ETV Bharat / state

নগাঁৱৰ বাইপাছত যেন ৰৈ আছিল শনি ! বাটৰ পৰাই লুটি খাই পৰিল যাত্ৰীবাহী বাছ

দুৰ্ঘটনাত আহত ১১ গৰাকীকৈ যাত্ৰী । গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ আছিল বাছখন ।

many Injured as Traveller Vehicle Overturns in Nagaon near Borghat Bypass
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 2:25 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : এয়া কি ! মূল পথৰ পৰা বাগৰি আহিল এখন যাত্ৰীবাহী বাহন ৷ চাৰিওফালে লাগি গ’ল হুৱাদুৱা ৷ শুনিবলৈ পোৱা গ’ল কেৱল কান্দোনৰ ৰোল ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন দেখি দৌৰি আহিল প্ৰত্যক্ষদৰ্শীও ৷

কোনোবাই যদি কোনো যাত্ৰীক দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা নমাবলৈ চেষ্টা কৰিছে, আনজনে আকৌ আৰক্ষী আৰু এম্বুলেঞ্চক খবৰ দিছে ৷ আনহাতে এই কালিকা লগা বাছখন থকা কিছু আহত যাত্ৰীয়ে ভিৰৰ মাজত বিচাৰিছে আপোনজনক ৷ মুঠৰ ওপৰত এক হুলস্থূলীয়া পৰিৱেশ ৷

বাটৰ পৰাই লুটি খাই পৰিল যাত্ৰীবাহী বাছ (ETV Bharat Assam)

এই দুৰ্ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ বৰঘাটৰ বাইপাছৰ সমীপত ৷ শনিবাৰে পুৱাই এই যাত্ৰীবাহী বাহনখনৰ বাবে যেন বাটত ৰৈ আছিল শনি ! শনিবাৰে পুৱাই নগাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতভাৱে আহত হয় ১১ গৰাকী যাত্ৰী ।

স্থানীয় এগৰাকী লোকে উল্লেখ কৰা মতে, ‘‘দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাহনখন গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ আছিল ৷ দ্ৰুতবেগেৰে গৈ থকাৰ ফলতে ‍AS01SC 4640 নম্বৰৰ যাত্ৰীবাহী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই নগাঁও বৰঘাটৰ বাইপাছৰ সমীপত পথৰ কাষত বাগৰি পৰে ।’’

many Injured as Traveller Vehicle Overturns in Nagaon near Borghat Bypass
দুৰ্ঘটনাত পতিত গুৱাহাটী-মাজুলী অভিমুখী যাত্ৰীবাহী বাছ (ETV Bharat Assam)

তাৰ পাছতে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক আৰু আহত লোকসলক উদ্ধাৰৰ বাবে তৎপৰতা আৰম্ভ কৰে । পৰৱৰ্তী সময়ত বৰঘাট থানাৰ আৰক্ষীৰ লগতে নগাঁও আৰক্ষীৰ যান-বাহন শাখাৰ আৰক্ষীও উক্ত স্থানত উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আটাইকেইগৰাকী যাত্ৰী । দুৰ্ঘটনাত আহত ১১ গৰাকী যাত্ৰীৰ দুই-এজন গুৰুতৰভাৱে আহত হয় যদিও আটাইকেইগৰাকী যাত্ৰীয়েই সংকটমুক্ত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : উন্নয়নৰ নামত শূন্য, বিধায়ক শ্বেৰমান আলীক পৰাজয়ৰ বেদনা দিবলৈ সাজু সমষ্টিবাসী