বছৰটোৰ শেষত বিশ্বনাথত পুনৰ চলিল বুলড'জাৰ
বিশ্বনাথৰ বাঘমাৰিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান । উচ্ছেদ অভিযানত বাধা সৃষ্টিৰ কৰিব পাৰে বুলি নিশাই আটক কৰি লাখিলে ৪ জনক ।

Published : December 28, 2025 at 2:08 PM IST
বিশ্বনাথ : বছৰটোৰ শেষ নৌহওতেই বিশ্বনাথৰ আন এক প্ৰান্তত আকৌ চলিল প্ৰশাসনৰ বুলড'জাৰ । এইবাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলালে বিশ্বনাথৰ বাঘমাৰিত । আগষ্ট মাহতে জিলা প্ৰশাসনে মুঠ ৭৩২ টা পৰিয়াললৈ প্ৰেৰণ কৰিছিল উচ্ছেদৰ জাননী । এই জাননী লাভ কৰাৰ পাছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৬৮ টা পৰিয়াল । যাৰ ফলত স্থগিত ৰখা হৈছিল উচ্ছেদ অভিযান । কিন্তু অৱশেষত বছৰটো শেষ হ'বলৈ মাত্ৰ দুটা দিন থাকোতে দেওবাৰে পুৱা ৭ বজাৰ পৰা চলিল উচ্ছেদ অভিযান ।
ন্যায়লয়ৰ কাষ চপা ৬৮ পৰিয়াল বাদ দি বাকী থকা ৬৬৪ টা ঘৰত পুৱা ৭ বজাৰ পৰা প্ৰশাসনে আৰম্ভ কৰে উচ্ছেদ অভিযান । এই বেদখলকাৰী সকলে ২০৩ আৰু ১৮৯ নং দাগৰ মুঠ ২৬৫ বিঘা VGR ভূমি দখল কৰি ৰাখিছিল । ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনৰ এক বৃহৎ আৰক্ষীৰ দলে প্ৰায় ২০ খনকৈ এস্কেভেটৰেৰে চলাইছে উচ্ছেদ অভিযান ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশ্বনাথৰ ননকে জাপৰিগুৰিত বিশ্বনাথ জিলা প্ৰশাসনে চলাইছিল উচ্ছেদ আৰু এতিয়া বাঘমাৰিত চলা এই অভিযান জিলাখনৰ দ্বিতীটো উচ্ছেদ অভিযান ।
হাড় কঁপোৱা শীতৰ এই সময়ত উচ্ছেদ চলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিতৰ । নিজৰ সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি পেলোৱা দেখি সেমেকি উঠিছে দুচকু । এগৰাকী উচ্ছেদিত তথা জ্যেষ্ঠ নাগৰিক আলাপউদ্দিন হাজিৰে সংবাদমাধ্যমৰ আগত কয়, "আমি ইমান দিনৰ পৰা ইয়াত বসবাস কৰি আছিলো । ইয়াত আজি আমাৰ ঘৰ ভাঙি আছে প্ৰশাসনে । আমাৰ ইমান ধুনীয়া এখন ঘৰ আছিল সেইখন ঘৰ ভাঙি আছে আমি কেনেকৈ থাকিম আমি সচাকৈ আজি উপায়হীন হৈ পৰিছো ।"

আবেগিক হৈ পৰা হাজিৰে লগতে কয়,"আমাৰ দেউতাহতৰ দিনৰ পৰাই আমি ইয়াত বসবাস কৰি আছো । আচলতে এই মাটি কি মাটি, আমি একো নাজানো । কিন্তু দীৰ্ঘদিন ধৰি চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈছো, আহিছো । কিন্তু আজিলৈকে মাটিখিনিৰ পট্টা কৰি নিদিলে ।"

আন এগৰাকী ভুক্তভোগী আব্দুল আলীয়ে ইটিভি ভাৰতৰ আগত কয়, "এতিয়া আমি কৰিবলগীয়া একো নাই এইটো এটা অমানবীয় অত্যাচাৰ চলাই উচ্ছেদ অভিযান চলায় । বৰ্তমানলৈকে উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে তাৰ মাজতে উচ্ছেদ চলাই আছে প্ৰশাসনে । ইফালে যদিও উচ্ছেদ চলাইছে আমাৰ আপত্তি নাই । কিন্তু এই লোকসকলক পুনৰ সংস্থাপন দিয়ক ।"

আলীয়ে লগতে কয়, "এইসকল লোকে পূৰ্বে গৰাখহনীয়াত নিজৰ ভূমি হেৰুৱাইছিল । পূৰ্বে এইসকল লোক বিশ্বনাথৰ বখলিদুবি নামৰ ঠাইত বসবাস কৰি আছিল যদিও, পৰৱৰ্তী সময়ত সেই সময়ৰ চৰকাৰে আনি নিজ বাঘমাৰিত সংস্থাপন দিছিল । তেতিয়াৰে পৰাই বসবাস কৰি আছিল এই লোকসকল ।"


আনহাতে এই উচ্ছেদ অভিযানত বাধা বা অন্য কিবা সমস্যাৰ সৃষ্টি কৰাৰ সন্দেহত বিশ্বনাথ জিলা আমছুৰ সভাপতি হুছেইন শিকদাৰ, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফকিৰ আলী মজুমদাৰ আৰু সাংবাদিক আব্দুল বাৰেকৰ লগতে আনোৱাৰ ইছলাম নামৰ চাৰিজন লোকক জিলা আৰক্ষীয়ে নিশাই আটক কৰি বিহালী আৰক্ষী থানাত ৰাখিছে বুলি জানিব পৰা গৈছে ।


