ETV Bharat / state

৫ হাজাৰ কিঃমিঃ চাইকেলেৰে যাত্ৰা সামৰি মৰিয়নীত উপস্থিত ৰিকি আৰু 'পা'

চাৰিমাহৰ পাছত পুনৰ চাইকেলেৰে মৰিয়নীত উপস্থিত হ'ল ৰিকি ফুকন নামৰ যুৱকজন ৷

Jorhat News
কেদাৰনাথ যাত্ৰা পথত ৰিকি আৰু 'পা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 4:29 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: অসমৰ পৰা ৫,০০০ কিলোমিটাৰৰ দূৰত্বত অৱস্থিত কেদাৰনাথলৈ চাইকেলেৰে দুঃসাহসিক যাত্ৰা সম্পূৰ্ণ কৰিলে মৰিয়নীৰ ৰিকি ফুকন নামৰ যুৱকজনে ৷

সাহস আৰু অটল সংকল্পৰে চলিত বৰ্ষৰ ১০ এপ্ৰিলত অসমৰ পৰা কেদাৰনাথ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ৰিকি ফুকনে ৷ লগত আছিল ৰিকিৰ মৰমৰ 'পা' নামৰ পোহনীয়া কুকুৰটো ৷

মৰিয়নীৰ পৰা কেদাৰনাথলৈ চাইকেলেৰে সফল যাত্ৰা ৰিকি ফুকনৰ (ETV Bharat Assam)

মৰিয়নীৰ ১৭ বছৰীয়া ৰিকিয়ে মৰমৰ 'পা'ক লগত লৈ চাইকেলেৰে অসমৰ পৰা কেদাৰনাথলৈ যাত্ৰা কৰিছিল ৷ প্ৰায় চাৰি মাহ ধৰি চলা এই যাত্ৰাকালত কঠিন পথ, প্ৰতিকূল বতৰ আৰু অসংখ্য প্ৰত্যাহ্বানৰ মাজেৰে কেদাৰনাথত উপস্থিত হৈছিল ৰিকি আৰু 'পা' ৷ এই যাত্ৰা সামৰি সোমবাৰে পুনৰ মৰিয়নীৰ ঘৰত ৰিকি আৰু তেওঁৰ মৰমৰ 'পা' উপস্থিত হয় ৷

Jorhat News
কেদাৰনাথলৈ বুলি... (ETV Bharat Assam)

এই সমগ্ৰ যাত্ৰা সম্পৰ্কত ৰিকিয়ে সংবাদ মাধ্যমক কয়, "১০ এপ্ৰিলত মৰিয়নীৰ পৰা এখন চাইকেলেৰে এটা তম্বু আৰু মোৰ কুকৰজনীক লগত লৈ কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰিছিলো ৷ ৪৫ দিনত আমি কেদাৰনাথ পাইছিলো ৷ চাৰি মাহৰ পিছত মই অসমলৈ ঘূৰি আহিছো ৷ বহুদিনৰ পিছত ঘৰলৈ আহিছো, মনটো ভাল লাগিছে । এই যাত্ৰা পথত মই বিভিন্ন ৰাজ্যৰ মাজেৰে গৈছিলো, সেইখিনি সময়ত ৰাইজে মোক যথেষ্ঠ সহায় কৰিছিল । এই সময়ছোৱাত বিভিন্ন ঠাইত মোৰ আশ্ৰয়স্থল আছিল পে'ট্ৰল পাম্প আৰু মন্দিৰসমূহ । সেই ঠাইসমুহত মই তম্বু লগাই নিশা তাতেই আশ্ৰয় গ্ৰহণ কৰিছিলো ৷ সেই সময়ত মোৰ সাৰথি আছিল 'পা' ৷

Jorhat News
কেদাৰনাথ যাত্ৰা পথত ৰিকি আৰু তেওঁৰ সহযাত্ৰী 'পা' (ETV Bharat Assam)

দুঃসাহসী যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি ৰিকিয়ে কয়, "অসমত কুকুৰৰ বাবে পুনৰসংস্থাপন কেন্দ্ৰ হ'ব লাগে আৰু মৰিয়নীতো তেনেকুৱা এটা কুকুৰ উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰ হোৱাটো দৰকাৰ ৷ সেই উদ্দেশ্যেৰে মই মোৰ যাত্ৰা আৰম্ভা কৰিছিলো ৷"

লগতে পঢ়ক : শিৱসাগৰৰ বিজি-শিমলুগুৰি সংযোগী পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ