ৰাস্তাৰ দুৰৱস্থা, জনপ্ৰতিনিধি টোপনিত: বৰফুকন আলিত জাকৈ বাই প্ৰতিবাদ মহিলাৰ
খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ বিধ্বস্তৰূপে জ্বলা-কলা খুৱাইছে ৰাইজক । পুখুৰী সদৃশ দ-গাঁতত পদুম ফুল দি জাকৈৰে মাছ মাৰি প্ৰতিবাদ স্থানীয় মহিলাৰ ।

Published : June 12, 2026 at 2:07 PM IST
ডিব্ৰুগড়: পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো উন্নয়ন বিচাৰি হাহাকাৰ কৰিবলগা হৈছে ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ খোৱাং সমষ্টিৰ ৰাইজে । বিগত ১০ বছৰে শাসক দলৰ বিধায়ক থকাৰ পাছতো জৰাজীৰ্ণ বাট-পথে জ্বলা-কলা খুৱাইছে খোৱাং সমষ্টিবাসী ৰাইজক ।
বিশেষকৈ সমষ্টিটোৰ মূল পথ খোৱাং ঐতিহাসিক বৰফুকন আলি পুখুৰী সদৃশ হৈ পৰাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ সমস্যাত পৰিবলগা হৈছে । দীৰ্ঘদিন ধৰি ঐতিহাসিক পথটোৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে । লোক নিৰ্মাণ বিভাগৰ অধীনত প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘৰ খোৱাং আজাৰগুৰি আৰু ডিমৌ সংযোগী পথটোৰ অৱস্থা ইমানেই তথৈবচ হৈ পৰিছে যে পথৰ মাজতে পুখুৰী সদৃশ দ দ গাঁতৰ সৃষ্টি হৈছে ।
শতাধিক গাঁও সংযোগী অতি ব্যস্ততাপূৰ্ণ পথটোত যাতায়াত কৰি বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ লগতে পথচাৰীয়ে দুৰ্ভোগ ভুগিছে । এজাক বৰষুণ দিয়াৰ পাছতে এই পথেৰে যাতায়াত কৰিবলৈ ভয় কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলে । আনকি পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহৰ বাবে প্ৰায়ে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ।

বিগত দহ বছৰৰ লগতে বৰ্তমানেও বিধায়ক হৈ থকা চক্ৰধৰ গগৈয়ে পথটো নিৰ্মাণত কোনো গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ ক্ষোভ-অসন্তুষ্টি বৃদ্ধি পাইছে । যাৰ বাবে পথটো মেৰামতিৰ দাবী তুলি ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে । উপায়ন্তৰ হৈ শুকুৰবাৰে ৰাইজ ওলাই আহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ । জৰাজীৰ্ণ পথটোৰ পুখুৰী সদৃশ দ-গাঁতত পদুম ফুল ৰোপণ কৰি জাকৈৰে মাছ মাৰি স্থানীয় মহিলাসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

ৰাইজৰ সমস্যাক বিধায়ক চক্ৰধৰ গগৈয়ে অলপো গুৰুত্ব নিদিয়াৰ সমান্তৰালভাৱে লোক নিৰ্মাণ বিভাগেও পথটো মেৰামতি কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে ক্ষোভিত ৰাইজে বিধ্বস্ত পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্তক ৰাইজে আহ্বান জনাইছে ।

প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় মহিলাই কয়, "আমাৰ নিজৰেই বেয়া লাগিছে পথত জাকৈ মাৰিবলগা হৈছে । বিধায়কে নিজে পথৰ দুৰৱস্থা দেখিছে । তেওঁক আৰু ক'বলগা নাই । ল'ৰা-ছোৱালী বিদ্যালয়লৈ যাব পৰাকৈ এই পথটো ভাল কৰি দিয়ক । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা নিজৰ কৰ্মস্থানলৈ যোৱা সকলোৰে সমস্যা হৈছে এই পথটোক লৈ । তৃতীয়বাৰলৈ বিধায়ক হিচাপে চক্ৰধৰ গগৈক আমি নিৰ্বাচিত কৰিছোঁ, সেয়ে তেওঁ ঐতিহাসিক বৰফুকন আলিটো ভাল ধৰণেৰে বনাই দিয়ক । প্ৰতিদিনাই দুৰ্ঘটনা হৈছে পথৰ দুৰৱস্থাৰ বাবে । সেয়ে ৰজাঘৰীয়াই এই পথটো নিৰ্মাণ কৰিবলৈ গুৰুত্ব দিব লাগে ।"

