ETV Bharat / state

মালিকহন্তা ৰামপ্ৰসাদৰ আক্ৰমণত এইবাৰ মাউতৰ মৃত্যু

যোৱা বছৰ ৰামপ্ৰসাদ নামৰ পোহনীয়া হাতীটোৰ আক্ৰমণত মালিকৰ মৃত্যু হৈছিল । এবছৰ নৌহওঁতেই হাতীটোৰ আক্ৰমণত দুজনৰ মৃত্যু ।

Mahout killed in a domestic elephant attack
মালিকহন্তা ৰামপ্ৰসাদৰ আক্ৰমণত এইবাৰ মাউতৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 6:41 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: জিলাখনৰ দেৰগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে । পোহনীয়া হাতীৰ আক্ৰমণৰ ফলত থিতাতে নিহত হ'ল এজন মাউত । নিহত মাউতজনৰ নাম প্ৰশান্ত বুলি জানিব পৰা গৈছে । ৰামপ্ৰসাদ নামৰ পোহনীয়া হাতীটোৰ আক্ৰমণত নিহত হয় মাউতজন । সম্প্ৰতি অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে দেৰগাঁও মলাই কুমাৰ গাঁৱৰ এটা পথৰ দাঁতিত প্ৰশান্তই পোহনীয়া হাতীটোক বাঁহ পাত খুৱাই আছিল । সেই সময়তে উক্ত পথটোৰে ৰামপ্ৰসাদ নামৰ আন এটা পোহনীয়া হাতী আহি আছিল । প্ৰশান্ত নামৰ মাউতজন তলত নামি আহিছিল । কিন্তু তেনে সময়তে হঠাতে ৰামপ্ৰসাদ নামৰ হাতীটোৱে প্ৰশান্তক আক্ৰমণ কৰে । ৰামপ্ৰসাদৰ লগত থকা মাউতজনেও তৰ্কিবই নোৱাৰিলে । মাউতজনে ৰামপ্ৰসাদক নিয়ন্ত্ৰণ কৰাৰ পূৰ্বেই এই ঘটনা সংঘটিত কৰে । ফলত আনটো হাতীৰ মাউত প্ৰশান্ত থিতাতে নিহত হয় । এই ঘটনা সংঘটিত কৰিয়ে আঁতৰি যায় ৰামপ্ৰসাদ । পিছে পিছে মাউতজনে খেদি গৈ ৰামপ্ৰসাদক বঙ্গালগাঁৱৰ এখন হাবিৰ মাজত বান্ধিবলৈ সক্ষম হয় ।

দেৰগাঁৱত পোহনীয়া হাতীৰ আক্ৰমণত মাউতৰ মৃত্যু (ETV Bharat)

ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে উক্ত স্থানত দেৰগাঁও আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় । লক্ষণীয় কথাটো হ'ল যে ৰামপ্ৰসাদ নামৰ পোহনীয়া হাতীটোৱে পূৰ্বেও এনে ঘটনা সংঘটিত কৰিছে । বিগত বছৰৰ ছেপ্টেম্বৰ মাহত ৰামপ্ৰসাদৰ আক্ৰমণত মালিক কেশৱ বৰাৰ মৃত্যু হৈছিল । সেই সময়ত ৰামপ্ৰসাদ উন্মাদ হৈ মালিকসহ মাউতক আক্ৰমণ কৰাৰ লগতে বাহন আৰু বহু সা-সম্পত্তিৰো বিস্তৰ ক্ষতি কৰিছিল । বন বিভাগে সেই সময়ত হাতীটোক ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণলৈ আনিছিল । কিন্তু এবছৰ নৌহওঁতেই ৰামপ্ৰসাদৰ আক্ৰমণত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে এতিয়া অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । আৰক্ষী আৰু বন বিভাগে ইতিমধ্যে নিজৰ নিজৰ ধৰণে তদন্তৰ লগতে ব্যৱস্থা গ্ৰহণ কৰিছে ।

Mahout killed in a domestic elephant attack
আৰক্ষী আৰু বন বিভাগে তদন্ত আৰম্ভ কৰিছে (ETV Bharat)

এই সন্দৰ্ভত বাঁহৰ পাত খাই থকা হাতীটোৰ মালিকে কয়, "ৰামপ্ৰসাদ নামৰ হাতীটোৱে এই পথেৰে আহি আছিল । সেই সময়ত এই স্থানত পূৰ্বৰ পৰা আমাৰ এটা হাতী বাঁহ পাত খাই আছিল । তাৰ পাছত ৰামপ্ৰসাদে এই হাতীটোৰ মাউতজনক আক্ৰমণ কৰে । এই হাতীটোৱে পূৰ্বে নিজৰ মালিককো মাৰিছে । এতিয়া প্ৰশাসন তথা বন বিভাগৰ লগত আলোচনা কৰি কিবা এটা ব্যৱস্থা কৰিব লাগিব ।"

Mahout killed in a domestic elephant attack
দেৰগাঁৱত পোহনীয়া হাতীৰ আক্ৰমণত মাউতৰ মৃত্যু (ETV Bharat)

অঞ্চলটোৰ লোকসকলেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে । মালিকহন্তা ৰামপ্ৰসাদৰ আক্ৰমণত এইবাৰ মাউতৰ মৃত্যু হ'ল, কিন্তু এইবাৰ ব্যৱস্থা নল'লে পৰৱৰ্তী সময়ত আন কোনো লোক হাতীটোৰ আক্ৰমণৰ বলি হ'ব পাৰে বুলিও ৰাইজে আশংকা কৰিছে ।

লগতে পঢ়ক :

ৰামপ্ৰসাদৰ আক্ৰমণত মালিকৰ মৃত্যু, আহত দুজন