ETV Bharat / state

আজিৰে পৰা তেজপুৰত লিচু উৎসৱ ২০২৬ আৰম্ভ: বিশ্ববজাৰলৈ নতুন যাত্ৰা

এইবাৰ ডুবাইলৈ প্ৰায় এক টন লিচু প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও অহা কেইদিনমানৰ ভিতৰত ছিংগাপুৰলৈও বৃহৎ পৰিমাণৰ লিচু ৰপ্তানি কৰা হ’ব ৷

LITCHI FESTIVAL 2026
তেজপুৰৰ প্ৰখ্যাত লিচু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 8:13 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: তেজপুৰৰ প্ৰখ্যাত লিচুক বিশ্ববজাৰত অধিক পৰিচিত কৰি তোলাৰ লক্ষ্যৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়া "তেজপুৰ লিচু উৎসৱ–২০২৬" । তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণ আৰু আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত অনুষ্ঠিত হোৱা এই উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

এইবাৰৰ উৎসৱৰ এক উল্লেখযোগ্য দিশ হৈছে তেজপুৰৰ লিচুৰ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ অধিক বিস্তাৰ । কৃষিজাত সামগ্ৰী ৰপ্তানিৰ সৈতে জড়িত সংস্থা Agricultural and Processed Food Products Export Development Authority (APEDA) ৰ সহযোগত এইবাৰ ডুবাইলৈ প্ৰায় এক টন লিচু প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও অহা কেইদিনমানৰ ভিতৰত ছিংগাপুৰলৈও বৃহৎ পৰিমাণৰ লিচু ৰপ্তানি কৰা হ’ব বুলি আয়োজক পক্ষই জানিবলৈ দিছে ।

LITCHI FESTIVAL 2026
এইবাৰ ডুবাইলৈ যাব প্ৰায় এক টন তেজপুৰৰ লিচু (ETV Bharat Assam)

জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি, তেজপুৰৰ লিচুৰ বিশেষ সুনাম আৰু চাহিদাক লক্ষ্য কৰি এইবাৰ দেশৰ শীৰ্ষ নেতৃত্বলৈকো এই ফল প্ৰেৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ জৰিয়তে অসমৰ এই প্ৰখ্যাত ফলবিধক দেশজুৰি অধিক পৰিচিত কৰাৰ প্ৰয়াস চলোৱা হৈছে ।

LITCHI FESTIVAL 2026
দেখিলেই জিভাৰ পানী পৰা তেজপুৰৰ লিচু (ETV Bharat Assam)

উৎসৱৰ সৈতে সংগতি ৰাখি ভাৰতীয় ডাক বিভাগে তেজপুৰৰ লিচুক কেন্দ্ৰ কৰি বিশেষ স্মাৰক ক’ভাৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে ডাক ব্যৱস্থাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তলৈ লিচু প্ৰেৰণৰ সুবিধাও উপলব্ধ কৰা হৈছে, যাৰ ফলত গ্ৰাহকে অতি কম সময়ৰ ভিতৰত তেজপুৰৰ সতেজ লিচু লাভ কৰিব পাৰিব ।

LITCHI FESTIVAL 2026
ডাল ভৰি লাগিছে তেজপুৰত লিচু (ETV Bharat Assam)

উল্লেখযোগ্য যে, তেজপুৰৰ বিভিন্ন স্থানত বিংশ শতিকাৰ আৰম্ভণিতে ৰোপণ কৰা লিচু গছসমূহে এই অঞ্চলক এক বিশেষ পৰিচয় প্ৰদান কৰি আহিছে। সেই ঐতিহ্যক আগুৱাই নিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা লিচু উৎসৱে ইতিমধ্যে ৰাজ্যৰ অন্যতম আকৰ্ষণীয় কৃষি-সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে ।

আজিৰে পৰা আৰম্ভ হোৱা দুদিনীয়া এই উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, স্থানীয় উৎপাদকৰ বিপণন ব্যৱস্থা, খাদ্য মেলা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: লণ্ডনলৈ ৰপ্তানি তেজপুৰৰ লিচু: ঊষা নগৰীত লিচু উৎসৱৰ আয়োজন