহণ কৰিছে ।
ইফালে অনুষ্ঠানটো সন্দৰ্ভত ৰাজস্থান ইণ্টাৰনেচনেল চেণ্টাৰৰ কিউৰেটৰ নিখাত আনচাৰীয়ে জানিবলৈ দিয়ে, "ৰাজস্থান ইণ্টাৰনেচনেল চেণ্টাৰ আৰু ৱেষ্ট জ’ন কালচাৰেল চেণ্টাৰ, উদয়পুৰৰ উদ্যোগত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্ট কেম্পৰ আয়োজন কৰা হৈছে । ইয়াত ১০ গৰাকী সমসাময়িক শিল্পী আৰু ১০ গৰাকী লোকশিল্পীসহ মুঠ ২০ গৰাকী শিল্পীয়ে অংশ লৈছে । ইয়াত আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ দুৰ্লভ কলাসমূহ প্ৰদৰ্শনৰ চেষ্টা কৰা হৈছে, য’ত গুজৰাটৰ পিথোৰা কলাৰ পৰা আৰম্ভ কৰি অসমৰ খগেন গোস্বামীৰ দ্বাৰা নিৰ্মিত ঐতিহাসিক মুখাশিল্প আৰু বাঁহৰ বিশেষ শিল্পও অন্তৰ্ভুক্ত হৈছে ।"

