ETV Bharat / state

অসমত পুনৰ গ্ৰেপ্তাৰ শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ লিংকমেন

শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত অসমত বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা লোকৰ মুঠ সংখ্যা হৈছে পাঁচজন ৷

Man arrested in Assam
অসমত পুনৰ গ্ৰেপ্তাৰ শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ লিংকমেন (IANS)
author img

By PTI

Published : September 1, 2026 at 3:42 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: পাকিস্তানস্থিত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত থকাৰ অভিযোগত সোমবাৰে অসম আৰক্ষীয়ে কামৰূপ জিলাৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়াগৰাকীয়ে জনোৱা মতে, বিশেষ টাস্ক ফ’ৰ্চে চাংসাৰি থানাৰ অন্তৰ্গত গৌৰীপুৰৰ পৰা সন্ত্ৰাসবাদী নেটৱৰ্কৰ সন্দেহযুক্ত অপাৰেটিভজনক গ্ৰেপ্তাৰ কৰে ।

তেওঁ এক বিবৃতিত কয়, ‘‘গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক মৃগেন শালৈ (৩১) বুলি চিনাক্ত কৰা হৈছে । অভিযানৰ সময়ত তেওঁৰ হাতৰ পৰা ইলেক্ট্ৰনিক ডিভাইচ আৰু নথি-পত্ৰকে ধৰি কেতবোৰ সামগ্ৰী জব্দ কৰা হৈছে ।’’

এই গ্ৰেপ্তাৰৰ লগে লগে শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ কৰা লোকৰ মুঠ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে ধুবুৰী, চিৰাং, বৰপেটা আৰু হাইলাকান্দি জিলাৰ পৰা সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত চাৰিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল ।

নলবাৰী জিলাৰ বেলশৰৰ স্থায়ী বাসিন্দা মৃগেন শালৈয়ে চাংসাৰিৰ এটা ব্যক্তিগত কোম্পানীত প্ৰায় এবছৰ ধৰি কাম কৰি আছিল । সোমবাৰে পুৱা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় তেওঁক । তদন্তৰ সময়ত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত বুলি সন্দেহ কৰা পাকিস্তান ভিত্তিক কেইবাজনো ব্যক্তিৰ সৈতে তেওঁ সংস্পৰ্শত থকা বুলি অসম আৰক্ষীৰ মুখপাত্ৰই জানিবলৈ দিয়ে ।’’

তেওঁ লগতে কয় যে এই অভিযানটো সন্ত্ৰাসবাদী আৰু ৰাষ্ট্ৰীয় বিৰোধী নেটৱৰ্ক তথা তেওঁলোকৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে এছটিএফৰ স্থায়ী তদন্ত আৰু ব্যৱস্থাৰ অংশ আছিল ।

শ্বাহজাদ ভাট্টি নেটৱৰ্ক হৈছে পাকিস্তান সমৰ্থিত এক সন্ত্ৰাসবাদী সংগঠন । ভাৰতত গ্ৰেণেড বিস্ফোৰণ, আইইডি আৰু পেট্ৰ’ল বোমা নিক্ষেপ আৰু লক্ষ্য নিৰ্ধাৰিত হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগ আছে এই সংগঠনৰ বিৰুদ্ধে ৷

শ্বাহজাদ ভাট্টি গোটে স্থানীয় একাংশ লোকক থানা, সেনা চাউনী, ধৰ্মীয় স্থান আদিৰ তথ্য সংগ্ৰহ তথা চিচিটিভি কেমেৰা স্থাপনৰ বাবে ধন প্ৰদান কৰে বুলিও অভিযোগ উঠিছে ৷

লগতে পঢ়ক: অসমত শ্বাহজাদ ভাট্টি গোটৰ সদস্য গ্ৰেপ্তাৰ, ভাৰত ৰক্তাক্ত কৰাৰ গোপন অভিসন্ধি নেকি ?