ETV Bharat / state

সুৰাই অমানিশা নমালে এটা পৰিয়ালত; পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ

সুৰাৰ বাবে প্ৰাণ গ'ল আৰু এজনৰ । পুত্ৰৰ আক্ৰমণত মৃত্যু সুৰাপায়ী পিতৃৰ । আৰক্ষীৰ জালত অভিযুক্ত পুত্ৰ ।

Bongaigaon murder case
পিতৃক হত্যা কৰাৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 2:17 PM IST

3 Min Read
Choose ETV Bharat

বঙাইগাঁও : সুৰাৰ বাবেই পুনৰ এটা পৰিয়ালত নামি আহিল অমানিশা । সুৰাৰ বাবে প্ৰাণ গ'ল পিতৃৰ । ৩ জনীয়া পৰিয়ালটোৰ পুত্ৰ আৰু পত্নীও এতিয়া আৰক্ষী থানাত । আচলতে সুৰাৰ কুপ্ৰভাৱ আৰু পাৰিবাৰিক হিংসাৰ ভয়াবহ দিশটো পুনৰ এবাৰ উন্মোচিত হ'ল ।

ঘটনাটো বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত চৌটাকীত সংঘটিত হৈছে । সুৰাৰ বাবেই দীৰ্ঘদিন ধৰি নৰোত্তম নাথৰ ঘৰত অশান্তিৰ সৃষ্টি হৈ আহিছিল । অভিযোগ অনুসৰি তেওঁ সুৰাপান কৰি আহি প্ৰায়ে পত্নী আৰু পুত্ৰ কমল নাথৰ সৈতে কাজিয়াত লিপ্ত হৈছিল । পত্নী চম্পা বালা নাথক মানসিক তথা শাৰীৰিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন হৈছে । পুত্ৰ কমল নাথে এইবোৰ দীৰ্ঘদিন ধৰি প্ৰত্যক্ষ কৰি আহিছিল । অৱশেষত ধৈৰ্যৰ বান্ধ ছিগিল আৰু শনিবাৰে নিশা সংঘটিত হ'ল মৰ্মান্তিক ঘটনাটো ।

বঙাইগাঁৱত পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ (ETV Bharat)

আন দিনাৰ দৰে নৰোত্তম নাথে সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল । পুত্ৰৰ সৈতে কিছু বাক-বিতণ্ডাও হয় । পুত্ৰ কমলে সেই সময়তে পিতৃ নৰোত্তমক হাতেৰে আক্ৰমণ কৰে । সেই সময়ত কমল নাথো সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে । পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত নৰোত্তম নাথক নিশা প্ৰায় ২ মান বজাত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত মৃত নৰোত্তম নাথৰ পত্নীয়ে কয়, "মদৰ কাৰণেই মাৰপিট হয় । কালিও মদ খোৱাৰ কাৰণেই কাজিয়া হৈছিল । ল'ৰাই মানুহজনক হাতেৰেই মাৰিছিল । পিঠিত মাৰিছিল ।"

তেওঁ লগতে কয়, "মানুহজনে প্ৰায় মদ খাই আহে । ল'ৰাটোৱে কামৰ পৰা আহি শুই থাকে । কিন্তু মানুহজনে মোৰ ওপৰতো বহুত অত্যাচাৰ কৰে । অশ্লীল ভাষাৰে গালি দিয়ে । মই সহ্য কৰি থাকোঁ । কিন্তু ডেকা ল'ৰাটোৱে ইমান সহিব নোৱাৰে । আগতেও এইবোৰ কাৰণতে ল'ৰাই মানুহজনক মাৰিছিল ।"

Bongaigaon murder case
নিহত নৰোত্তম নাথ (ETV Bharat)

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অভয়াপুৰী সমজিলাৰ আৰক্ষী আয়ুক্ত তৰুণ গোৱেল, অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিময় তামুলী, উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতা উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ হত্যাৰ অভিযুক্ত পুত্ৰ কমল নাথক আটক কৰাৰ লগতে মাতৃ চম্পা নাথকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে সুৰাৰ বাবেই চৌটাকীত প্ৰায় ৩ বছৰ পূৰ্বে অনুৰূপ হত্যাকাণ্ড সংঘটিত হৈছিল ৷ তাৰ পিছতো সুৰাৰ প্ৰচলন বন্ধ বা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অভয়াপুৰী সমজিলা প্ৰশাসন তথা আবকাৰী বিভাগে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে । আনকি একেখন গাঁৱতে কেবাঘৰতো অবৈধ চুলাইৰ ঘাটি থকা বুলি একাংশ ৰাইজে অভিযোগ কৰিছে ৷

লগতে পঢ়ক :

মাৰ্ঘেৰিটাত ধনেশ পক্ষী হত্যা কৰি ৰঙাঘৰত তিনি চিকাৰী