ETV Bharat / state

বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, পকী পথ একোৱেই নাই: কৰৈবাৰীত উন্নয়নৰ প্ৰতীক্ষা

জোনাইৰ এখন গাঁৱৰ ৮ শতাধিক পৰিয়াল আজিও সাধাৰণ সুবিধাৰ পৰা বঞ্চিত । চৰকাৰী আঁচনিৰ নামত একোৱেই পোৱা নাই ৰাইজে ।

Jonai village no govt facility
৮ শতাধিক পৰিয়াল থকা এখন গাঁৱত চৰকাৰী সুবিধা একোৱেই নাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 5:17 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ এখন গাঁও । প্ৰায় ৩ দশক ধৰি গাঁওখনত বসবাস কৰি আছে ৮০০ ৰো অধিক পৰিয়াল । কিন্তু আচৰিত কথাটো হ'ল যে ইমান বছৰে গাঁওখনে উন্নয়নৰ পোহৰ দেখা নাই । স্বাস্থ্য, শিক্ষা, যোগাযোগ সকলো ফালৰ পৰাই গাঁওখন পিছপৰা । গাঁওখনত এখন চৰকাৰী বিদ্যালয় নাই, অংগনৱাড়ী কেন্দ্ৰ নাই, স্বাস্থ্যকেন্দ্ৰ নাই, পথৰ সুব্যৱস্থা নাই ।

গাঁওখনে চৰকাৰী আঁচনিৰ নামত একোৱেই পোৱা নাই । গাঁৱৰ বাসিন্দাসকলেই এই অভিযোগ উত্থাপন কৰিছে । ৰাইজে জনোৱা মতে তেওঁলোকে বিদ্যুৎ সংযোগ আৰু জলজীৱন আঁচনিৰ সুবিধা পাইছে । কিন্তু আধাসংখ্যক মানুহেই পানী নাপায় । এনেবোৰ সমস্যাৰে ভাৰাক্ৰান্ত তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈবাৰী গাঁওখন ।

বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, পকী পথ একোৱেই নাই (ETV Bharat)

ৰাইজে অভিযোগ কৰা মতে গাঁওখনত এখন শিক্ষানুষ্ঠান নথকাৰ বাবে কণ কণ ল'ৰা-ছোৱালীয়ে প্ৰতিদিনে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল লাইন পাৰ হৈ প্ৰায় ১০ কিলোমিটাৰ দূৰৈৰ বিদ্যালয়লৈ যাব লাগে । শিশুসকলৰ বিপদসংকুল যাত্ৰাই অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । চৰকাৰে উন্নয়নৰ জয়গান গোৱাৰ সময়তে এই গাঁওখনত এটা পকীপথ নাই । গাঁৱৰ ৰাইজে বোকা-পানী গচকিয়ে যাব লাগে । পকী পথৰ অভাৱত বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ-ছাত্ৰী, ৰোগী, গৰ্ভৱতী মহিলা তথা সাধাৰণ ৰাইজে বছৰৰ পিছত বছৰ ধৰি দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছে ।

গাঁওখনৰ বিভিন্ন সমস্যা সম্পৰ্কে এজন লোকে কয়, "এইখন অতি পিছপৰা গাঁও । ৰাস্তা-ঘাট নাই, স্কুল নাই, স্বাস্থ্যকেন্দ্ৰ নাই, জলজীৱন আঁচনিৰ নামত তিনি ভাগৰ এভাগ মানুহে পানী পায় দুভাগে নাপায় । ল'ৰা-ছোৱালীয়ে পঢ়িবলৈ বহু দূৰলৈ যাব লাগে । ১৯৯৬ চনৰ পৰাই আমি ইয়াতে আছোঁ । চৰকাৰী আঁচনি বুলিবলৈ একোৱে পোৱা নাই ।"

Jonai village no govt facility
কৰৈবাৰীত পকী পথৰ অভাৱ (ETV Bharat)

জনপ্ৰতিনিধিসকলে অঞ্চলটোলৈ আহে আৰু প্ৰতিশ্ৰুতি দিয়ে কিন্তু আজিলৈ কোনো প্ৰতিশ্ৰুতি পূৰণ নকৰাৰো অভিযোগ ৰাইজৰ । লোকজনে কয়, "জনপ্ৰতিনিধি আমাৰ ইয়ালৈ মাজে মাজে আহে । সুবিধা দিম বুলি কয় । সেই আশাতে আশাবাদী গাঁৱৰ ৰাইজ । অতি সোনকালে চৰকাৰে যেন আমাক সুবিধাখিনি দিয়ে তাৰেই কামনা কৰিছোঁ ।

উল্লেখ্য যে এই গাঁওখনত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে । তাত বড়ো, মিচিং, গোৰ্খা, আদিবাসীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে । কিন্তু এই জনজাতীয় লোকৰ বসতিস্থল কৰৈবাৰী গাঁওখন কিয় আজিও উন্নয়নৰ পৰা বহু দূৰত ? অঞ্চলটোৰ ৰাইজৰ বাবে এয়া এক বুজিব নোৱাৰা সাঁথৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত উন্নয়ন হোৱাৰ বিপৰীতে এই গাঁওখনে শিক্ষা, স্বাস্থ্য আৰু যোগাযোগৰ ন্যূনতম সুবিধাৰ পৰাও বঞ্চিত হৈ থাকিবলগা হোৱাটো আচৰিত কথা । ডিজিটেল ভাৰতৰ সময়তো আদিম যুগৰ দৰে আৰু কিমান দিন থাকিব গাঁওখনৰ ৰাইজে ? ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান হ'বনে ?

লগতে পঢ়ক :

সৃজনগ্ৰামত পথৰ দুৰৱস্থাই ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ৰাইজক, দহবাৰ চিন্তা কৰিব লাগে খোজ দিবলৈ