সেউজীয়াৰ বুকুত অলপ সময়, ডিমৰীয়াৰ অনাবিল সৌন্দৰ্য আৰু বনভোজৰ উচাহ
নৱবৰ্ষৰ প্ৰাকক্ষণত বিভিন্ন বনভোজস্থলীলৈ আগমন ঘটিছে অগণন বনভোজকাৰী দলৰ । ইয়াৰ ভিতৰত আপুনি বাচনি কৰিব পাৰে এক বিশেষ স্থান । পঢ়ক এই প্ৰতিবেদন ।

Published : December 25, 2025 at 9:58 PM IST
সোণাপুৰ: কংক্ৰিটৰ মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি অলপ নিৰিবিলি পৰিৱেশ বিচাৰিছে নেকি ? তেন্তে আপোনাৰ বাবে উপযুক্ত গন্তব্যস্থান হ’ব পাৰে বৈচিত্র্যময় ডিমৰীয়া । গুৱাহাটীৰ নিচেই কাষতে থকা এই অঞ্চলটোত প্ৰকৃতিৰ যি অপৰূপ দান আছে, সেয়া অনন্য ।
প্ৰকৃতিৰ কোলাত ডিমৰীয়া:
তীব্ৰ যান-জঁট আৰু ব্যস্ত জীৱনৰ পৰা আঁতৰি সেউজীয়াৰ মাজত বিলীন হ’বলৈ বহুতে হেঁপাহ কৰে । সেয়ে হয়তো ব্যস্ততাময় জীৱনক একাষৰীয়া কৰি এটা দিন পৰিয়াল-পৰিজনৰ সৈতে এসাঁজ বনভাত খাবলৈ অনেকে পচন্দ কৰি লয় মহানগৰীৰ কাষৰে ডিমৰীয়াৰ বনভোজস্থলীসমূহ ।
নৱবৰ্ষৰ প্ৰাকক্ষণত পূৰ্বৰ দৰে বনভোজৰ দলসমূহে ভিৰ কৰিছেহি ডিমৰীয়া টোপাতলীৰ উমচিয়াং নৈৰ পাৰ, ক্ষেত্ৰী টেঘেৰিয়াৰ জলপ্ৰপাত, সোণাপুৰ নাজিৰাখাটৰ গণেশ মন্দিৰ আৰু ডিগাৰু ঘগুৱাৰ সীমু দোঙকে মুখ্য কৰি বিভিন্ন স্থানত ।
টোপাতলীৰ উমচিয়াং নৈ: এক জলতৰংগ
বনভোজৰ অন্যতম কেন্দ্ৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ৩ কিল’মিটাৰ দূৰত্বৰ পাহাৰীয়া একা-বেঁকা পথেৰে আগবাঢ়িলে পোৱা যায় উমচিয়াং নৈ । অসম-মেঘালয় সীমান্তৰ এই পাহাৰীয়া নৈখনৰ দুয়োপাৰে ডিচেম্বৰ-জানুৱাৰী মাহত বনভোজৰ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় । খৰস্ৰোতা নৈখনৰ শিলৰ ফাঁকে ফাঁকে বৈ অহা স্ফটিক যেন পানীৰ শব্দই যিকোনো লোকৰ মন মুহিব পাৰে । নিৰ্জন অৰণ্যত পৰিয়ালৰ সৈতে এসাঁজ বনভাত খোৱাৰ তৃপ্তিয়ে সুকীয়া ।

টেঘেৰীয়া জলপ্ৰপাত আৰু নাজিৰাখাট:
প্ৰকৃতিপ্ৰেমীৰ আন এক আকৰ্ষণ হ’ল ক্ষেত্ৰীৰ টেঘেৰীয়া জলপ্ৰপাত । পাহাৰৰ উচ্চতাৰ পৰা জিৰিজিৰিকৈ বৈ অহা জলধাৰাই এক অনন্য পৰিৱেশ সৃষ্টি কৰিছে । আনহাতে, বুৰঞ্জী আৰু স্থাপত্যৰ প্ৰতি আগ্ৰহীসকলে নাজিৰাখাটৰ একাদশ-দ্বাদশ শতিকাৰ শৈল ভাস্কৰ্য দৰ্শন কৰাৰ লগতে কৰ্চিয়া জুৰিৰ পাৰত জিৰণি ল’ব পাৰে ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত এক বিশেষ শূন্যতা:
প্ৰতিবছৰৰ দৰে এইবেলিও বনভোজৰ থলীসমূহত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ গুঞ্জন শুনা গৈছে । কিন্তু নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজ খাবলৈ অহা বহুতৰ মাজত এক বিৰাট শূন্যতাই বিৰাজ কৰিছে । অনেকে স্মৰণ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ।

ৰঙিয়া মডেল হাস্পতালৰ পৰা অহা এগৰাকী বনভোজকাৰীয়ে আৱেগিক হৈ কয়, "জুবিনদাৰ অবিহনে নৱবৰ্ষটো উকা উকা লাগিছে । যেতিয়া আমি 'জুবিনক্ষেত্ৰ' পাৰ হৈ আহিছোঁ, মনত এক বেলেগ অনুভৱ হৈছে । আমাৰ প্ৰতিটো পুৱা আৰু নিশা তেওঁৰ গীতৰে আৰম্ভ হয় । তেওঁৰ স্থান কোনেও পূৰণ কৰিব নোৱাৰে ।"

মৰিগাঁৱৰ এজন যুৱকে প্ৰকাশ কৰা অনুসৰি, "এই মনোৰম প্ৰকৃতিয়েও যেন জুবিন দাৰ বাবে কান্দিছে ।" 'জুবিনক্ষেত্ৰ'ৰ নিচেই ওচৰতে থকা টেঘেৰীয়াৰ বনভোজকাৰীসকলে চৰকাৰক আহ্বান জনাইছে যাতে শিল্পীগৰাকীয়ে অতি সোনকালে উচিত ন্যায় লাভ কৰে । সেউজীয়াৰ এই আমন্ত্ৰণ ৰক্ষা কৰি এবাৰ ডিমৰীয়াৰ বুকুলৈ আহিব পাৰে যিকোনো প্ৰকৃতিপ্ৰেমী, বনভোজৰ দল ।

