ETV Bharat / state

ঘাইপথত উদ্ধাৰ প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ; দুৰ্বৃত্তই কাটি নিলে নেজ-নখ

অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীটোৰ মৃত্যু ।

Leopard carcass found on Moran Naharkatia highway(file photo)
মৰাণ-নাহৰকটীয়া ঘাইপথত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 16, 2026 at 1:36 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰিছে বনৰজাই । ফলত দিন-ৰাতি আতংকৰ মাজেৰে পাৰ কৰিব লগীয়া হৈছে ৰাইজে । বিশেষকৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাসত বছৰৰ পাছত বছৰ সমস্যাত পৰিব লগা হৈছে স্থানীয় ৰাইজ । ইয়াৰ মাজতে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ২নং ঘূৰণীয়াত মৰাণ-নাহৰকটীয়া ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত বৃহস্পতিবাৰে নিশা এটা নাহৰফুটুকীৰ মৃত্যু হয় ।

স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি, ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ পূৰ্বেই দুৰ্বৃত্তই কাটি লৈ যায় মৃত বাঘটোৰ নেজ আৰু নখ । স্থানীয় ৰাইজে মৃত বাঘটো প্ৰত্য়ক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে । পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি খোৱাংস্থিত বন বিষয়া কাৰ্যালয়লৈ অনে । বৰ্তমান নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ।

মৰাণ-নাহৰকটীয়া ঘাইপথত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ (ETV Bharat Assam)

এই সমগ্ৰ ঘটনাক লৈ খোৱাং আঞ্চলিক বন বিভাগৰ উপ-বন সংমণ্ডল বিষয়াগৰাকীয়ে কয়, "কালি নিশা টিংখাং আৰক্ষীয়ে অৱগত কৰিছিল এটা নাহৰফুটুকী গাড়ীৰ খুন্দাত মৃত্যু হৈছে । খবৰ লাভ কৰাৰ পাছতেই টিংখাং বন বিভাগৰ দল উপস্থিত হৈ মৃত নাহৰফুটুকীটো নিজৰ জিম্মাত লয় । নাহৰফুটুকীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে । নাহৰফুটুকীৰ নেজ নথকা বিষয়টো তদন্ত কৰা হ'ব । ইতিমধ্যে আৰক্ষীৰ সৈতে আলোচনা কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ শেষত জ্বলাই দিয়া হ'ব মৃত নাহৰফুটুকীটো ৷"

বন বিভাগৰ উপ-বন সংমণ্ডল বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, নেজ আৰু নখ হয়তো চিঙি আন ঠাইতো চিটিকি পৰি যাব পাৰে ।

লগতে পঢ়ক:পৰিয়াল লৈ জন অৰণ্যত ফুৰিবলৈ আহিল বনৰজা

গৱেষণাকাৰীৰ গোপন কেমেৰাত আৱদ্ধ হ’ল বিৰল প্ৰজাতিৰ পল্লাছ মেকুৰী