প্ৰস্তাৱিত ৰিংবান্ধ আৰু এখন মুকলি পত্ৰই জোকাৰিছে মাজুলী
মাজুলীৰ হালধিবাৰীৰ পৰা শালমৰালৈকে প্ৰস্তাৱিত ৰিংবান্ধ নিৰ্মাণৰ প্ৰসংগত প্ৰতিবাদমুখৰ মাজুলী । এগৰাকী মাজুলীৰে সন্তানে এই ৰিংবান্ধৰ বিৰোধিতাৰে জলসম্পদ বিভাগলৈ লেখা পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ।

Published : August 13, 2026 at 8:31 PM IST
মাজুলী : মাজুলীৰ হালধিবাৰীৰ পৰা শালমৰালৈকে প্ৰস্তাৱিত ৰিংবান্ধ নিৰ্মাণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি এতিয়া নদীদ্বীপটোত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে । গুৱাহাটীত থকা প্ৰৱাসী মাজুলিয়ান ভৰত শইকীয়াই বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ পাছতেই এতিয়া ক্ষোভত ফাটি পৰিছে মাজুলীৰ স্থানীয় নৈপৰীয়া ৰাইজ ।
যুগ যুগ ধৰি বান আৰু খহনীয়াৰ বাবে অতিষ্ঠ প্ৰায় ৪৫ হাজাৰ নদীপৰীয়া লোকৰ ভৱিষ্যতক লৈ এনেদৰে হেতালি খেলা কাৰ্যক প্ৰতিবাদী ৰাইজে তীব্ৰ গৰিহণা দিছে।
মাজুলীৰ ৰিংবান্ধ: সম্ভাৱনা নে শংকা
হালধিবাৰীৰ পৰা শালমৰালৈ বৈজ্ঞানিক পদ্ধতিৰে ৰিংবান্ধ নিৰ্মাণ কৰি মাজুলীক খহনীয়া আৰু বানৰ পৰা ৰক্ষা কৰাৰ দাবী দীৰ্ঘদিনীয়া । কিন্তু স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ, প্ৰৱাসী মাজুলিয়ান ভৰত শইকীয়াই বিভাগীয় কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰাক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে ।

ভৰত শইকীয়াই নিজ ইচ্ছামতে লিখা এই পত্ৰখন নস্যাৎ কৰি ক্ষুব্ধ ৰাইজে পোনে পোনে অভিযোগ উত্থাপন কৰিছে— স্থানীয় সমস্যা আৰু দুখ-দুৰ্দশা বুজি নোপোৱাকৈ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে থিয় দিছে এইসকল ব্যক্তিয়ে ।

পলকতে মাজুলী
ভৰত শইকীয়াৰ পত্ৰ আৰু ৰাইজে ইয়াৰ বিপৰীতে গ্ৰহণ কৰা স্থিতি সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে মাজুলীৰ ওপৰত এক সম্যক চিত্ৰ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ।
পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হৈছে মাজুলী । শংকৰদেৱৰ আশিসধন্য মাজুলীৰ অনন্য সত্ৰীয় সংস্কৃতিয়ে মাজুলীক বিশ্বৰ বুকুত এক বিশেষ স্থান প্ৰদান কৰিছে । কিন্তু নৱৱৈষ্ণৱ আন্দোলনৰ পীঠস্থান মাজুলীয়ে বিভিন্ন সমস্যাৰেও জুৰুলা হৈ আহিছে । তাৰে অন্যতম সমস্যা হৈছে বছৰি হোৱা বান সমস্যা ।
এই বান সমস্যাৰ বাবে মাজুলীৰ মানচিত্ৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে । চৰকাৰ তথা বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সাহায্যপ্ৰাপ্ত সংস্থাই মাজুলী সুৰক্ষাৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু তথাপিও মাজুলীৰ স্বীকৃতি আৰু অস্তিত্বক লৈ এতিয়াও সংশয় আঁতৰা নাই ।

মাজুলীৰ ইতিহাস আৰু অৱস্থান
প্ৰধানত মিচিং, দেউৰী আৰু সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোকৰ বাসস্থান তথা ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত মাজুলীৰ আছে এক বৰ্ণিল ইতিহাস । উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে বুঢ়ী দিহিং নৈৰ সুঁতিয়ে আৱৰি আছে মাজুলীক ।
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ইয়াৰ প্ৰধান উপনৈ দিহিং এটা সময়ত সমান্তৰালভাৱে আৰু অতি ওচৰা-ওচৰিকৈ প্ৰৱাহিত হৈ আছিল । কিন্তু ১৬৬১-১৬৯৬ চনৰ ভিতৰত সংঘটিত কেইবাটাও ধাৰাবাহিক ভূমিকম্পৰ বাবে ১৭৫০ চনত হোৱা প্ৰলয়ংকৰী বানে মাজুলীৰ মানচিত্ৰ সলনি কৰি পেলায় ।
ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ বৰ্তমানৰ মাজুলী ভূখণ্ড এটা সময়ত প্ৰকৃততে চুতীয়া ৰাজ্যৰ অংশ আছিল । বুৰঞ্জীৰ পৰা লাভ কৰা তথ্য অনুসৰি, চুতীয়া ৰাজ্যৰ বিষয়ববীয়া মাণিক চন্দ্ৰ বৰুৱাই প্ৰথমতে আহোমৰ আগ্ৰাসনৰ খবৰ লাভ কৰিছিল আৰু আহোমক ভেটিবলৈ দিহিংমুখ (বৰ্তমানৰ দক্ষিণ মাজুলী), দিখৌমুখ, চিৰাআতি আৰু চেৰুৱাকাটাত ৰণত লিপ্ত হৈছিল ।
সপ্তদশ শতিকাৰ প্ৰথমাৰ্ধত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই মাজুলীত মেৰাগড় নামৰ এটা গড় নিৰ্মাণ কৰিছিল । পৰৱৰ্তী সময়ত ১৭৬৯-১৭৮০ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহই মাজুলীত ৰাজত্ব কৰিছিল আৰু ১৭৭৬ চনত 'মাজুলী প্ৰদেশ' আৰু ইয়াৰ কমলাবাৰী সত্ৰ, অগ্নিচাপৰি, গজলা সত্ৰ, টুনি নদীৰ কথা উল্লেখ কৰি এক টোকা লিখিছিল । আনহাতে, মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মোৱামৰীয়া বিদ্ৰোহী নেতা হাউহাই এই নদীদ্বীপটো নিয়ন্ত্ৰণ কৰিছিল ।
মাজুলীৰ অনন্য সংস্কৃতি
যোড়শ শতিকাত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ পদাৰ্পণ ঘটাৰ পিছত মাজুলী অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জগতৰ এক পীঠস্থান হৈ পৰিছিল । তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ইখনৰ পিছত সিখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল । যাৰ বাবে মাজুলী পৰৱৰ্তী সময়ত সত্ৰ নগৰী হিচাপে জনাজাত হৈ পৰে । এই সত্ৰসমূহৰ প্ৰতিষ্ঠাৰ লগে লগে মাজুলী বৈষ্ণৱ আন্দোলনৰ প্ৰধান কেন্দ্ৰ হৈ উঠে ।
ব্ৰিটিছ ঔপনিৱেশিক শাসন আৰু ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতাৰ কালছোৱাত ১৯৪৭ চনত মাজুলীয়ে ক্ৰমাগতভাৱে অসমৰ সাস্কৃতিক কেন্দ্ৰৰ স্বীকৃতি বজাই ৰাখে ।
মাজুলীৰ বুকুত আঘাত
কিন্তু ঊনবিংশ শতিকা আৰু কুৰি শতিকাৰ মাজৰ সময়খিনিত মাজুলীৰ বক্ষত যথেষ্ট আঘাত লাগে । কেইবাটাও খহনীয়াৰ আঘাতত মাজুলীৰ পৰিসৰ হ্ৰাস পাবলৈ ধৰে । ১৯৭০ চনত মাজুলীৰ মাটিকালি আছিল প্ৰায় ১৩০০ বৰ্গকিলোমিটাৰ । কিন্তু কুৰি শতিকাত মাজুলীৰ ভূখণ্ডৰ বহুখিনি ব্ৰহ্মপুত্ৰত জাহ যোৱাত ইয়াৰ পৰিসৰ ১২৫৫ বৰ্গকিলোমিটাৰলৈ হ্ৰাস পায় । আৰু বৰ্তমান ২০২৪ চনৰ তথ্য মতে, বহু দুৰ্যোগৰ কৱলত পৰি মাজুলী ভূখণ্ডৰ পৰিসৰ মাত্ৰ প্ৰায় ৮৮০ বৰ্গকিলোমিটাৰত উপনীত হয় ।

মাজুলী সুৰক্ষা প্ৰকল্প
নিয়মীয়াকৈ হৈ থকা খহনীয়াই পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো অস্তিত্বৰ সংকটত পৰাৰ দিশলৈ আগবঢ়াই লৈ গৈছে । লগে লগে মাজুলীৰ সুৰক্ষাৰ দিশটোও আহি পৰিছে । যাৰ বাবে মাজুলীক সুৰক্ষা প্ৰদান কৰিবলৈ মথাউৰি নিৰ্মাণ প্ৰকল্পৰ আশ্ৰয় লোৱা হয় । মাজুলী নগৰৰ উজনি অংশত বৃহৎ মথাউৰি নিৰ্মাণ কৰা হয়, যাতে বাৰিষাৰ সময়ত খহনীয়া ৰোধ কৰিব পৰা যায় ।
প্ৰাপ্ত তথ্য অনুসৰি, ১৮৫৩ চনত মাজুলীৰ আয়তন আছিল ১১৫০ বৰ্গকিলোমিটাৰ । কিন্তু কুৰি শতিকাৰ শেষৰ ফালে ইয়াৰে প্ৰায় ৩৩ শতাংশ মাটিকালি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায় । ১৯৯১ চনৰ পৰা মাজুলীৰ ৩৫ খনতকৈও অধিক গাঁৱৰ অস্তিত্ব নাইকিয়া হয় ।
অস্তিত্বৰ সংকটত মাজুলী
শেহতীয়া সমীক্ষাই আন এক আশংকা প্ৰকাশ কৰিছে যে যদি এনেদৰে চলি থাকে তেন্তে আগন্তুক ১৫-২০ বছৰত মাজুলীৰ অস্তিত্ব সংকটত পৰিব । যাৰ বাবে এই নদীদ্বীপটো সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে বৃহৎ পুঁজি যোগান ধৰিছে । বিগত তিনি দশক ধৰি জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডেও মাজুলী সুৰক্ষাৰ দিশত বিভিন্ন পদক্ষেপ হাতত লৈছে । কিন্তু মাজুলীৰ সংকটাৱস্থা মৰিষণত বিভাগ দুটা সামান্যভাৱেহে কৃতকাৰ্য হৈছে ।

শেহতীয়াভাৱে মাজুলীৰ দক্ষিণ প্ৰান্তত কংক্ৰিটৰ মেটৰ দ্বাৰা সুৰক্ষিত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ বুকু খননে এই সমস্যা সমাধানত সহায় কৰিব পাৰে বুলি পৰামৰ্শ দিয়া হৈছে । এই প্ৰকল্পত ব্ৰহ্মপুত্ৰৰ উপনৈ খেৰকটিয়া সুঁতিৰ বাবেও দুখন ফ্লাডগে'ট অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে ব্ৰহ্মপুত্ৰ নদী পুনৰুদ্ধাৰ প্ৰকল্প চৰকাৰে এতিয়াও ৰূপায়ণ কৰিব পৰা নাই ।
১৯৫০ চনৰ বৰ ভূঁইকঁপৰ প্ৰভাৱ
১৯৫০ চনত অসমত হোৱা প্ৰলংকৰী ভূঁইকঁপে মাজুলীৰো যথেষ্ট ক্ষতি কৰিছে । মাজুলীৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ ভিতৰত বৃহৎ মথাউৰি নিৰ্মাণ কৰা হৈছে । ইয়াৰ ফলত মথাউৰিৰ ভিতৰত বাস কৰা প্ৰায় ৮০ শতাংশ লোক বান সমস্যাৰ পৰা মুক্ত হৈছে যদিও মথাউৰিৰ বাহিৰত থকা প্ৰায় ২০ শতাংশ লোক এতিয়াও প্ৰতিবছৰে হোৱা বান সমস্যাত ককবকাই থাকিবলগা হৈছে ।

কিন্তু ১৯৫০ চনৰ ভূমিকম্পৰ পৰৱৰ্তী সময়ছোৱাত হোৱা প্ৰলংকৰী বানে মথাউৰি ভঙাৰ ফলত মূল নগৰ অঞ্চলতো তাণ্ডৱ সৃষ্টি কৰিছে ।
১৯৫৮ চনত হোৱা বানৰ ফলত মাতমৰা মথাউৰি ছিগি যোৱাত মাজুলীৰ প্ৰায় ৯৫ শতাংশ অঞ্চল বানত প্লাৱিত হয় । আনহাতে, ২০১২ চনৰ বানত মথাউৰিৰ ভিতৰৰ প্ৰায় ৫০ শতাংশ অঞ্চল প্লাৱিত হয় । মাজুলীৰ আয়তনো ১,২০০ বৰ্গকিলোমিটাৰৰ পৰা প্ৰায় ৪০০ বৰ্গকিলোমিটাৰলৈ হ্ৰাস পাইছে ।
যাৰ বাবে এতিয়া অসম চৰকাৰে এক মেগা প্ৰকল্পৰ কথা ঘোষণা কৰিছে । সেয়া হৈছে মাজুলী ৰিংবান্ধ । ইয়াৰ ফলত নৈপৰীয়া প্ৰায় ২০ শতাংশ লোকক বানৰ পৰা সকাহ দিব পৰা যাব বুলি অনুমান কৰা হৈছে ।
মাজুলী ৰিংবান্ধ প্ৰকল্প
মাজুলী ৰিংবান্ধ প্ৰকল্প হৈছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীক ব্রহ্মপুত্রৰ ভয়াৱহ বান সমস্যা আৰু খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে অসম চৰকাৰৰ এটি অত্যন্ত গুৰুত্বপূর্ণ আৰু দূৰদর্শী আন্তঃগাঁথনি প্ৰকল্প । এই প্রকল্পটোৰ মুখ্য লক্ষ্য হৈছে স্থায়ী প্রতিৰক্ষামূলক বান্ধ নির্মাণৰ জৰিয়তে মাজুলীৰ ভৌগোলিক অস্তিত্বক বৰ্তাই ৰখা আৰু স্থানীয় জনসাধাৰণৰ জীৱন-সম্পত্তি সুৰক্ষিত কৰা ।

২০২২ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ বাবে ৮৯৪ কোটি টকাৰ অভিলাষী প্ৰকল্প ঘোষণা কৰিছিল । ইয়াৰে ভিতৰত ৬৯৪ কোটি টকা আছিল অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অসম মালাৰ অধীনত ।
মাজুলী ৰিংবান্ধ প্ৰকল্পৰ মূল উদ্দেশ্য
ব্রহ্মপুত্রৰ বানে প্রতিবছৰে মাজুলীৰ বিস্তৰ অংশ প্লাৱিত কৰে । এই সময়ছোৱাতে নৈৰ ভয়ানক খহনীয়াও দেখিবলৈ পোৱা যায় । এই সমস্যা স্থায়ীভাৱে সমাধানৰ বাবে জাবৰচুকৰ পৰা হালধিবাৰী পর্যন্ত ব্রহ্মপুত্রৰ তীৰত এটি শক্তিশালী ৰিংবান্ধ নির্মাণৰ সিদ্ধান্ত লোৱা হৈছে ।
১৯১৪ চনৰ জৰীপ অনুসৰি, মাজুলীৰ আয়তন আছিল প্রায় ৭৩৪ বর্গকিলোমিটাৰ । কিন্তু নিৰন্তৰ হৈ থকা খহনীয়াৰ ফলত ২০০৪ চনৰ ভিতৰত এই আয়তন হ্ৰাস পাই মাত্র ৫০২ বর্গকিলোমিটাৰত উপনীত হয় । এই ৰিংবান্ধ প্রকল্পই নদীদ্বীপটোৰ ক্রমাগত সংকুচিত হোৱা প্ৰক্ৰিয়া ৰোধ কৰাত মুখ্য ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই এই প্রকল্পটোৰ ইতিমধ্যে শিলান্যাস কৰিছে । অসম চৰকাৰৰ এক ধ্বজাবাহী আঁচনি 'অসম মালা' আৰু অন্যান্য উন্নয়নমূলক পুঁজিৰে এই প্ৰকল্প বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰা হৈছে ।
অৱশ্যে মাজুলীক সম্পূর্ণ সুৰক্ষিত আৰু উন্নত কৰিবলৈ ৰিংবান্ধৰ উপৰি আন কেইবাটাও বৃহৎ প্রকল্প সমান্তৰালভাৱে চলি আছে । সেইবোৰৰ ভিতৰত অন্যতম হৈছে মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম । ব্রহ্মপুত্রৰ ওপৰ নিৰ্মাণৰত প্রায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই স্থায়ী পথ দলং নিৰ্মাণে মাজুলীৰ দীর্ঘদিনীয়া যাতায়াতৰ সমস্যাৰো অৱসান ঘটাব ।
একেদৰে ব্রহ্মপুত্র বোর্ডৰ দ্বাৰা বিভিন্ন সংবেদনশীল স্থানত জিঅ' বেগ স্থাপন আৰু আৰচিচি পাৰ্কুপাইন প্রযুক্তি ব্যৱহাৰ কৰি নদীৰ গতিপথ নিয়ন্ত্রণৰ কামো চলি আছে । এই সামগ্রিক প্রকল্পসমূহ সফলভাৱে সম্পন্ন হ'লে মাজুলীৰ ২ লক্ষাধিক আৱাসী বান আৰু খহনীয়া সমস্যাৰ পৰা স্থায়ীভাৱে মুক্তি লাভ কৰাৰ লগতে অঞ্চলটোৰ অর্থনৈতিক আৰু পর্যটন খণ্ডত এক নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা কৰা হৈছে ।
এখন পত্ৰই লগাইছে খেলিমেলি
কিন্তু মাজুলীৰ ৰিংবান্ধ প্ৰকল্পৰ বিৰুদ্ধে এগৰাকী প্ৰৱাসী মাজুলিয়ানে লেখা মুকলি পত্ৰই এতিয়া সমগ্ৰ মাজুলীতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । মাজুলীৰ গৰিষ্ঠসংখ্যক লোকেই ৰিংবান্ধ প্ৰকল্পক সমৰ্থন কৰাৰ বিপৰীতে ভৰত শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে লেখা পত্ৰখনত ইয়াৰ বিৰোধিতা কৰিছে । অসমৰ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তালৈ লেখা পত্ৰখনক লৈ এতিয়া মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই পত্ৰ তথা ভৰত শইকীয়াৰ মতামতৰ বিৰুদ্ধাচৰণ কৰি মাজুলীবাসীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে ।
কি আছে ভৰত শইকীয়াৰ পত্ৰখনত:
'উজনি মাজুলী অঞ্চলত ব্ৰহ্মপুত্ৰ মথাউৰিৰ সমান্তৰালকৈ নদীৰ ফালে স্থাপন কৰিবলৈ ওলোৱা ৰিংবান্ধ সম্পৰ্কে' শীৰ্ষক পত্ৰখনত অসমৰ জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা তথা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষৰ প্ৰাক্তন ব্যক্তিগত সহায়ক (টেকনিকেল) ভৰত শইকীয়াই এই ৰিংবান্ধৰ বিৰোধিতা কৰিছে ।
পত্ৰখনত উল্লেখ কৰা মুখ্য বিষয়কেইটা হৈছে:
- ১৯৫৮ চনমানৰ পৰাই নিকিনি খোৱা গাঁৱৰ পৰা উজনিৰ হালধিবাৰী টেকেলিফুটা পৰ্যন্ত বৰ্তমানৰ মথাউৰিটো প্ৰায় একে স্থানতে আছে । যিকোনো কাৰণতে ইপাৰ-সিপাৰৰ মথাউৰিৰ মাজৰ অঞ্চলটো সেই স্থানত ব্ৰহ্মপুত্ৰ নদীৰ জলস্ৰোতটো অনায়াসে সৰকি যাবলৈ যথেষ্ট হৈছে । নদীখনে যথেষ্ট বুলি মানি লোৱা গতিপথটোত নদীৰ ফালে এটা ৰিংবান্ধ দি ঠেকাই পেলোৱাটো কাৰিকৰী দিশেৰে সমীচিন নহয় ।
- সুদীর্ঘ সময়ছোৱাত বিভাগীয় কর্তৃপক্ষৰ নেৰানেপেৰা মনযোগৰ কাৰণে নদীখনৰ ফালৰ এই সুদীর্ঘ অঞ্চলটো খেতিপথাৰ, গছ-গছনি, চৰণীয়া পথাৰ হিচাপে বিশেষকৈ জলবায়ু পৰিৱেশ আদিৰ নিয়ন্ত্ৰণৰ বিষয়ত, মাজুলী দ্বীপটোক প্রাকৃতিক দিশত বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাও প্রকট কৰি পেলাইছে ।
- ব্রহ্মপুত্র নদীৰ জলভাগৰ প্রবল সোঁতৰ হেঁচা সহ্য কৰিবলৈ আৱশ্যক হোৱা প্রকাণ্ড আকাৰৰ মথাউৰিৰ পৰিৱর্তে ৰিংবান্ধ (পোৱালি বান্ধ) এটাৰে ঠেকাই পেলোৱা নদীখনৰ প্ৰবল শক্তিক বাধা দি ৰাখিব বুলি ভবা কথাটোও ব্রহ্মপুত্র নদীখনক ভেঙুচালি কৰাৰ নিচিনাহে হ'ব ।
- ৰিংবান্ধৰ পৰিৱৰ্তে সেই সুদীর্ঘ নদীদ্বীপ অঞ্চলটোত নদীখনৰ পাৰে পাৰে মাজে মাজে একো একোখন Raised Platform (ওখ ভেটি) বান্ধি দিয়ক । ভেটিৰ কেউকাষে শিমলু, মদাৰ, আজাৰ, সোণাৰু, কৃষ্ণচূড়া আদি গছ ৰুই দিয়ক । বাৰিষা নদীৰ ফালে পানী বেছি হ'লে পাম-পথাৰ ধৰা, গৰু-ম'হ পোহা মানুহবিলাক গৰু-গাই লৈ ওখ ভেটিলৈ গুচি আহিব । ভাওনা-সবাহ পাতিব, ম'হৰ শিঙৰ পেঁপা, ঢোল-দগৰ বজাই সেই ঢুলিয়াআটি গাঁৱৰ ডেকা-গাভৰুহঁতে নাচ-গান কৰিব, খিতিৰ-খাতাৰকৈ মাকো মাৰি গামোচা ব'ব । কোনো ধৰণৰ ৰাসায়নিক সাৰ নিদিয়াকৈ প্ৰচুৰ শাক-পাচলি উৎপাদন কৰিব । (ভবিষ্যতে হ'বলগীয়া) নিকিনি খোৱা তিনিআলি আৰু নয়াবজাৰ তিনিআলিৰ হেলিপেডৰ পৰা মোহনবাৰী আৰু ৰৰৈয়া ইণ্টাৰনেচনেল এয়াৰ প'ৰ্টযোগে সেই পাচলি ডুবাই, আৰব দেশসমূহলৈ, ইউৰোপলৈ, প্রেৰণ কৰিব ।
আমাৰ ভৱিষ্যতৰ আঁচনি এনে ধৰণৰ হ'লেহে ভাল হ'ব । খজুৱাই খৰ বহল নকৰিব । শুই থকা সিংহক নজগাব । মহোদয়ে বিচাৰিলে আমাৰ এই প্রস্তাৱৰ বিষয়ে আমি আলোচনাও কৰিব পাৰিম ।
স্থানীয় ৰাইজৰ ক্ষোভৰ উদ্গীৰণ
এতিয়া ভৰত শইকীয়াইৰ এই মুকলি পত্ৰখন প্ৰকাশ পোৱাৰ পিছতে মাজুলীৰ স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে । কেউফালে এই পত্ৰখনত ধিক্কাৰ দি প্ৰতিবাদ সাব্যস্ত কৰিছে ।
স্থানীয় ৰাইজৰ দাবী
মাজুলীৰ এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "আমি নদীপৰীয়া প্ৰায় ৫০ হাজাৰ জনসাধাৰণ একত্ৰিত হৈ সেই কাগজখন নস্যাৎ কৰিছোঁ । আৰু ৰাইজৰ স্বাৰ্থত তেখেতে কাগজখনত কোনো ধৰণৰ কথা লিখা নাই, নিজ ইচ্ছামতে তেখেতে কাগজখন লিখিছে... গতিকে আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ, মাজুলীৰ বিধায়ক মহোদয়ক জনাব বিচাৰিছোঁ— এই কাগজখনত কোনো গুৰুত্ব নিদি, অৰ্থাৎ ৰিংবান্ধটো তাৎক্ষণিকভাৱে নিৰ্মাণ কৰক আৰু বৈজ্ঞানিক পদ্ধতিৰে এই ৰিংবান্ধটো নিৰ্মাণ কৰি জনসাধাৰণৰ উন্নতি কৰক ।"
ৰাইজৰ মতে, ৰিংবান্ধ নিৰ্মাণ হ’লে মাজুলীৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি সুৰক্ষিত হ’ব । ফলত স্থানীয় কৃষকসকলে খেতি-বাতি কৰি স্বাৱলম্বী হ’ব পাৰিব আৰু সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগা নহ’ব । বানৰ সময়ত সুৰক্ষিত আশ্ৰয়স্থলৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ভৰত শইকীয়াই পত্ৰখনত উল্লেখ কৰা হাস্যকৰ আৰু অপ্ৰাসংগিক প্ৰস্তাৱসমূহক লৈয়ো স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।
স্থানীয় ৰাইজে স্পষ্ট কৰি দিয়ে যে ব্যক্তিগত স্বাৰ্থ বা নামৰ বাবে মাজুলীৰ ৪৫ হাজাৰ লোকৰ অস্তিত্বক লৈ হেতালি খেলাটো কেতিয়াও সহ্য কৰা নহ’ব । জলসম্পদ বিভাগ আৰু চৰকাৰক এনে বিভ্রান্তিকৰ আবেদন বাতিল কৰি ক্ষিপ্ৰতাৰে বৈজ্ঞানিক পদ্ধতিৰে ৰিংবান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ এতিয়া সৰৱ হৈ পৰিছে সমগ্ৰ মাজুলীবাসী ।
আছুৰ অভিমত
ইফালে কোনো কাৰণতে এই ৰিংবান্ধৰ কাম যাতে বন্ধ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মাজুলী জিলা আছুৱে মাজুলীৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। মাজুলী আছুৰ সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱাই কয়, "গুৱাহাটীত থকা প্ৰৱাসী মাজুলিয়ান ভৰত শইকীয়াই বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা চিঠি যাতে অতি সোনকালে উঠাই লয় । যদি এইগৰাকী লোকৰ চিঠিৰ মতে এই ৰিংবান্ধৰ কাম বন্ধ হ'বলগীয়া হয়, আহি থকা দিনত এইগৰাকী লোকৰ মাজুলীত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব ।"
ৰিংবান্ধ নিৰ্মাণ দাবী সমিতিৰ ভাষ্য
আনহাতে, পূব মাজুলী ৰিংবান্ধ নিৰ্মাণ দাবী সমিতিৰ সম্পাদক মানৱ বৰাই কয়, "১৯৭৪ চনৰ পৰা পূব মাজুলী অঞ্চলৰ মথাউৰিৰ বাহিৰত প্ৰায় ৩৫ খন গাঁও, ৫০ হাজাৰটা পৰিয়ালে প্ৰতিটো মুহূৰ্তত জীয়াতু ভুগি আহিছে । বনৰীয়া হাতী, বানপানী, খহনীয়াকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । আমি ২০২৬ চনৰ পৰা ৰজাঘৰীয়াক দাবী জনাই আহিছোঁ যে মথাউৰিৰ পৰা ২-৩ কিঃমিঃ আঁতৰত ব্ৰহ্মপুত্ৰ নদীখন বৈ আছে । গতিকে ২ কিঃমিঃ আঁতৰত এই গাঁওকেইখনক সামৰি তেওঁলোকে এটা ৰিংবান্ধৰ ব্যৱস্থা কৰি দিব লাগে । শেহতীয়াভাৱে এটা ৰিংবান্ধৰ ব্যৱস্থা কৰিছে বুলি আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিবলৈ পাৰিছিলোঁ । শ্ৰদ্ধাৰ বিধায়কগৰাকীৰ আশাশুধীয়া প্ৰচেষ্টাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ।"
ভৰত শইকীয়াৰ পত্ৰ প্ৰসংগত তেওঁ কয়, "শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ মাজুলীৰ এজন ব্যক্তি, যিজন জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা আছিল । ভৰত শইকীয়া নামৰ এজন ব্যক্তিয়ে এই ৰিংবান্ধটোৰ বিৰোধিতাৰে এখন মুকলি পত্ৰ লিখিলে । এই পত্ৰখনৰ পিছতে সৰ্বত্ৰে চৰ্চা হৈছে, মাজুলীত চৰ্চা হৈছে, পূব মাজুলী অঞ্চলৰ বানাক্ৰান্ত যিসকল ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল সেই মানুহখিনি ক্ষোভিত অৱস্থাত আছে । তেওঁলোকে ক্ষোভ উজাৰিছে যে সেই ব্যক্তিজন দায়িত্বত থাকোতেই এই বৰ্তমানৰ মথাউৰিটোৱে এই গাঁওকেইখনক সামৰিব পৰা ব্যৱস্থা আছিল । তেওঁ এই গাঁওকেইখনক অন্যায় কৰি তেওঁ মথাউৰিটো এটা বৃহৎ টাৰ্ণিং দি বিলৰ মাজেৰে লৈ গৈছিল । শেহতীয়াকৈ সেই মানুহখিনিয়ে চৰকাৰক খাটনি ধৰাৰ ফলত মথাউৰিটো অহাৰ পিছত তেওঁ এতিয়া আকৌ বিৰোধিতা কৰিছে । গতিকে তেওঁ যিবিলাক অৰ্থহীন যুক্তি দেখুৱাইছে ৰাইজে তেওঁক গৰিহণা দিছে ।"
এতিয়া মাজুলীবাসীৰ দাবী আৰু এগৰাকী মাজুলীৰে সন্তান তথা প্ৰাক্তন জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ এখন পত্ৰই মাজুলীৰ অভিলাষী ৰিংবান্ধ প্ৰকল্পক লৈ মাজুলীত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে । কিন্তু চৰকাৰে এই প্ৰকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
আজিজুৰ ৰহমান হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত

