গুৱাহাটীত চিআৰপিএফৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে চি আৰ পি এফৰ পেৰেড ৷

Published : February 21, 2026 at 9:18 PM IST
গুৱাহাটী : মাত্ৰ দুটা বেটেলিয়নৰ পৰা যাত্ৰা আৰম্ভ কৰি ২৪৮টা বেটেলিয়ন আৰু ৩২৫,০০০ কৰ্মীৰে আজি বিশ্বৰ সৰ্ববৃহৎ চি এ পি এফ হিচাপে পৰিগণিত হোৱা চি আৰ পি এফৰ গুৱাহাটীত ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ ঘোষণা—“চি আৰ পি এফে মাওবাদী সমস্যা নিৰ্মূল কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু ৩১ মাৰ্চৰ পূৰ্বে দেশক মাওবাদৰ পৰা মুক্ত কৰিব ৷”
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শনিবাৰে অসমৰ গুৱাহাটীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ ৮৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয়, “৮৬ বছৰ ধৰি চি আৰ পি এফে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন, বীৰত্ব, ধৈৰ্য, সাহস আৰু আত্মবলিদানৰ জৰিয়তে দেশৰ আভ্যন্তৰীণ সুৰক্ষাক সুদৃঢ় কৰি আহিছে ।

লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চি আৰ পি এফ অবিহনে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা কল্পনাই কৰিব নোৱাৰি বুলি উল্লেখ কৰি কয়, “প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে অৰ্থাৎ ৮৬ বছৰত চি আৰ পি এফে কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাৰ বাবে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ এক শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ ফলাফলো লাভ কৰি আহিছে ।

লগতে, দেশখনক সুৰক্ষিত কৰি ৰখাৰ বাবে চি আৰ পি এফৰ ২,২৭০ জোৱানে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰাৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় যে ১১-১২ বছৰ পূৰ্বে দেশত জম্মু আৰু কাশ্মীৰ, মাওবাদ প্ৰভাৱিত অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে তিনিটা প্ৰধান হটস্পট আছিল, যি দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল । আজি তিনিওটা স্থানত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে ।

অমিত শ্বাহে কয়, “এই তিনিওটা হটস্পটত বোমা বিস্ফোৰণ, গুলীবৰ্ষণ, বন্ধ, অৱৰোধ আৰু ধ্বংসাত্মক কাৰ্যকলাপ এটা সময়ত প্ৰধান ঘটনা আছিল, কিন্তু এতিয়া এই তিনিওটা ক্ষেত্ৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে, যি সমগ্ৰ দেশৰ বিকাশক আগুৱাই লৈ গৈছে । তেওঁ কয় যে চি আৰ পি এফৰ এই শ্বহীদসকলৰ ত্যাগ অবিহনে এই তিনিওটা হটস্পটক বিকাশৰ পথত আগুৱাই নিয়াটো অসম্ভৱ হ'লহেঁতেন ।”

লগতে, মাত্ৰ ২টা বেটেলিয়নেৰে যাত্ৰা আৰম্ভ হৈছিল আৰু আজি ২৪৮টা বেটেলিয়নেৰে আৰু ৩.২৫লাখ কৰ্মীৰে চি আৰ পি এফ বিশ্বৰ সৰ্ববৃহৎ চি এ পি এফ হিচাপে পৰিগণিত হৈছে । সমগ্ৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত চি আৰ পি এফৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ উল্লেখ কৰে ।
দেশক মাওবাদীৰ হাতোৰাৰ পৰা মুক্ত কৰিবলৈ চি আৰ পি এফৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি শ্বাহে কয়, “দেশৰ ১২খন ৰাজ্য আৰু অগণন জিলাত মাওবাদীয়ে বিস্তাৰ লাভ কৰিছিল আৰু যেতিয়া ভাৰত চৰকাৰে এই ভাবুকি উৎখাত কৰাৰ সংকল্প লয় তেতিয়া চি আৰ পি এফ আৰু কোব্ৰা বাহিনীৰ জোৱানসকলে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।”

তেওঁ কয়, “ইমান বৃহৎ, জটিল আৰু কঠিন কাম মাত্ৰ তিনিটা বছৰত সম্পূৰ্ণ কৰা হৈছে আৰু চি আৰ পি এফৰ জোৱানসকলৰ বাবে আমি আত্মবিশ্বাসৰ সৈতে ক'ব পাৰো যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশখন সম্পূৰ্ণৰূপে মাওবাদমুক্ত হ'ব ।”
গৃহমন্ত্ৰী শ্বাহে কয় যে অপাৰেশ্যন ব্লেক ফৰেষ্টৰ অধীনত চি আৰ পি এফৰ জোৱানসকলে অতিশয় প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতিত, ৪৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা সহ্য কৰি ২১ দিন ধৰি অভিযান চলাইছিল আৰু মাওবাদীৰ ঘাটি ধ্বংস কৰিছিল । তেওঁ কয় যে চি আৰ পি এফৰ জোৱানসকলে অসাধাৰণ সাহস প্ৰদৰ্শন কৰি ৪৫ ডিগ্ৰী চেলছিয়াছৰ তাপমাত্ৰাত উত্তপ্ত শিলৰ পাহাৰত ২১ দিন ধৰি অভিযান চলাই এক ইঞ্চিও পিছ হুঁহকি অহা নাছিল আৰু শেষত মাওবাদীৰ কৌশলগত ঘাটি ধ্বংস কৰিবলৈ সক্ষম হৈছিল । তেওঁ কয় যে চি আৰ পি এফ আৰু কোব্ৰা ফ'ৰ্চে মাওবাদীৰ সন্ত্ৰাসবাদ (Red Terror)ৰ পৰা দেশক মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

