ETV Bharat / state

পদূলিত ভোগালী : সংকটৰ মাজতো দিনে-ৰাতিয়ে চাক ঘূৰিছে শালমৰাৰ কুমাৰৰ

সমাগত মাঘ বিহু ৷ প্ৰয়োজনীয় মাটিৰ অভাৱৰ মাজতে মাজুলীৰ শালমৰাত কুমাৰসকলে চলাইছে ভোগালীৰ প্ৰস্তুতি ৷

Pottery Artists busy for Magh Bihu
সংকটৰ মাজতো ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি মাজুলীৰ শালমৰাবাসীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 3:35 PM IST

5 Min Read
Choose ETV Bharat

মাজুলী : অসমীয়াৰ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী । ভোগালী বিহু বুলি ৰাজ্যৰ চৌদিশে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকা-বুঢ়া-মেথা সকলো ৷

আধুনিকতাৰ ধামখুমিয়াত তাহানিৰ কিছু নীতি-নিয়ম বা পৰম্পৰা লুপ্ত হৈ গৈছে যদিও আজিও বহু গাঁৱত শুনিবলৈ পোৱা যায় ঢেঁকীৰ গুমগুমনি ৷ ক’ৰবাত যদি গাঁৱৰ ডেকা-বুঢ়া সকলোৱে মিলি পথাৰৰ নৰা কাটি ভেলাঘৰ বা মেজি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে । আন কৰ’বাত আকৌ জীয়ৰী-বোৱাৰীসকলে জুইৰ কাষত বহি বিভিন্ন পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰিছে ৷ মুঠৰ ওপৰত এতিয়া ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী কাৰোৰে আজৰি নাই, সকলো ব্যস্ত ভোগলীক আদৰিবলৈ ।

মাঘ বিহু বুলি ব্যস্ততা বাঢ়িছে মাজুলীৰ শালমৰাৰ মৃৎশিল্পীসকলৰ (ETV Bharat Assam)

ইফালে মাঘ বিহু বুলি ব্যস্ততা বাহিছে মাজুলীৰ শালমৰাৰ মৃৎ শিল্পসকলৰ । জানিব পৰা মতে, শালমৰাৰ অধিকাংশ লোকেই কলহ বা টেকেলি বিক্ৰী কৰিয়েই তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে । এই মাঘৰ বিহুৰ বতৰত কুমাৰসকলে মাটিৰ পাত্ৰ বিক্ৰী কৰিয়েই বছৰটোৰ বাবে প্ৰয়োজনীয় খাদ্য সম্ভাৰ গোটায় ৷ এয়া তেওঁলোকৰ বাবে উত্তম সময় ।

কুমাৰ সম্প্ৰদায়ৰ লোকসকল বছৰটোৰ অধিকাংশ সময় এই বৃত্তিৰ লগত জড়িত হৈ থাকে যদিও বিহুৰ সময়ত তেওঁলোকৰ অধিক ব্যস্ততা বাঢ়ে ৷ কাৰণ বিহুৰ বতৰত গাখীৰ, দৈ বা বিভিন্ন জলপান থ’বৰ বাবে মাটিৰ পাত্ৰ অধিক পৰিমাণে বিক্ৰী হয় ৷ বিহুৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই কুমাৰ সম্প্ৰদায়ৰ লোকসকলে বজাৰলৈ উলিয়াইছে তেওঁলোকে নিৰ্মাণ কৰা মাটিৰ সামগ্ৰীসমূহ ।

Pottery Artists busy for Magh Bihu
মাঘ বিহু বুলি ব্যস্ততা বাঢ়িছে মাজুলীৰ শালমৰাৰ মৃৎশিল্পীসকলৰ (ETV Bharat Assam)

মাজুলীৰ এইসকল কুমাৰ সম্প্ৰদায়ৰ লোকে নিৰ্মাণ কৰা মাটিৰ সামগ্ৰীসমূহ মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ যায় ৷ আজি কেই বছৰৰ আগৰ পৰা এইসকল মৃৎশিল্পীয়ে মাটিৰ বাচন তৈয়াৰ কৰিবলৈ বিমোৰত পৰা দেখা গৈছে ৷ কিয়নো তেওঁলোকে ব্যৱহাৰ কৰা মাটি এতিয়া আগৰ দৰে নোপোৱা হৈ গৈছে ।

মাটিৰ অভাৱৰ বাবে এতিয়া এইসকল মৃৎশিল্পীয়ে আন বছৰৰ তুলনাত মাটিৰ সামগ্ৰী তৈয়াৰ কৰাত অসুবিধাত পৰিছে ৷ ফলত আজিৰ তাৰিখত তেওঁলোকৰ বাবে পৰিয়াল পোহপাল দিয়াটো টান হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত এই বৃত্তি বহু পৰিয়ালে এৰি দিবলৈ বাধ্য হৈ পৰিছে ৷ সেয়ে কুমাৰ সম্প্ৰদায়ৰ লোকসকলে এই শিল্পটো জীয়াই ৰখাৰ বাবে চৰকাৰলৈ আহ্বান কৰিছে ৷ অন্যথা এই শিল্পটো এদিন বিলুপ্ত হৈ যাব ।

এই শিল্পৰ লগত জড়িত অজিত হাজৰিকা নামৰ স্থানীয় লোকজনে কয়, ‘‘বিহু যিমানেই ওচৰ চাপিছে সিমানেই আমাৰ মৃৎ শিল্পীসকলৰ ব্যস্ততা বাঢ়িছে । এই বিহুৰ আগতেই শালমাৰাৰ মৃৎ শিল্পীসকলে মাটিৰ বাচনসমূহ প্ৰস্তুত কৰি বিক্ৰী কৰে ৷ মাটিৰ বাচন বিক্ৰী কৰি পোৱা ধনেৰে তেওঁলোকে ভোগালীৰ বাবে প্ৰয়োজনায় ধান, মাহ, তিল, সৰিয়হ আদি কিনি আনে ।’’

তেওঁ লগতে কয়, ‘‘এই সামগ্ৰীসমূহ ইতিমধ্যে বিক্ৰীৰ বাবে অসমৰ বিভিন্ন প্ৰান্তলৈ ইতিমধ্যে লৈ যোৱা হৈছে । এই সামগ্ৰীসমূহ বিক্ৰী কৰিয়েই এই লোকসকলে নিজৰ নিজৰ পৰিয়ালসমূহ পোহপাল দি আহিছে ৷ সেয়ে এইক্ষেত্ৰত কুমাৰসকলৰ কথা চৰকাৰে এবাৰ ভাবিব লাগে ।’’

মাটিৰ অভাৱ আৰু চৰকাৰলৈ আহ্বান...

মৃৎশিল্পৰ কথা মনলৈ অহাৰ লগে লগেই পোন প্ৰথমে মনলৈ আহে মাজুলীৰ এই শালমৰাৰ কথা । এই শালমৰাৰ কুমাৰসকলে ব্ৰহ্মপুত্ৰ নদীৰ সমীপতে বসবাস কৰে । ব্ৰহ্মপুত্ৰৰ গৰাখাহনীয়াই প্ৰতি বছৰে তেওঁলোকৰ জীৱন আৰু জীৱিকালৈ ভাবুকি কঢ়িয়াই আনে । বৰ্তমান আকৌ মাটিৰ সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱো এই শালমৰাৰ মৃৎশিল্পৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে ৷

Pottery Artists busy for Magh Bihu
শালমৰাত কুমাৰসকলে চলাইছে ভোগালীৰ প্ৰস্তুতি (ETV Bharat Assam)

চৰকাৰীভাৱে অন্যান্য ক্ষুদ্ৰ উদ্যোগৰ দৰে শালমৰাৰ এই মৃৎ শিল্পকো যদি এখন আঁচনিৰ জৰিয়তে সহায় কৰা হয়, তেন্তে এই ঐতিহ্যমণ্ডিত শিল্পটো জীয়াই থকাৰ লগতে শিল্পীসকল আৰ্থিকভাৱে সৱল হ’ব বুলি আশাবাদী কুমাৰসকল ।

জগত হাজৰিকা নামৰ শালমৰাৰ এজন স্থানীয় লোকে কয়, ‘‘বৰ্তমান এই শিল্পৰ বাবে ব্যৱহৃত মাটিৰ এতিয়া অভাৱ ঘটিছে । এই সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহৃত মাটি আগতে নদীৰ পাৰত গাঁত খান্দি উলিয়াইছিল শালমৰাৰ কুমাৰ সম্প্ৰদায়ৰ লোকসকলে । ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া অধিক হোৱাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা নদীৰ পাৰত কুমাৰ মাটি খন্দা বন্ধ কৰি দিছে ৷ যাৰ ফলশ্ৰুতিত এতিয়া কোনোবা পথাৰ, কোনোবা পুখুৰী খন্দা স্থানৰ পৰা এই মাটি সংগ্ৰহ কৰি এই শিল্প জীয়াই ৰাখিবলগীয়া হৈছে । যদি চৰকাৰে এই মাটিখিনি যোগাৰৰ ব্যৱস্থা কৰে এই লোকসকল যথেষ্ট উপকৃত হ’ব ।’’

লগতে পঢ়ক : লালিলাঙৰ গুঞ্জন : ভেলাঘৰ, মাছধৰা যতন বনোৱাত ব্যস্ত ডিমৰীয়াৰ ৰাইজ

লগতে পঢ়ক : ভোগালীৰ আনন্দ জুবিনময় ! নৰা-বাঁহেৰে গঞাই সাজি উলিয়ালে ৩০ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ প্ৰিয় গীটাৰ