ETV Bharat / state

আদবাটতে ৰৈ আছিল কাল, হাস্পতাল নাপালেগৈ... ঢেকীয়াজুলি NH-১৫ ত ৰোগীসহ ৭ জনৰ মৃত্যু

ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা । ৰোগীসহ নিহত কেবাজনো । সংকটজনক অৱস্থাত এজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ ৷

MANEY Patients Killed in Tragic Road Accident in Dhekiajuli NH-15
ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 23, 2026 at 1:04 AM IST

|

Updated : March 23, 2026 at 10:54 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন ট্ৰাক আৰু ৰোগী কঢ়িয়াই অনা এখন এম্বুলেঞ্চলৰ মুখামুখি সংঘৰ্ষত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন এজন লোক ৷

প্ৰাপ্ত তথ্য মতে, তেজপুৰৰ পৰা গুৱাহাটী দিশে গৈ থকা ট্ৰাকখনৰ সৈতে বিপৰীত দিশত টুলিপ চাহ বাগিচাৰ পৰা ঢেকীয়াজুলি চিকিৎসালয়লৈ ৰোগী আনি থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত ৬ জন লোক থিতাতে নিহত হোৱাৰ আন দুজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ চিকিৎসাৰ বাবে অনা হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে আন এজন লোকৰো মৃত্যু হয় ৷

MANEY Patients Killed in Tragic Road Accident in Dhekiajuli NH-15
ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা (ETV Bharat)

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰা সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, "এই সংঘৰ্ষটো অত্যন্ত ভয়ংকৰ আছিল, যাৰ ফলত ঘটনাস্থলীতেই ৬ জন ৰোগীৰ মৃত্যু হয় । গুৰুতৰভাৱে আহত আন দুজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।"

ইফালে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । দুৰ্ঘটনাৰ পাছতে আৰক্ষী আৰু জৰুৰী সেৱা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু পথটো স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ।

এই ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : ভাল খবৰ : মানস ৰবীনৰ 'লুইত' এপযোগে মুক্তি পালে জাহ্নু বৰুৱাৰ 'হেৰোৱা ছন্দ'
Last Updated : March 23, 2026 at 10:54 AM IST