বহি গ'ল বেকী নদীৰ দলঙৰ মাজ অংশ; নাৱেৰে বিপদসংকুলভাৱে পাৰাপাৰ স্থানীয় ৰাইজৰ
বিপদসংকুল বেকী নদীৰ দলং । সকলো ধৰণৰ যাতায়াত বন্ধ । নাৱেৰে নদী পাৰাপাৰ স্থানীয় ৰাইজৰ ।

Published : October 15, 2025 at 4:53 PM IST
বৰপেটা: আমিনগাঁৱৰ পৰা বৰপেটা হৈ অভয়াপুৰীলৈ যোৱা ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ ওপৰত থকা বেকী দলঙৰ মাজৰ অংশ ৯ অক্টোবৰত প্ৰায় এক ফুট তললৈ বহি যায় ৷ প্ৰায় ৭৪ কোটি টকা ব্যয়সাপেক্ষে দলংখনৰ নিৰ্মাণকাৰ্য ২০১৫ চনত সম্পন্ন কৰিছিল অসমৰ ডি ডি এছ কনষ্ট্ৰাকচন কোম্পানীয়ে ৷
বৰপেটা জিলাৰ জনিয়াৰ কৰাৰকুৰত থকা বেকী নদীৰ বৃহৎ দলংখনৰ এটা খুঁটা তললৈ বহি যোৱাত দলংখনেৰে সকলো ধৰণৰ যাতায়াত অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছে । আনকি খোজকাঢ়ি মানুহ অহা-যোৱা কৰাও নিষিদ্ধ কৰা হৈছে । ইয়াৰ বিপৰীতে দলংখনৰ মেৰামতিৰ কামো লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিছে ।
দলংখনৰ ওপৰেৰে যাতায়াত সম্পূৰ্ণ বন্ধ কৰি দিয়াত মানুহে নাৱেৰে নদীখন পাৰাপাৰ হ'বলৈ বাধ্য হৈছে । দলংখন থকা দুই নম্বৰ ৰাজ্যিক ঘাইপথটো পশ্চিম অসমৰ অন্যতম এটা ব্যস্ত পথৰূপে পৰিগণিত হৈ আহিছে । দৈনিক হেজাৰ হেজাৰ লোকে দলংখনৰ ওপৰেৰে যাতায়াত কৰি আহিছিল ।
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল ৰাজ্যিক ঘাইপথটোতে অৱস্থিত হোৱাত পথটো পশ্চিম অসমৰ আন আন জিলাৰ বাবেও হৈ আহিছে অত্যন্ত গুৰুত্বপূৰ্ণ । এনেক্ষেত্ৰত দলংখন সম্পূৰ্ণ বন্ধ হৈ পৰাত জৰুৰীকালীন চিকিৎসাও বাধাগ্ৰস্ত হৈছে ।

ইপিনে জিলা প্ৰশাসনে চাৰিখন নাৱৰ ব্যৱস্থা কৰিছে যদিও ভাৰা যথেষ্ট বেছি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এজন মানুহ এবাৰ নদীখন পাৰ হোৱাৰ বিনিময়ত ২০ টকা আৰু মটৰচাইকেলসহ ৫০ টকা আদায় দিব লাগে । ইয়াৰ ফলত সাধাৰণ লোকৰ যথেষ্ট বিড়ম্বনা হৈছে ।
এই সন্দৰ্ভত কলগাছিয়াৰ এগৰাকী স্থানীয় ব্যক্তি কচেৰ আলীয়ে কয়, "নাৱৰে যাতায়াত ব্যৱস্থাও অতি বিপদসংকুলভাবে চলিছে । নাৱত অত্যধিক যাত্ৰীৰ লগতে মটৰচাইকেলো অধিকসংখ্যক পৰিবহণ কৰাৰ ফলত যিকোনো দুৰ্ঘটনাৰ আশংকা আছে । সেয়েহে প্ৰশাসনক অধিক নাৱৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ ।"

একেদৰে ভাৰাও অত্যধিক হোৱাত সাধাৰণ লোকৰ বাবে যাতায়াত কৰাটো দুৰ্বিষহ হৈ পৰিছে ৷ সেয়ে অধিকসংখ্যক নাৱৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে বৰপেটা-বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক নজৰুল ইছলামে ।

