ই এম, এমচিএলএক হত্য়াৰ পৰিকল্পনা কৰিছিল আক্ৰমণকাৰীয়ে : বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰী
কোনে উচতনি দিছিল আক্ৰমণ কৰিবলৈ ? বি টি চি সচিবালয় ভাঙি চূৰমাৰ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ অধ্য়ক্ষ দৈমাৰী ।

Published : November 30, 2025 at 9:12 PM IST
কোকৰাঝাৰ : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদত জনজাতীয় ছাত্ৰ সমাজে শনিবাৰে বিটিচি সচিবালয়ৰ বিধান পৰিষদৰ সদন তথা ভৱনৰ আচবাব লণ্ড-ভণ্ড কৰাৰ পাছতেই আজি (দেওবাৰ) বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে ঘটনাৰ বুজ লয় ৷ অধ্যক্ষ দৈমাৰীয়ে ক্ষয়ক্ষতিৰ বুজ লৈ উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পবিত্ৰ সদনত আন্দোলনকাৰীৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য় কৰে ।
শনিবাৰে সংঘটিত অবাঞ্চিত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্য়ক্ষ দৈমাৰীয়ে কয়, "তেওঁলোকৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত আমাৰ কোনো বাধা নাই; কিন্তু চৰকাৰী সম্পত্তি ধ্বংস কৰাত কাৰো অধিকাৰ নাই ৷ সেইকাৰণে তেওঁলোকক গৰিহণা দিছো । আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে কালিয়েই থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ আক্ৰমণকাৰী সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছো ।"
আন্দোলনৰ নামত হিংসাত্মক ঘটনা সংঘটিত কৰাত অধ্য়ক্ষ দৈমাৰীয়ে কয়, "অহিংসভাৱে আন্দোলন কৰক আমাৰ ক’বলগীয়া নাই; কিন্তু আন্দোলন কৰাৰ নামত তেওঁলোকে হিংসাত্মক ঘটনা সংঘটিত কৰিছে ৷ যিটো ইছ্যুলৈ তেওঁলোকে আন্দোলন কৰিছে তাত আমাৰো সমৰ্থন আছে; কিন্তু এই আন্দোলন যিহেতু বিটিচিৰ লগত জড়িত নহয় তেওঁলোকে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিব লাগিছিল । চূড়ান্ত সিদ্ধান্ত দিয়াৰ কৰ্তৃপক্ষ কেন্দ্ৰীয় চৰকাৰ ৷"
ই এম, এমচিএলএক হত্য়াৰ পৰিকল্পনা আছিল :
"তেওঁলোকে কালি যাঠি-জোং লৈ যেনেদৰে বিধান পৰিষদ আক্ৰমণ কৰিলে সম্পূৰ্ণৰূপে ইচ্ছাকৃতভাৱেই আক্ৰমণ কৰিছে ৷ আমাৰ যিসকল ই এম, এমচিএলএ, বিষয়ববীয়া আছিল তেওঁলোকক হত্যা কৰাৰ হয়তো এটা পৰিকল্পনা আছিল বুলি ধাৰণা কৰিব পাৰি । মই ভাবো যিহেতু আমি আন্দোলন কৰি বড়ো ভাইসকলোৰ তেজৰ বিনিময়ত এই বিটিচিখন পাবলৈ সক্ষম হৈছো । আমাৰ এই বিটিচি বিধান পৰিষদ ইয়াত বড়ো সকলৰ তেজৰ বিনিময়ত হোৱা ৷ এই আক্ৰমণৰ দ্বাৰা বিটিচিৰ বিধান পৰিষদকে অপমান কৰিছে তেনে নহয়, শ্বহীদ ভাই সকলোক অপমান কৰিছে ৷"

এইদৰে কয় অধ্য়ক্ষ দৈমাৰীয়ে । তেওঁলোকৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি ভৱিষ্যতে এনে হিংসাত্মক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ তেওঁ আহ্বান জনাইছে ৷
কাৰ উচতনিত হৈছিল এই আক্ৰমণ ?
কালি সংঘটিত হোৱা এই ঘটনাৰ আঁৰত কোনোবাই উচতনি দিছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অধ্যক্ষ ত্ৰিদিপ দৈমাৰীয়ে কয়, "উচতনি থাকিব পাৰে ৷ কিয়নো কালি যিটো ভিডিঅ' ফুটেজ দেখা পাইছে তাত এবছুৰ প্ৰতীক চিহ্ন থকা পতাকা দেখিবলৈ পাইছো ৷ কিছুমানে কৈছে আমি ট্ৰাইবেল হয় । আমাৰ ট্ৰাইবেলক বাদ দি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াটো সহ্য কৰিব পৰা নাই । সিখিনিলৈকে ঠিকে আছে ৷ যিহেতু সমস্যা হৈছে সমাধান কৰিব লাগে ৷ যিধৰণে আলোচনা কৰিব লাগে আলোচনা কৰক আমিও আছো; কিন্তু এনেকৈ আন্দোলন কৰিলে ফলপ্ৰসূ নহ’ব ৷"
শীতকালীন অধিৱেশন নিৰ্ধাৰিত সময়তেই হ'ব :
আনহাতে সোমবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া বি টি চিৰ শীতকালীন অধিৱেশন নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰি দৈমাৰীয়ে কয়, "এইখন পবিত্ৰ সদন । এই সদনত বহিয়েই আমি গোটেই বি টি চি অঞ্চলৰ কাৰণে ভাল পৰিৱেশত আলোচনা কৰো । সমাজৰ উন্নয়নৰ কথা, মংগলৰ বাবে চিন্তা চৰ্চা কৰা হয় ৷ তেনেকুৱা এখন পবিত্ৰ সদনক ক্ষতি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, লাজৰ কথা, অগণতান্ত্ৰিক । সেইকাৰণে তেওঁলোকক মই পুনৰ গৰিহণা দিছো ৷ এটা ভাল সিদ্ধান্ত লৈ কেনেকৈ বি টি চিখনৰ উন্নতি কৰিব পাৰি এই সকলোবোৰ কথা আলোচনা কৰি আমি এটা সিদ্ধান্তত উপনীত হও আৰু সেইমতে আমি কাম কৰি যাও ৷ এতিয়া বহুখিনি ক্ষয়-ক্ষতি হৈছে ৷ আকৌ বনাব লাগিব ৷ আমাৰ উন্নয়নৰ কাৰণে যিখিনি টকা আহে সেই টকাৰে আমি এইবোৰ বনাবলগীয়া হয় ৷"

উল্লেখ্য যে, শনিবাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উলিওৱা সমদলটোৱে বি টি চি সচিবালয়ত তাণ্ডৱ চলাইছিল ।

