ETV Bharat / state

এটি মৃতদেহ, এখন ৰেপিড' আৰু এক চাঞ্চল্যকৰ পৰিস্থিতি... কি হৈছিল বুধবাৰে গুৱাহাটী মহানগৰীত ?

ৰেপিড' ভাৰা কৰি এটি নৱজাতকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাবলৈ নিয়াৰ অভিযোগ । আৰক্ষীৰ হস্তক্ষেপত ওলাল ৰহস্যৰ আঁৰৰ কাহিনী ।

new born body rescued
এটি মৃতদেহ, এখন ৰেপিড' আৰু এক চাঞ্চল্যকৰ পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 9:09 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বুধবাৰে গুৱাহাটীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এজন লোকে এটি শিশুৰ মৃতদেহ মোনাত ভৰাই ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ নিয়াৰ অভিযোগ উঠে । লগে লগে স্থানীয় ৰাইজে ব্যক্তিজনক ৰখাই এই বিষয়ে সোধা-পোছা কৰে । ব্যক্তিজন গৈছিল এখন ৰেপিড' ভাৰা কৰি । কিন্তু ৰেপিড' চালকে মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাবলৈ নিয়াৰ বিষয়ে অৱগত হোৱাৰ লগে লগে বাইক ৰখাই ওচৰতে থকা লোকক ঘটনাৰ বিষয়ে জনায় । তাৰ পিছতে সৃষ্টি হয় চাঞ্চল্য ।

ঘটনাৰ বিৱৰণী মতে, এটি শিশুৰ মৃতদেহ লৈ জি এছ ৰোডত উপস্থিত হয় এজন ব্যক্তি । তাৰ পিছত তেওঁ এখন ৰেপিড' ভাৰা কৰি পল্টনবজাৰলৈ যায় । কিন্তু আদবাটতে চালকক জনায় যে তেওঁৰ লগত এটা শিশুৰ মৃতদেহ আছে ব্ৰহ্মপুত্ৰত পেলাব লাগে । সেয়ে ৰেপিড' চালকজনক অতিৰিক্ত ধন দিম বুলি কৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাবলৈ কয় ।

এটি মৃতদেহ, এখন ৰেপিড' আৰু এক চাঞ্চল্যকৰ পৰিস্থিতি (ETV Bharat Assam)

কিন্তু ৰেপিড' চালক ৰুবুল দাসে এই কথাত হতভম্ব হৈ পৰে আৰু মাজৰাস্তাতে গাড়ী ৰখাই তাত উপস্থিত থকা লোকক ঘটনাৰ বিষয়ে জনায় । লগে লগে তাত উপস্থিত থকা লোকসকলে ব্যক্তিজনক সোধা-পোছা কৰে যদিও কোনোধৰণৰ পতিয়নযোগ্য উত্তৰ নাপালে । ফলত ৰেপিড' চালকজনৰ তৎপৰতাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে আহি ব্যক্তিজন আটক কৰে ।

আটক কৰা ব্যক্তিজন হৈছে ধিঙৰ মমৰোজ হুছেইন । তেওঁক আটক কৰি দিছপুৰ থানাত জেৰা চলোৱা হয় । এই জেৰাৰ সময়ত ওলাই পৰে ঘটনাৰ প্ৰকৃত ৰহস্য ।

গুৱাহাটী মহানগৰীৰ ৰেপিড'ত নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ৰহস্য ফাদিল

আৰক্ষীৰ জেৰাৰ সময়ত মমৰোজে প্ৰকৃত ঘটনাৰ বিষয়ে সকলো জনায় । প্ৰকৃততে যিটো শিশুৰ মৃতদেহ তেওঁৰ লগত আছিল সেইটো তেওঁৰে সন্তান । পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে মঙলবাৰে মাতৃৰ গৰ্ভতে মৃত্যু ঘটিছিল সন্তানটিৰ । চিকিৎসালয়ৰ পৰা যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৃতদেহটো ঘৰলৈ নিয়াৰ প্ৰস্তুতি চলাইছিল । পল্টনবজাৰৰ পৰা ৰে'লযোগে ঘৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল নৱজাতকটোৰ মৃতদেহ । কিন্তু তেতিয়াই ৰেপিড' চালকজনে সন্দেহবশতঃ আৰক্ষীক খবৰ দিয়ে । ইফালে দিছপুৰ আৰক্ষীয়ে সকলো নথি পৰীক্ষা কৰি মমৰোজক যাবলৈ দিয়ে ।

লগতে পঢ়ক :ইমান নিৰ্লজ্জভাৱে মিঞা ছীটৰ কাৰণে কাজিয়া-পেচাল কৰা দল অসমত কেতিয়াও দেখা নাই : বিৰোধীক আৰু এথেকেচনি মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক :নিৰ্বাচন সমাগত : এসপ্তাহৰ ভিতৰত জমা দিব লাগিব অনুজ্ঞাপত্ৰ থকা সকলো অস্ত্ৰ-শস্ত্ৰ