পৱিত্ৰ ৰমজান মাহত এখন বিশেষ বিপণিয়ে বিলাইছে সম্প্ৰীতিৰ বাৰ্তা
২০০০ চনৰ পৰা লক্ষ্ণৌৰ এটা বিশেষ ব্যৱসায়ীৰ দল গুৱাহাটীলৈ আহে । কেৱল ৰমজান মাহত হে আহে তেওঁলোক ।

Published : March 1, 2026 at 8:50 PM IST
গুৱাহাটী: ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে । তাৰ মাজতে এখন বিপণিয়ে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে । প্ৰতিবছৰে ৰমজান মাহত সকলোৰে দৃষ্টি থাকে এই বিপণিখনত । দূৰ-দূৰণিৰ পৰা গ্ৰাহক আহে বিপণিখনলৈ । বিপণিখনৰ সুস্বাদু ব্যঞ্জনৰ সোৱাদ ল'বলৈ এবছৰ অপেক্ষা কৰিব লাগে গ্ৰাহকসকলে । এই বিপণিখনেই একত্ৰিত কৰে হিন্দু-মুছলমানক ।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাম্প্ৰদায়িক সংঘৰ্ষ, বিবাদ আদিৰ খবৰে সকলোকে উদ্বিগ্ন কৰাৰ সময়তে এই বিপণিখনে কেনেদৰে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আপুনি ৰমজান মাহত গুৱাহাটী মহানগৰীৰ মাছখোৱালৈ আহিব লাগিব । য'ত ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে নৱাবৰ দেশ লক্ষ্ণৌৰ পৰা এখন বিশেষ বিপণি আহে । বিশেষকৈ ৰমজান মাহ উপলক্ষে ইছলাম ধৰ্মী লোকসকলক টাৰ্গেট কৰিয়ে ব্যৱসায়ীৰ দলটো লক্ষ্ণৌৰ পৰা গুৱাহাটীলৈ আহে । কিন্তু এই বিপণিত উপলব্ধ ব্যঞ্জনে কেৱল ইছলাম ধৰ্মী লোককে নহয় প্ৰতিটো ধৰ্মৰ লোককে আকৰ্ষণ কৰে ।
এই বিপণিখন মোগলাই পৰঠা, বিৰিয়ানি, হালোৱা, মাংসৰ ব্যঞ্জন, বিভিন্ন প্ৰকাৰৰ মিঠাই, খীৰ, নিমকি, জেলেপী আদিৰ বাবে বিখ্যাত । বিশাল আকাৰৰ পৰঠা যাক লক্ষ্ণৌৰ শ্বাহী বা মোগলাই পৰঠা বুলি কোৱা হয় । এই মোগলাই পৰঠাৰ সোৱাদ ল'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল মাছখোৱালৈ আহে । বহুতে ঘৰলৈ পেকিং কৰিও লৈ যায় । কেৱল পৰঠাই নহয় বিভিন্ন প্ৰকাৰৰ হালোৱাৰ বাবে বিখ্যাত এই মদিনা ছুইটছ নামৰ বিপণিখন । বিশেষকৈ দুপৰীয়াৰ পৰা নিশালৈ এই বিপণিত ভিৰ কৰে হিন্দু-মুছলমান সকলো ধৰ্মৰ লোকে ।

২০০০ চনৰ পৰাই প্ৰতিবছৰে ৰমজান মাহত মাছখোৱাত বিপণিখন স্থাপন কৰে লক্ষ্ণৌৰ ব্যৱসায়ীৰ দলটোৱে । বছৰি ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । ৫০ বছৰ ধৰি লক্ষ্ণৌত মিঠাই ব্যৱসায়ৰ লগত জড়িত আফতাব আলমে এই বিপণিখনৰ জৰিয়তে মহানগৰবাসীক সুস্বাদু ব্যঞ্জনৰ সোৱাদ দিছে । তেওঁ এই সন্দৰ্ভত কয়, "প্ৰথমতে অসমবাসীক ধন্যবাদ জনাইছোঁ । তেওঁলোকে ইমান ভাল সঁহাৰি দিছে । বিৰিয়ানি, হালোৱা আৰু মোগলাই পৰঠাৰ চাহিদা অধিক যদিও ঘিউত বনোৱা গাজৰৰ হালোৱা, মুগদাল হালোৱা খাবলৈ আমাৰ বিপণিলৈ হিন্দু-মুছলমান সকলো ধৰ্মৰ গ্ৰাহকেই আহে । ৪০ শতাংশ হিন্দু গ্ৰাহক আমাৰ বিপণিলৈ আহে ।"

ইফালে বিপণিখনলৈ সুস্বাদু ব্যঞ্জনৰ সোৱাদ ল'বলৈ অহা গ্ৰাহকসকলে কয়, "মদিনা ছুইটছক খাদ্য সামগ্ৰীবোৰৰ যি সোৱাদ সেই সোৱাদ বেলেগত পোৱা নাযায় । ইয়াৰ সোৱাদেই সুকীয়া । ৰমজানৰ সময়ত পোৱা যায় বাবে প্ৰতিবছৰে ইয়ালৈ আহোঁ সুস্বাদু খাদ্যৰ সোৱাদ ল'বলৈ ।" আচলতে এয়াই বিশেষত্ব এই বিপণিখনৰ । কেৱল ৰমজান মাহত এই বিপণিখন দিয়া হয় যদিও ইয়াত কেৱল ইছলাম ধৰ্মী লোকে নাহে, ইয়াৰ গ্ৰাহকৰ অধিকাংশই হিন্দু । ইয়াত ধৰ্মৰ কথা আলোচনা নহয় আলোচনা হয় কেৱল ইয়াৰ বিভিন্ন ব্যঞ্জনৰ সোৱাদৰ । সেয়ে হয়তো বহুতে এই বিপণিখনত সম্প্ৰীতিৰ নিদৰ্শন বুলি স্বীকাৰ কৰে ।
লগতে পঢ়ক :অষ্ট্ৰেলিয়া-ভূটানলৈকে ৰপ্তানি জুৰি মণি কলিতাই তৈয়াৰ কৰা মুখা

