ETV Bharat / state

ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনা : আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

বনাঞ্চল বেদখলৰ অভিযোগত ২৫ গৰাকী লোকক আটক কৰাৰ পিছতে চিৰাঙৰ ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয় ঘেৰাও স্থানীয় ৰাইজৰ ।

Chirang tension
ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি (etv bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 12:31 PM IST

|

Updated : April 17, 2026 at 1:14 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনাময় পৰিস্থিতি । কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ । শতাধিক উত্তেজিত আদিবাসী পুৰুষ-মহিলাই লণ্ডভণ্ড কৰিলে কাৰ্যালয়ৰ আচবাব ।

কাৰ্যালয়ৰ চৌহদত থকা কেইবাখনো বাহনত উত্তেজিত লোকে অগ্নিসংযোগ কৰে । প্ৰতিবাদকাৰীয়ে কাৰ্যালয়ৰ সামগ্ৰী উলিয়াই লৈ যায় আৰু ১২৭ নং ভাৰত-ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনা (etv bharat Assam)

উল্লেখ্য যে বনাঞ্চলত বেদখলৰ অভিযোগত ২৫ গৰাকী লোকক আটক কৰাৰ লগতে মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ মাজতে কাৰ্যালয়ত লোকসকলে শিলগুটি নিক্ষেপ কৰে । য'ত কেবাজনো আৰক্ষী আহত । ইয়াতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীসকলে কাৰ্যালয়ৰ চৌহদত থকা কেবাখনো বাহনত অগ্নিসংযোগ কৰে । কেৱল এয়াই নহয় বন বিভাগৰ কাৰ্যালয়টোৰ পৰা প্ৰতিবাদকাৰীয়ে ৪ টাকৈ অস্ত্ৰ লৈ যোৱাৰো অভিযোগ উঠিছে ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় । পৰিস্থিতি এতিয়াও উত্তেজনাময় হৈ থকা বুলি জানিব পৰা গৈছে ।

Chirang tension
ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ৰ পৰা লুটি লৈ গ'ল অস্ত্ৰ (etv bharat Assam)

সমগ্ৰ ঘটনা সন্দৰ্ভত চিৰাঙৰ বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে ইটিভি ভাৰতক কয়, "চৰকাৰী নিয়ম অনুসৰি নতুনকৈ বন ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত অভিযান আৰম্ভ কৰা হৈছিল । তেতিয়া হঠাৎ এই ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰে । প্ৰতিবাদকাৰীয়ে বন বিভাগৰ কাৰ্যালয়ৰ পৰা ৪ টাকৈ অস্ত্ৰ লুটি লৈ যায়, ব্যক্তিগত আৰু চৰকাৰী বাহন জ্বলাইও দিয়ে ।

ইফালে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে । প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত কেইবাজনো আৰক্ষী আহত হৈছে, য'ত এজন গুৰুতৰভাৱে আহত হয় । অঞ্চলটোত আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

Chirang tension
অগ্নিগৰ্ভা ৰুণীখাতাত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ (etv bharat Assam)

আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

শেহতীয়া খবৰ অনুসৰি অগ্নিগৰ্ভা ৰুণীখাতাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিছে । ইতিমধ্যে কেবাটাও অতিৰিক্ত বাহিনীও মোতায়েন কৰা হৈছে । এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই ইটিভি ভাৰতক কয় যে অতিৰিক্ত বাহিনীৰ ৰেপিড একচন ফৰ্চ, চিআৰপিএফ আৰু আৰক্ষীৰ বেটেলিয়নে ৰাজপথত ফ্লেগ মাৰ্চ কৰি শান্তি শৃংখলা ঘূৰাই অনাৰ প্ৰয়াস কৰিছে । তেওঁ লগতে নিশ্চিত কৰিছে যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে । এই ঘটনাত আৰক্ষীৰ ৮ গৰাকী জোৱান আঘাতপ্ৰাপ্ত হয় আৰু এগৰাকী জোৱান গুৰুতৰভাৱে আহত বুলিও তেওঁ উল্লেখ কৰে ।

Chirang tension
অগ্নিগৰ্ভা ৰুণীখাতাত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ (etv bharat Assam)

আনহাতে চিৰাঙৰ বন বিভাগৰ প্ৰাধিকাৰী কুঞ্জন বসুমতাৰীয়ে জনায় যে এই ঘটনাত বন বিভাগৰ ৫ গৰাকী লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । প্ৰতিবাদকাৰীয়ে ৪ টা অস্ত্ৰ জ্বলাই দিছে আৰু মুঠ ৮ খন বাহন জ্বলাই দিছে । ইয়াৰ ভিতৰত ৩ খন বাহন বন বিভাগৰ আৰু ৫ খন ব্যক্তিগত মটৰ চাইকেল বুলিও তেওঁ উল্লেখ কৰে । বসুমতাৰীয়ে লগতে কয় যে বন বিভাগৰ ৰুণীখাতাত ৪ টা .৩১৫ বন্দুক জ্বলাই দিয়াৰ উপৰিও এটা ৩০৩ ৰাইফল আৰু যথেষ্ট পৰিমাণৰ গোলাবাৰুদ অন্তৰ্ধান হৈছে ।

লগতে পঢ়ক :

মাৰ্ঘেৰিটা চাহ বাগিচাত চৰকাৰী ভূমি পট্টাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Last Updated : April 17, 2026 at 1:14 PM IST