স্ব-গৃহত মাধুৰ্যৰ নশ্বৰদেহ: আছিফে অকলে সংঘটিত কৰিছিল আক্ৰমণ
নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী শ্বহীদ ভৱনৰ পৰা সমদল কৰি স্বগৃহলৈ আনে মাধুৰ্যৰ নশ্বৰদেহ ।

Published : June 1, 2026 at 6:16 PM IST
নলবাৰী: নলবাৰীৰ গংগাপুৰত দেওবাৰে সন্ধিয়া বৰ্বৰ আক্ৰমণত অকাল মৃত্যুক সাবটি লোৱা আছু নেতা মাধুৰ্য বৰ্মনৰ নশ্বৰদেহ সোমবাৰে বিয়লি চামতাৰ বালিপথাৰস্থিত বাসগৃহলৈ অনা হয় ৷ মাধুৰ্যৰ শৱদেহ ঘৰ আহি পোৱাৰ পাছতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷
পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পদ গ্ৰহণৰ দিনাই সন্ধিয়া নৃশংস আক্ৰমণৰ সন্মুখীন হৈ অকাল মৃত্যুক আকোঁৱালি লয় মাধুৰ্য বৰ্মনে । জিলা ছাত্ৰ সন্থাই নলবাৰী শ্বহীদ ভৱনৰ পৰা সমদল কৰি স্বগৃহলৈ আনে মাধুৰ্যৰ নশ্বৰদেহ ।
অতি অমায়িক, উঠি অহা সম্ভাৱনা এটিৰ অকাল মৃত্যুত গাঁৱৰ লোকৰ লগতে আছুৰ নেতৃত্বই গভীৰ শোক প্ৰকাশ কৰে ৷ মাধুৰ্যৰ নশ্বৰদেহ বাসগৃহত উপস্থিত হোৱাৰ পাছত বিভিন্ন দল-সংগঠন, সমাজ সচেতন ব্যক্তিৰ লগতে গাঁৱৰ ডেকাৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে শেষবাৰলৈ শ্ৰদ্ধা জনায় ।
ইফালে মাধুৰ্য বৰ্মনৰ হত্যাৰ অভিযুক্ত আছিফ খান ওৰফে ৰ’জ আলীৰ এনকাউণ্টাৰ সন্দৰ্ভত নলবাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে কয় যে- "আমি তেওঁক (আছিফ খান ওৰফে ৰ’জ আলী) বিচাৰি আটক কৰি হত্যাত ব্যৱহৃত দা খন বিচাৰি অভিযান চলোৱা সময়ত তেওঁ আৰক্ষীৰ পৰা বন্দুক কাঢ়ি গুলীবৰ্ষণ কৰি পলায়নৰ চেষ্টা চলাইছিল ৷ কিন্তু আমি প্ৰত্যুত্তৰত তেওঁলৈ গুলী কৰাত তেওঁৰ বুকুত গুলী লাগে ৷"
জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী জানিবলৈ দিয়া মতে, আছিফ আলীয়ে অকলে এই কাণ্ড সংঘটিত কৰিছিল ৷ তেওঁ লগতে ৰাইজক সজাগ হোৱাৰ লগতে গাঁৱত পহৰাৰ ব্যৱস্থা কৰাৰ বাবেও আহ্বান জনায় ।
আনহাতে আছু নেতা ভৱজিৎ বেজবৰুৱাই মাধুৰ্যৰ মৃত্যু বৃহৎ ক্ষতি বুলি উল্লেখ কৰি এক সম্ভাৱনা চিৰদিনৰ বাবে হেৰাই গ’ল বুলি উল্লেখ কৰি আক্ষেপ প্ৰকাশ কৰে ।
উল্লেখ্য যে, নলবাৰীৰ গংগাপুৰত দেওবাৰে সন্ধিয়া মাধুৰ্য বৰ্মন আৰু সম্বন্ধীয় ভগ্নী স্কুটীৰে গৈ থকা অৱস্থাত গংগাপুৰত আক্ৰমণৰ সন্মুখীন হয় ৷ এই ঘটনাত মাধুৰ্য বৰ্মনৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁ ভগ্নী গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান জিএমচিএইছত জীৱন মৃত্যুৰে যুঁজি আছে । দেহৰকালাকুছিৰ আছিফ খান ওৰফে ৰ'জ নামৰ এজন যুৱকে দাৰে তেওঁলোকক আক্ৰমণ কৰিছিল আৰু সোমবাৰে দুপৰীয়া আৰক্ষীৰ এনকাউণ্টাৰত তেওঁৰ মৃত্যু হয় ৷

