ETV Bharat / state

১৫ ফুট দীঘল পেঁপা, দীঘল বাঁহী, ডাঙৰ দবা, কি নাই লোকশিল্পী পাৰ্থপ্ৰতীমৰ

এজন যুৱক, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে অসমীয়া লোকবাদ্যৰ প্ৰায় ১২০ বিধ সামগ্ৰী । অসমীয়া সমাজৰ পৰা হেৰাই যোৱা বহু লোকবাদ্য উদ্ধাৰ কৰিছে ।

Making and preservation  of lost  folk instruments by Parth Pratim Neog
লোকবাদ্যৰ প্ৰেমত পৰা পাৰ্থ প্ৰতীম নেওগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 3:45 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট: যি সময়ত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী কৰ্ম-সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে অসমত থাকি ইয়াৰ উৎপাদিত সামগ্ৰীৰে অসমীয়া লোকবাদ্য তৈয়াৰ কৰি স্বাৱলম্বী হোৱাৰ উপৰিও ১৮ জনকৈ নিবনুৱা যুৱকক কৰ্মসংস্থাপন দি এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এজন যুৱকে । অসমীয়া সমাজত প্ৰচলিত বিভিন্ন মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা আৰম্ভ কৰি অসমীয়া লোকবাদ্যৰ প্ৰায় ১২০ বিধ সামগ্ৰী প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে যুৱকজনে ।

তেওঁৰ নাম পাৰ্থপ্ৰতীম নেওগ । যোৰহাট তৰাজানৰ নিৱাসী পাৰ্থপ্ৰতীম নেওগে ২০০৪ চনৰ পৰাই আৰম্ভ কৰিছিল লোকবাদ্য প্ৰস্তুত কৰা কাম । প্ৰথম অৱস্থাত কোনোধৰণৰ ব্যৱসায়িক ভিত্তিত কৰা নাছিল যদিও পাছলৈ তেওঁ লোকবাদ্য প্ৰস্তুত কৰা কাৰ্য ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰে । তেতিয়াৰে পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই পাৰ্থপ্ৰতীম নেওগে ।

সমাজৰ পৰা হেৰাই যোৱা বহু লোকবাদ্য উদ্ধাৰ কৰিছে পাৰ্থ প্ৰতীম নেওগে (ETV Bharat Assam)

বৰ্তমান সময়ত তেওঁ অসমৰ বিভিন্ন জিলাত উঠি অহা যুৱ প্ৰজন্মক তেখেতে প্ৰস্তুত কৰা লোকবাদ্যসমূহৰ প্ৰদৰ্শন কৰি লগত চিনাকি কৰাৰ লগতে বিক্ৰী কৰাৰ ব্যৱস্থা কৰি আহিছে । তেওঁ প্ৰস্তুত কৰা লোকবাদ্যসমূহৰ ভিতৰত আছে ঢোল, খোল, দবা, বাঁহী, মৃদংগ, একতাৰ, দোঁতাৰা, পেঁপা, অসম গৌৰৱ গঁড়, টকা, জাপি, আদিৰ আদিৰ লগতে বহু সামগ্ৰী ।

Making and preservation  of lost  folk instruments by Parth Pratim Neog
১৫ ফুট দীঘল পেঁপা (ETV Bharat Assam)
Making and preservation  of lost  folk instruments by Parth Pratim Neog
বাৰজনে একেলগে বজাব পৰা বাঁহীটো (ETV Bharat Assam)

ইয়াৰ উপৰিও তেওঁ বাঁহেৰে ৫.৩০ ফুট ওখ দবা, ১২ লোকে একেলগে বজাব পৰাকৈ এটা বাঁহী আৰু অসমৰ আটাইতকৈ ডাঙৰ বাঁহেৰে নিৰ্মিত এটা ১৫ ফুট দীঘল পেঁপা । যুৱকজনৰ এই কৰ্মৰ বাবে সকলোৱে শলাগ লৈছে ।

Making and preservation  of lost  folk instruments by Parth Pratim Neog
পাৰ্থপ্ৰতীম নেওগে নিৰ্মাণ কৰা গগনাবোৰ (ETV Bharat Assam)
Making and preservation  of lost  folk instruments by Parth Pratim Neog
অসমৰ ভিতৰতে ডাঙৰ দবাটো (ETV Bharat Assam)

এই সম্পৰ্কে পাৰ্থপ্ৰতীম নেওগে কয়, "মই সৰুৰে পৰা আমাৰ জাতি, ভাষা, সংস্কৃতি আমাৰ আমি সেই বাবে আমাৰ যিমান থলুৱা লোকবাদ্য আছে সেই সকলো জীয়াই ৰাখিবৰ বাবে অহৰহ চেষ্টা কৰি আছোঁ । মই নিজে নিৰ্মাণ কৰোঁ আৰু উঠি অহা প্ৰজন্মই যাতে পশ্চিমীয়া লোকবাদ্যৰ বিপৰীতে আমাৰ থলুৱা লোক-সংস্কৃতি যাতে তেওঁলোকে আঁকোৱালি লয় সেই উদ্দেশ্যে আগত ৰাখি এই যাত্ৰা আৰম্ভ কৰিছোঁ । অসমীয়া লোকৰ সমাগম হোৱা ঠাইত এনেধৰণৰ বিপণিৰ ব্যৱস্থা কৰোঁ যাতে তেওঁলোকে আমাৰ লোকবাদ্যসমূহ চাই ক্ৰয় কৰিব পাৰে ।"

Making and preservation  of lost  folk instruments by Parth Pratim Neog
পাৰ্থপ্ৰতীম নেওগে নিৰ্মাণ কৰা দবা (ETV Bharat Assam)
Making and preservation  of lost  folk instruments by Parth Pratim Neog
পাৰ্থপ্ৰতীম নেওগে নিৰ্মাণ কৰা খোল, ঢোল ইত্যাদি (ETV Bharat Assam)

তেওঁ লগতে কয়, "এটা জাতিৰ প্ৰথম পৰিচয় হৈছে সংস্কৃতি আৰু সেই সংস্কৃতিৰ গুৰিধৰোতা হৈছে আমাৰ থলুৱা লোকবাদ্য । মই সৰুৰে পৰা বিহুৰ লগত জড়িত । এটা সময়ত ভয় হৈছিল যে আমাৰ লোকবাদ্যসমূহ হেৰাই যাব নেকি আৰু সেই চিন্তা আগত ৰাখি মই লোকবাদ্য নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু উঠি অহা প্ৰজন্মক আকৰ্ষণ কৰিবলৈ মই অসমৰ আটাইতকৈ ডাঙৰ বাঁহেৰে তৈয়াৰ কৰা ১৫ ফুটৰ পেঁপা, ১২ জন লোকে একেলগে বজাব পৰাকৈ এটা বাঁহী আৰু বাঁহেৰে ৫.৩০ ফুট ওখ দবা তৈয়াৰ কৰিছোঁ । বাঁহৰ পৰা দবা নিৰ্মাণ কৰিব পাৰে বুলি অসমত কোনেও চিন্তা কৰা নাছিল ।"

Making and preservation  of lost  folk instruments by Parth Pratim Neog
পাৰ্থপ্ৰতীম নেওগে নিৰ্মাণ কৰা বিভিন্ন লোকবাদ্য (ETV Bharat Assam)
Making and preservation  of lost  folk instruments by Parth Pratim Neog
দোঁতাৰা নিৰ্মাণত ব্যস্ত পাৰ্থপ্ৰতীম নেওগ (ETV Bharat Assam)

নেওঁগে কয়,"ইয়াৰ উপৰিও আৰু বহু ডাঙৰ ডাঙৰ সামগ্ৰী প্ৰস্তুত কৰিছোঁ যাতে উঠি প্ৰজন্মই এই থলুৱা লোকবাদ্যসমূহ আঁকোৱালি লয় । মই এই কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছোঁ ।"

Making and preservation  of lost  folk instruments by Parth Pratim Neog
পাৰ্থপ্ৰতীম নেওগে নিৰ্মাণ কৰা টকা, জাপি আদি (ETV Bharat Assam)
Making and preservation  of lost  folk instruments by Parth Pratim Neog
পাৰ্থপ্ৰতীম নেওগে নিৰ্মাণ কৰা পেঁপা (ETV Bharat Assam)

শেষত পাৰ্থই কয়, "২০০৪ চনৰ পৰা একেৰাহে লাগি আছোঁ আৰু ১০১৫ বৰ্ষৰ পৰা ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছোঁ আৰু মোৰ লগত বৰ্তমান ১৮ জন নিবনুৱা যুৱকে এই লোকবাদ্য নিৰ্মাণ কৰি আছে । মই ১৮ যুৱকক সংস্থাপনৰ বাট দিবলৈ পাইছোঁ । আমাৰ যি নিবনুৱা যুৱক-যুৱতী আছে তেওঁলোকে হায়দৰাবাদ, চেন্নাই, বেংগালুৰু আদি ঠাইত গৈ কোম্পানীত চাকৰি কৰে, কিন্তু তেওঁলোকলৈ এটা আহ্বান তেওঁলোকে আমাৰ দৰে লোকবাদ্য নিৰ্মাণ কৰিও জীৱিকাৰ পথ মুকলি কৰিব পাৰিব ।"

লগতে পঢ়ক: ‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ'ল

গামোচা আৰু ফুলৰ থোপাৰে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা বাংলাদেশ উচ্চায়ুক্তৰ প্ৰতিনিধি দলৰ