মোলাই কাঠনি ২.০ত বনদস্যুৰ চকু, কি হ’ব দুষ্কৃতিকাৰীৰ শাস্তি- প্ৰশ্ন প্ৰকৃতিপ্ৰেমীৰ
সেউজীয়া অৰণ্যক ধ্বংস কৰা ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ আহ্বান লুৰীণজ্যোতি গগৈ, বৰষাৰাণী বিষয়া আৰু আচুৰ্য বৰপাত্ৰৰ ৷

Published : December 30, 2025 at 10:46 AM IST
যোৰহাট : সমগ্ৰ বিশ্বৰ বাবে পৰিচিত এখন অৰণ্য, যাৰ নাম হ’ল যোৰহাটৰ মোলাই কাঠনি ৷ যোৰহাটৰ উত্তৰ প্ৰান্তৰ ককিলামুখ আৰু মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰক সাঙুৰি অৰণ্য মানৱ যাদৱ পায়েঙে এককভাৱে সৃষ্টি কৰিছিল এই অৰণ্যখন ৷ এই অৰণ্যখন নাই কি ! বিভিন্ন প্ৰজাতিৰ গছৰ পৰা আদি কৰি দেশা-বিদেশী পক্ষী, ভিন্ন জীৱ জন্তুৰ বাসস্থান এই ভূমি ৷
অৰণ্য মানৱ যাদৱ পায়েঙে সৃষ্টি কৰা অৰণ্যখনৰ কাষতে ব্ৰহ্মপুত্ৰৰ চাপৰিত ‘‘মোলাই কাঠনি’’ৰ আৰ্হিত ২০২২ চনৰ পৰা নতুনকৈ গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছিল তেওঁৰ জী মুনমুনী পায়েঙে ৷ যাৰ নাম দিছিল ‘‘মোলাই কাঠনি ২.০’’ ৷
কিন্তু অতি দোষৰ কথা যে ‘‘মোলাই কাঠনি ২.০’’ত চকু পৰিল বনদস্যুৰ ৷ ইতিমধ্যে সকলোৰে জ্ঞাত যে, পৃথিৱীখন সেউজীয়া কৰাৰ পণ লৈ ব্ৰহ্মপুত্ৰ চৰ চাপৰিত সৃষ্টি কৰা মোলাই কাঠনি ২.০ ত দেওবাৰে কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে ৷ ফলত মোলাই কাঠনিৰ বহু অংশ জুইত জাহ যায় ৷

এই খবৰ বিয়পি পৰাৰ লগে লগে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰকৃতিপ্ৰেমীসকল ৷ এই ঘটনাক গৰিহণা আৰু ধিক্কাৰ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ৷ সোমবাৰে নিশা যাদৱ পায়েঙৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনা বুজ লয় লুৰীণজ্যোতি গগৈয়ে ।
তেওঁ এই ঘটনা সন্দৰ্ভত কয়, ‘‘দুষ্কৃতিকাৰীয়ে এক জঘন্য আৰু দানবীয় কাম কৰিলে ৷ প্ৰকৃতি থাকিলেহে মানুহ থাকিব পাৰিম, সেই কথা অনুধাৱন নকৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনো লোকে এই দুষ্কাৰ্য কৰিছে ৷’’
গগৈয়ে কয়, ‘‘মোলাই কাঠনিক পৃথিৱীয়ে জানে আৰু সন্মান কৰে ৷ পদ্মশ্ৰী, অৰণ্য মানৱ যাদৱ পায়েং গঢ়ি তোলা মোলাই কাঠনি কাষতে তেওঁ জীয়াৰী মুনমুনী পায়েঙে ১০ লাখ গছৰে সমৃদ্ধ আন এখন অৰণ্য গঢ়ি তুলিছে, এইখন অৰণ্যক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, এয়া বালি চিণ্ডিকেটৰ বাবেই হ’ল নেকি বুলিও মানুহৰ মনলৈ প্ৰশ্ন আহিছে ।’’

তেওঁ আৰু কয়, ‘‘অসম চৰকাৰৰ ফালৰ পৰা এই ঘটনাৰ শক্তিশালী তদন্ত হ'ব লাগে ৷ এই দুষ্কাৰ্য কোনে কৰিলে তেওঁলোকক কঠোৰতম পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ৷’’
আনহাতে, মোলাই কাঠনি ২.০ ত অগ্নিসংযোগ কৰা ঘটনাক সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ এটা গানৰ কলিৰে গৰিহণা দিয়ে অভিনেত্ৰী বৰষাৰাণী বিষয়াই । তেওঁ কয়, ‘‘আমি যদি প্ৰকৃতিৰ এইটো অৱস্থা কৰো, এজন মানুহে ইমান কষ্টৰে প্ৰকৃতি সংৰক্ষণ কৰা কথা চিন্তা কৰিছে আৰু সেই প্ৰকৃতি আমি যদি ধ্বংস কৰো, তেতিয়া হ’লে আমি কি লৈ জীয়াই থাকিম ! এই ঘটনাক গৰিহণা দিছো ।’’
ইফালে মোলাই কাঠনি ২.০ ত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিছে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰও ৷
তেওঁ ফেচবুকত এটা পোষ্ট কৰি লিখিছে, - ‘‘মোলাই কাঠনিত অগ্নি সংযোগ কৰা কথাটো বৰ বেয়া লাগিছে । প্ৰকৃতিৰ লগত এনে কৰিব নাপায়। প্ৰকৃতিয়ে আমাক ধূলিসাৎ কৰিবলৈ মুহুৰ্তও নালাগে । মনত ৰাখিব...৷’’

