ৰন্ধন গেছৰ নাটনি ! দুই এদিনতে বন্ধ হ'ব গুৱাহাটীৰ হোটেল-ৰেস্তোৰাঁ
গুৱাহাটীৰ ৰেস্তোৰাঁ ব্যৱসায়ত ৰন্ধন গেছৰ নাটনিৰ প্ৰভাৱ পৰিছে । মালিকসকলে চৰকাৰক সহায়ৰ বাবে অনুৰোধ জনাইছে ।

Published : March 16, 2026 at 8:03 PM IST
গুৱাহাটী : ইৰাণ-ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বিশ্বৰ শক্তিখণ্ডত ব্যাপক প্ৰভাৱ পৰিছে । ভাৰততো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । বিশেষকৈ দেশৰ চহৰবোৰত ৰন্ধন গেছৰ নাটনিৰ খবৰ পোৱা গৈছে । চৰকাৰে ঘৰুৱা চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি দাবী কৰিছে যদিও বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে । ইতিমধ্যে ভাৰতৰ বহু চহৰৰ হোটেল-ৰেস্তোৰাঁ আদি বন্ধ হোৱাৰ বাতৰিও পোৱা গৈছে ।
গুৱাহাটীতো তেনে এক পৰিৱেশৰ উপক্ৰম হৈছে । যদি বাণিজ্যিক চিলিণ্ডাৰৰ যোগান সুচল নহয় তেনেহ'লে দুই এদিনতে একাংশ ৰেস্তোৰাঁ বন্ধ হোৱাৰো আশংকা কৰা হৈছে । এই সন্দৰ্ভত সদৌ অসম ৰেস্তোৰাঁ সন্থাইও উদ্বেগ প্ৰকাশ কৰিছে । সন্থাই দাবী কৰা মতে গুৱাহাটীত হোটেল-ৰেস্তোৰাঁত গুৰুতৰ সংকটৰ সৃষ্টি হৈছে । মহানগৰীৰ সৰু সৰু হোটেলবোৰে ইতিমধ্যে খৰিৰ ব্যৱহাৰ কৰিছে ।
গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে সংবাদমেল সম্বোধন কৰি সন্থাৰ কাৰ্যকৰী সদস্য অতুল লহকৰে কয়, "ৰন্ধন গেছ নোহোৱাকৈ আমি হোটেল-ৰেস্তোৰাঁ চলাব নোৱাৰোঁ । বাণিজ্যিক চিলিণ্ডাৰ বন্ধ হোৱাৰ আজি এসপ্তাহ হ'ল । বেংগালুৰুত হোটেল-ৰেস্তোৰাঁ ইতিমধ্যে বন্ধ হৈছে । বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বন্ধ কৰি ৰখাৰ বাবে আমাৰ হাহাকাৰ অৱস্থা হৈছে । দেওবাৰে মই খৰি ব্যৱহাৰ কৰি খাদ্য বনাইছোঁ । অনলাইন অৰ্ডাৰো ইতিমধ্যে বন্ধ ৰাখিছোঁ । সীমিত খাদ্য সামগ্ৰীহে বনাইছোঁ । চিলিণ্ডাৰ যোগান নধৰিলে দুই এদিনৰ ভিতৰত ৰেস্তোৰাঁ বন্ধ কৰিবলগীয়া হ'ব । ইতিমধ্যে বহু কেইখন ৰেস্তোৰাঁ বন্ধ হৈছে ।"
তেওঁ লগতে কয়, "ব্লেক মাৰ্কেটত ৪,০০০ হাজাৰ টকালৈ বাণিজ্যিক চিলিণ্ডাৰ বিক্ৰী হৈছে । আমাৰ ৰেস্তোৰাঁবোৰৰ পাকঘৰবিলাক কমাৰ্চিয়েল বিল্ডিঙত আছে । সুৰক্ষাৰ কথা আছে তাত গেছৰ বাহিৰে আন বিকল্প ব্যৱহাৰ কৰিব নোৱাৰোঁ । ইফালে বজাৰত কমাৰ্চিয়েল ইণ্ডাকশ্যন পাবলৈ নাই । যাৰ বাবে আমি সমস্যাত পৰিছোঁ । পদপথৰ দোকানবোৰ ইতিমধ্যে বন্ধ হৈ গৈছে । চৰকাৰে বাণিজ্যিক চিলিণ্ডাৰৰ ব্যৱস্থা নকৰিলে ৰেস্তোৰাঁবোৰ বন্ধ হৈ যাব । গুৱাহাটীত প্ৰায় ৭,০০০ সৰু ডাঙৰ হোটেল-ৰেস্তোৰাঁ আছে । এইবোৰৰ লগত বহু লোক জড়িত হৈ আছে । সেয়েহে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে এই বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে ।"
তেওঁ লগতে কয়, "বাণিজ্যিক চিলিণ্ডাৰৰ দাম যোৱা দুমাহত তিনিবাৰ ২৬০ টকা বৃদ্ধি হৈছে । বিগত দুটা বছৰত সামগ্ৰীৰ দাম ৩০ শতাংশ বাঢ়িছে । তামিলনাডুৰ চৰকাৰে হোটেল ৰেস্তোৰাঁত ইণ্ডাকশ্যন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে । বিদ্যুতৰ বিলত ৫০ শতাংশ ৰেহাই দিছে । আমাৰ ডাঙৰ ৰেস্তোৰাঁত মাহত ৩০-৩২ টা আৰু সৰুবোৰক ১০-১৫ টা চিলিণ্ডাৰৰ প্ৰয়োজন হয় । এই বিপদৰ সময়ত আমাক চৰকাৰে যদি অন্তত ১৫ টা চিলিণ্ডাৰ যোগান ধৰে ৰেস্তোৰাঁখন চলাই থাকিব পাৰিম ।"
এছ'চিয়েশ্যনৰ সভাপতি তথা ম'ম' ঘৰৰ স্বত্বাধিকাৰী তপন বৰুৱাই এই সন্দৰ্ভত কয়, "যোৱা সোমবাৰৰ পৰা চিলিণ্ডাৰ পোৱা নাই । যিখিনি মজুত আছে সেইখিনিৰে চলাই আছোঁ । মোৰ তিনিখন ৰেস্তোৰাঁৰ দুখনেই বন্ধ ৰাখিছোঁ । যিখিনি চিলিণ্ডাৰ আছে সেইখিনিৰে এখন ৰেস্তোৰাঁ চলাই আছোঁ । অকল ম'ম'হে বনাই আছোঁ । ইতিমধ্যে অনলাইন অৰ্ডাৰ বন্ধ ৰাখিছোঁ । মজুত থকা চিলিণ্ডাৰেৰে খুব বেছি এই সপ্তাহ চলাব পাৰিম । আশা কৰিছোঁ চৰকাৰে কিবা এটা পদক্ষেপ ল'ব । গেছৰ বিকল্প খৰি । কিন্তু এইটো পাকঘৰত খৰিৰ ব্যৱহাৰ কৰিব নোৱাৰি । নহ'লে বেলেগত ম'ম' বনাই ইয়াত বিক্ৰী কৰিব লাগিব ।"
আনহাতে ঘৰুৱা ৰন্ধন গেছৰো নাটনি অব্যাহত আছে । গেছ বুকিং বিলম্ব হোৱাত সাধাৰণ গ্ৰাহকৰ মাজতো হাহাকাৰ সৃষ্টি হৈছে । মহানগৰীৰ উজান বজাৰস্থিত টেকনিক গেছ এজেঞ্চিৰ সূত্ৰই সদৰী কৰা মতে বৰ্তমান দৈনিক ৩ খন ডাঙৰ গাড়ীৰ প্ৰয়োজন হৈ আছে যদিও সোমবাৰে এখনহে গাড়ী আহিছে । যাৰ বাবে অলপ নাটনি হৈছে । কেতিয়া এই পৰিস্থিতি স্বাভাৱিক হ'ব আমি ক'ব নোৱাৰিম ।"
লগতে পঢ়ক :
ৰন্ধন গেছৰ নাটনি! দেশৰ পিএনজি গ্ৰাহকৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন চৰকাৰৰ

