ETV Bharat / state

অচিন ৰোগত আক্ৰান্ত পশুধন: টোপোলা বান্ধি আই সকাম পাতিবলৈ পৰামৰ্শ পশু চিকিৎসকৰ

ডিব্ৰুগড়ৰ খোৱাঙত হাহাকাৰ লাগিছে কৃষক ৰাইজৰ । ধন নিদিলে চিকিৎসা নকৰে পশু চিকিৎসকে । দিশহাৰা কৃষক ৰাইজ ।

Livestock has been affected by an unknown disease in Dibrugarh
অচিন ৰোগত আক্ৰান্ত পশুধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 1:09 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰে দেখা দিছে । বৰ্তমান কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ কৰি ৰাখিছে প্ৰশাসনে । গাহৰি পালকসকলৰ মাজত হাহাকাৰ লাগি থকা সময়তে এইবাৰ বসন্ত সদৃশ ৰোগত আক্ৰান্ত হৈছে শ‌ শ পশুধন । যেন সমস্যাৰ অন্ত নাই কৃষকৰ ।

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কেইবাখনো গাঁৱত ভয়াবহ ৰূপ ধাৰণ কৰিছে গৰুৰ অচিন ৰোগে । খোৱাঙৰ গৰৈমাৰী, কাৱৈমাৰী, খলিহামাৰী, হালধিবাৰী মইনা গাঁৱকে ধৰি বিভিন্ন গাঁৱত বিগত কিছুদিন ধৰি জটিল ৰূপ ধাৰণ কৰিছে গৰুৰ বসন্ত সদৃশ ৰোগে । বহুকেইটা গৰুসহ পোৱালি ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

অচিন ৰোগত আক্ৰান্ত পশুধন (ETV Bharat Assam)

বহু গৰাকীয়ে ইতিমধ্যে পশু চিকিৎসকৰ লগত যোগাযোগ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও পশুপালন বিভাগৰ তৰফৰ পৰা বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । গৰুৰ বসন্ত সদৃশ এই ৰোগ নিৰাময়ৰ উপায় থকাৰ পিছতো এগৰাকী পশু চিকিৎসকে গৰুৰ গৰাকীক টোপোলা বান্ধি আই সকাম পাতিবলৈ পৰামৰ্শ প্ৰদান কৰাক লৈ স্তম্ভিত হৈ পৰিছে ৰাইজ । কৃষিপ্ৰধান খোৱাং অঞ্চলটোক সামৰি খোৱাং ঘাটত খোৱাং ৰাজ্যিক পশু চিকিৎসালয় আছে যদিও ক্ষতিগ্ৰস্ত পশু পালকে কোনোধৰণৰ সহায়-সহযোগ লাভ নকৰাত বিবুদ্ধিত পৰিছে ।

গ্ৰামাঞ্চলসমূহলৈ পশু চিকিৎসকক চিকিৎসাৰ বাবে মাতিলে অত্যধিক ধন ভৰিবলগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি পশু চিকিৎসকক মাতিলেই চিকিৎসাৰ বিনিময়ত ৩০০ৰ পৰা ৫০০ টকা দিব লগা হয় । ধন নিদিলে চিকিৎসা নকৰে পশু চিকিৎসকে ফলত দিশহাৰা হৈ পৰিছে কৃষক ৰাইজ । অচিন ৰোগত আক্ৰান্ত হোৱা অঞ্চলসমূহত শীঘ্ৰে পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি কৃষক ৰাইজক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ অসম চৰকাৰ আৰু পশুপালন বিভাগক আহ্বান ৰাইজৰ ।

উক্ত গাঁওসমূহৰ অধিকাংশ লোকেই কৃষিজীৱি । তেনেস্থলত অচিন ৰোগত গৰু সমূহ আক্ৰান্ত হোৱাত চিন্তাত পৰিছে কৃষক ৰাইজ । খোৱাং গৰৈমাৰীৰ গৰু পালন কৰা এগৰাকী মহিলাই কয়,"গৰুবোৰৰ বসন্ত হোৱা বুলি কৈছে । প্ৰথমে আমি গম পোৱা নাছিলোঁ । লাহে লাহে বেছি হৈ গেলি গৈছে । চিকিৎসকে বেজি দিছে ঔষধ খুৱাবলৈ দিছিল কিন্তু খুৱাই দিয়াৰ পাছত বেছি হৈছে । প্ৰতিজনৰ ঘৰতেই এতিয়া একেই ৰোগ হৈছে গৰুৰ । ফোন কৰিলেও চিকিৎসক নাহে আমি নিজেই চিকিৎসালয়লৈ লৈ গৈছো গৰুবোৰ ।"

খলিহামাৰিৰ আন এজন ভুক্তভোগী কৃষকে কয়,"গৰুৰ ভৰিবোৰ ফুলি গৈছে আৰু গাৰ ছালবোৰ এৰাই গৈছে । আমাৰ অঞ্চলৰ সকলো কৃষকৰ ঘৰত এই ৰোগ হৈছে । চিকিৎসকে চিকিৎসা কৰাৰ বিনিময়ত পইচা লৈছে যদিও ভাল হোৱা নাই ৰোগ ।" আন এজন কৃষকে কয়, "এজন চিকিৎসকে আই টোপোলা বান্ধি সকাম পাতিবলৈ কৈছিল, সেই মতেই কৰিছিলোঁ, কিন্তু গৰু পোৱালি কেইটা মৰি থাকিল ।"

লগতে পঢ়ক: ১৪ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ জীয়াই জীয়াই পুতিলে মীন বিভাগে

বিশ্ব পৰিৱেশ দিৱসৰ নামত বহু গছপুলি হত্যা কৰা হয়: খেদভৰা অভিযোগ এগৰাকী বিধায়কৰ