এইবাৰ বিশেষ হ'ব মাজুলীৰ ৰাস ! লণ্ডনৰ আৰ্হিত মাজুলীতো ৰাসৰ সময়ত চলিব দুমহলীয়া বাছ
লণ্ডন ভ্ৰমণৰ পিছত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ বিশেষ ঘোষণা ৷ মাজুলীৰ পৰ্যটন খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ প্ৰচেষ্টা সত্ৰাধিকাৰগৰাকীৰ ৷

Published : July 8, 2026 at 3:39 PM IST
মাজুলী: লণ্ডনৰ দুমহলীয়া বাছৰ আৰ্হিত মাজুলীতো চলিব দুমহলীয়া বাছ । ৰাস পূৰ্ণিমাৰ পাছতেই মাজুলীত চলিব দুমহলীয়া বাছ ৷ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৷ সম্প্ৰতি জলন্ধৰত বাছখনৰ নিৰ্মাণকাৰ্য চলি আছে ৷
শেহতীয়াকৈ লণ্ডন ভ্ৰমণৰ কৰি মাজুলীত উপস্থিত হোৱা পীতাম্বৰ দেৱগোস্বামীয়ে লণ্ডনত লাভ কৰা অভিজ্ঞতাৰ কথা সুঁৱৰি অভিভূত হৈ পৰে ৷ মাজুলীৰ পৰ্যটনক বিশ্ব মানচিত্ৰত অধিক আকৰ্ষণীয় কৰিবলৈ আৰু মাজুলীৰ পৰ্যটন খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে সত্ৰাধিকাৰগৰাকীয়ে এই অভিনৱ সংকল্প গ্ৰহণ কৰে ৷
তেওঁ লণ্ডনৰ দুমহলীয়া বাছৰ দৰে মাজুলীতো দুমহলীয়া বাছৰ চলাচলৰ পৰিকল্পনা কৰিছে ৷ আগন্তুক ৰাস পূৰ্ণিমাৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব দুমহলীয়া বাছ । দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ আৰু মাজুলীক আকৌ এবাৰ নতুনকৈ দেখা সুযোগ দিয়াৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে ৷

পীতাম্বৰ দেৱগোস্বামীয়ে কয়, "২০২৪ত যেতিয়া লণ্ডনলৈ গৈছিলো আৰু তেতিয়া তাত দুমহলীয়া বাছখনত উঠিবলৈ সুবিধা পালো, লগে লগে সপোন দেখিবলৈ আৰম্ভ কৰিলো ৷ মাজুলীত এনেকুৱা দুমহলীয়া বাছ চলাব পৰা যায়, দেশী-বিদেশী পৰ্যটকে কিমান আনন্দ পাব ৷ মাজুলীক যেন আকৌ এবাৰ নতুনকৈ দেখা সুযোগ লাভ কৰিব ৷ সেই কাৰণে সেই সংকল্প লৈছিলো ৷ একো যদি অসুবিধা নহয়, ৰাস পালনামত আজি আপোনালোক সম্বন্বিতে সকলোকে সেই বাছত উঠাম ৷"

ইফালে লণ্ডনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱৰ চৰ্চা তথা অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ব্ৰিটেইনৰ সাংসদ বব ব্লেকমেন আৰু গৱেষক ৰিচাৰ্ড ব্লণ্টনক সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে । অসমীয়া বৈষ্ণৱ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে ব্ৰিটেইনৰ বিশেষ ব্যক্তি দুজনক তেওঁ সত্ৰৰ তৰফৰ পৰা সন্মানিত কৰা কথা উল্লেখ কৰে ।
ৰিচাৰ্ড ব্লণ্টনক শংকৰদেৱ গৱেষণা বঁটা আৰু বব ব্লেকমেনক শ্ৰীশ্ৰী দামোদৰদেৱ বঁটা প্ৰদান কৰা হয় ৷ আউনীআটী সত্ৰৰ তৰফৰ পৰা ২০২৬ বৰ্ষৰ বাবে এই বৰ্টা প্ৰদান কৰা হ’ব ৷ মাজুলী সমন্বয় মঞ্চৰ জৰিয়তে এই বঁটা প্ৰদান কৰা হ’ব বুলি সত্ৰাধিকাৰগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: শংকৰদেৱৰ দিনত 'সত্ৰাধিকাৰ' নাছিল, আছিল কেৱল 'ধৰ্মাচাৰ্য'হে : বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া

