সত্ৰপীঠ মাজুলীত বিয়পিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম
সত্ৰনগৰীৰ পৰিৱেশ আৰু জনস্বাস্থ্যলৈ নামি আহিছে এক ভয়াৱহ সংকট ! বিভিন্ন ঠাইত পাৰ্থেনিয়াম নামৰ বিষাক্ত অপতৃণৰ বিস্তাৰ ৷

Published : June 11, 2026 at 12:51 PM IST
মাজুলী: সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী । মাজুলীৰ কলা-সংস্কৃতি আৰু প্ৰাকৃতিক পৰিৱেশে বিভিন্নজনক আকৃষ্ট কৰে । কিন্তু দুভাগ্যজনক কথাটো হ’ল শেহতীয়াকৈ বিশ্ব ঐতিহ্য তথা সত্ৰনগৰীৰ পৰিৱেশ আৰু জনস্বাস্থ্যলৈ নীৰৱে নামিছে সংকট !
কোনো বহিৰাগত শত্ৰু নহয়, বৰঞ্চ এবিধ অতি বিষাক্ত উদ্ভিদে এতিয়া গিলি পেলাব খুজিছে মাজুলীৰ স্বাভাৱিক জনজীৱন ।
মাজুলীৰ বিভিন্ন ঠাইত এতিয়া দেখিবলৈ পোৱা গৈছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম । নদীদ্বীপটোৰ পথৰ কাষৰ পৰা আদি কৰি খেতি পথাৰলৈকে বিস্তীৰ্ণ অঞ্চল এই বিষাক্ত অপতৃণবিধে ক্ৰমান্বয়ে চানি ধৰিছে । অতি দ্ৰুতগতিত বৃদ্ধি পোৱা এই পাৰ্থেনিয়ামে এতিয়া নদীদ্বীপটোৰ জনজীৱন আৰু কৃষিভূমিলৈ এক ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে ৷

মাজুলীৰ এটা অতি গুৰুত্বপূৰ্ণ তথা ব্যস্ত পথ হিচাপে পৰিগণিত হোৱা বনগাঁৱৰ পৰা অফলামুখ সংযোগী পথছোৱাত এই পাৰ্থেনিয়ামে এক বিশাল ক্ষেত্ৰক আৱৰি ধৰিছে । ইফালে বনগাঁৱৰ পৰা কঁহাল গাঁৱলৈ যোৱা এই সমগ্ৰ পথছোৱাৰ দুয়োকাষতে এই বিষাক্ত অপতৃণবিধ দেখিবলৈ পোৱা গৈছে ৷ আটাইতকৈ চিন্তনীয় কথাটো হ’ল, এই উদ্ভিদজোপাৰ ভয়ংকৰ পৰিণতি সন্দৰ্ভত স্থানীয় সাধাৰণ ৰাইজ এতিয়াও সম্পূৰ্ণ সজাগ নহয় ।

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, ‘‘এই পাৰ্থেনিয়াম যদি সময়ত ধ্বংস কৰিব পৰা নাযায়, তেন্তে পৰৱৰ্তী সময়ত কাষতে থকা বিস্তীৰ্ণ কৃষিভূমিলৈ যদি ই সম্প্ৰসাৰিত হ’ব ৷ এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে ই ছালৰ, চকুৰ আৰু পশুধনৰ কাৰণেও যথেষ্ট ক্ষতিকাৰক । এনেক্ষেত্ৰত এই বিষাক্ত পাৰ্থেনিয়ামক ধ্বংস কৰিবৰ কাৰণে জিলা প্ৰশাসনে যদি সময়োচিত পদক্ষেপ গ্ৰহণ নকৰে, নিশ্চিতভাৱে অহা সময়ত ই ভয়াৱহ ৰূপ ধাৰণ কৰিব ।’’
লগতে পঢ়ক : এটা উজুটিয়ে সলনি কৰিলে এটা পৰিয়ালৰ জীৱন লগতে পঢ়ক : ১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া |

