ETV Bharat / state

বৰপথাৰৰ গেলাবিলত মাৰণাস্ত্ৰসহ আটক এটা অভিযুক্ত

সৰুপথাৰৰ বৰপথাৰ আৰক্ষীয়ে অভিযান চলাই ৭.৬৫ মি.মি. পিষ্টলসহ দুটা সজীৱ গুলী উদ্ধাৰ কৰে ৷ লগতে গেলাবিলৰ পৰা আটক এটা অভিযুক্তক ৷

man apprehended in Sarupathar, Arms recovered
পিষ্টলসহ দুটা সজীৱ গুলী উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 8:40 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰিলেও কিন্তু ৰাজ্যৰ পৰা হ্ৰাস হোৱা নাই অপৰাধৰ সংখ্যা ৷ অৱশ্যে অসম আৰক্ষীয়েও কিন্তু হাত সাবটি বহি থকা নাই ৷ শেহতীয়া খবৰ অনুসৰি, দেওবাৰে দিনৰ ভাগত বৰপথাৰ থানাৰ আৰক্ষীয়ে সৰুপথাৰৰ বৰপথাৰ গেলাবিলত মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত লোকজন সৰুপথাৰৰ ২ নং পদুমণিৰ বাসিন্দা মইনুল হক আৰক্ষীয়ে বুলি চিনাক্ত কৰিছে ।

জানিব পৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী দয়ালপুৰ অঞ্চলৰ এজন নগাৰ পৰা ৭.৬৫ মি.মি. পিষ্টল আৰু দুটা সজীৱ গুলী সংগ্ৰহ কৰি কাৰ্বি আংলং জিলাৰ লাহৰীজান অঞ্চলত বিক্ৰীৰ উদ্দেশ্যেৰে সৰুপথাৰ ২নং পদুমণিৰ মইনুল হকে আনিছিল । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই খবৰ লাভ কৰে ৷

বৰপথাৰৰ গেলাবিলত মাৰণাস্ত্ৰসহ আটক এটা অভিযুক্ত (ETV Bharat Assam)

বৰপথাৰ থানাৰ আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ লগে লগে অভিযান চলাই গেলাবিলৰ পৰা অভিযুক্তটোক হাতে-লোটে আটক কৰে । আৰক্ষীয়ে ধৃত অভিযুক্তটোৰ পৰা এটা পিষ্টলটো আৰু দুটা সজীৱ গুলী জব্দ কৰে ৷ তাৰ পাছতে আৰক্ষীয়ে অভিযুক্তটোক আটক কৰি বৰপথাৰ আৰক্ষী থানালৈ লৈ যায় ।

বৰ্তমান ধৃত অভিযুক্তটোক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷ লগতে এই ঘটনাৰ সৈতে আন কোনো লোক জড়িত বা অস্ত্ৰ সৰবৰাহ চক্ৰৰ কোনো হাত আছে নেকি সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বিগত বৰ্ষত উচ্ছেদ অভিযান চলিছিল । উচ্ছেদৰ পূৰ্বে উক্ত অঞ্চলসমূহত অবৈধ ব্যৱসায়সমূহ চলিছিল । অসম চৰকাৰে বনাঞ্চালৰ ভূমি বেদখলকাৰীক উচ্ছেদত পাছতেই সৰুপথাৰ সমজিলাত ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ ব্যৱসায়সমূহ বন্ধ হৈছিল । কিন্তু পুনৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰাই মাৰণাস্ত্ৰ সৰবৰাহ হৈছে । এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ পিষ্টল

লগতে পঢ়ক : দেহত গুলী লৈও সতীৰ্থৰ প্ৰাণ ৰক্ষা কৰা লখিমপুৰৰ ধ্ৰুৱজ্যোতি দত্তক প্ৰদান শৌৰ্য চক্র সন্মান