ETV Bharat / state

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ

"সি বেয়া বস্তু খোৱা বাবে ৰিহেব চেণ্টাৰত আছিল ৷ এতিয়া সি শাস্তি পাইছে ।" আৰিয়ানৰ মাতৃৰ ভাষ্য ৷

JORHAT GIRL MYSTERY DEATH
আৰক্ষীৰ জালত আৰিয়ান গোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 11:21 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰঙীন পাৰ্টী, সুন্দৰী যুৱতী আৰু ড্ৰাগছ সেৱন - এতিয়া এই তিনিটাৰ মাজতে যেন যোৰহাটৰ এগৰাকী যুৱতীৰ মৃত্যু ৰহস্য সোমাই পৰিছে ৷ স্বাধীনতা দিৱসৰ দিনটোত শইকীয়া উপাধিৰ যুৱতীগৰাকীয়ে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ পিছৰে পৰা পলাতক হৈ থকা আৰিয়ান গোস্বামী অৱশেষত আৰক্ষীৰ জালত পৰিল ৷

মঙলবাৰে নিশা গোলাঘাটৰ ৰঙাজানৰ পৰা যোৰহাট আৰক্ষীয়ে আৰিয়ানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ তাৰ পিছতে পোনে পোনে আৰিয়ানক যোৰহাট সদৰ থানালৈ নিয়া হয় ।

মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ (ETV Bharat Assam)

সম্প্ৰতি যোৰহাট সদৰ থানাত ৰখা আৰিয়ানক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ আৰিয়ানক গ্ৰেপ্তাৰ কৰি থানালৈ অনাৰ মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত আৰিয়ানে নিজকে নিৰ্দোষী বুলি দাবী কৰে ৷

JORHAT GIRL MYSTERY DEATH
মৃত্যুক সাবটি লোৱা যোৰহাটৰ যুৱতীগৰাকী (ETV Bharat Assam)

আনহাতে, এই ঘটনাৰ পিছতে আৰিয়ানৰ মাতৃয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ নিজৰ ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰিয়ানৰ মাতৃ ঝৰ্ণা গোস্বামীয়ে কয়, "সি বেয়া বস্তু খোৱা বাবে ৰিহেব চেণ্টাৰত আছিল ৷ এতিয়া সি শাস্তি পাইছে । যিদিনা মোৰ ফ্লেটত পাৰ্টী হৈছিল, মই নাছিলো ৷ মোৰ কাকতি গাঁৱত থকা মাৰ ঘৰলৈ গৈছিলো, কাৰণ মা অসুস্থ ।" ইয়াৰ লগতে তেওঁ আৰু কয়, "মই কোনো ৰিহেব চেণ্টাৰ খোলা নাছিলো ৷ মোৰ ৰিহেব চেণ্টাৰত কোনো মানুহ মৰা নাই ।"

উল্লেখ্য যে, ১৫ আগষ্টৰ নিশা যোৰহাটৰ দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টত ঝৰ্ণা গোস্বামীৰ পুত্ৰ আৰিয়ান গোস্বামীয়ে বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই পাৰ্টীলৈ বাহিৰৰ পৰা কেইবাগৰাকীও যুৱক-যুৱতী আহিছিল ৷

এই পাৰ্টীত সুন্দৰী যুৱতীসকলৰ লগতে নিচাজাতীয় সামগ্ৰীৰ পয়োভৰ ঘটা বুলি এপাৰ্টমেণ্টটোৰ আন একাংশ লোকে দাবী কৰিছিল ৷ ঘৰৰ পৰা বজাৰলৈ আহিম বুলি কৈ ওলাই অহা পকামুৰা ন-পমুৱাৰ শইকীয়া উপাধিৰ এজনী যুৱতীও এই পাৰ্টীলৈ আহিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল ৷

লগতে পঢ়ক: যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু; ঘটনাৰ সৈতে জড়িত কিশোৰীসহ তিনিজনক আটক