ETV Bharat / state

খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে থকা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ অন্ত

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা কাৰাবন্দী হৈ আছে অমৃতপাল সিং ।

Leader of Waris Punjab De Amritpal Singh's NSA end today
আজি অন্ত পৰিব ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ এনএছএৰ ম্যাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 1:07 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰা ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ আজি অন্ত পৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা আইন(এনএছএ)ৰ ম্যাদ । ২০২৩ চনৰ ২৩ এপ্ৰিলত পঞ্জাৱৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল অমৃতপাল সিংসহ আন ৯ গৰাকী সহযোগীক । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ আন ৯ জন খালিস্তানী কাৰাবন্দীক ইতিমধ্যে পঞ্জাৱলৈ লৈ যোৱা হৈছে ।

পঞ্জাৱ চৰকাৰে ডিব্ৰুগড়ৰ কাৰাগাৰত বৰ্তমান বন্দী হৈ থকা অমৃতপাল সিঙৰ ৯ সহযোগীক যোৱা বছৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন(এনএছএ)ৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই পঞ্জাৱ আৰক্ষীয়ে তেওঁলোকক পঞ্জাৱলৈ লৈ গৈছিল । কিন্তু আজি অৰ্থাৎ বুধবাৰে নিশা ১২ বজাত অমৃতপাল সিঙৰ এনএছএৰ ম্যাদ শেষ হ'ব আৰু ইয়াৰ পাছত অমৃতপালক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব নে পঞ্জাৱলৈ লৈ যোৱা হ'ব হ'ব সেই কথা নিশ্চিত হোৱা নাই । অমৃতপাল সিঙৰ আইনী প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ত বাহৰ পাতি আছে পঞ্জাৱ আৰক্ষীৰ দলে ।

Leader of Waris Punjab De Amritpal Singh's NSA end today
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ (ETV Bharat Assam)

উল্লেখযোগ্য যে, ডিব্ৰুগড় কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিছিল ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙে । আশা প্ৰকাশ কৰা হৈছিল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি হ'ব । কিন্তু সেয়া হৈ উঠা নাছিল ৷ সাংসদ হিচাপে জয়লাভ কৰা পাছত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজৰে তেওঁক শপত গ্ৰহণৰ বাবে পঞ্জাৱলৈ লৈ যোৱা হৈছিল যদিও পুনৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হৈছিল ।

Leader of Waris Punjab De Amritpal Singh's NSA end today
ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাসকলে (ETV Bharat Assam)

এইবাৰ এনএছএৰ ম্যাদ শেষ হোৱাৰ পাছত পুনৰ ম্যাদ বৃদ্ধি কৰা নাই বুলি জানিব পৰা গৈছে । তেনেস্থলত ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিং কম দিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ব বুলি সকলোৱে অনুমান কৰিছে । অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠন ৱাৰিছ পঞ্জাৱ দেৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ সহযোগীক ডিব্ৰুগড় কাৰাগাৰলৈ অনাৰ পাছতে দেশৰ ভিতৰতে অতিকৈ চৰ্চিত কাৰাগাৰ হৈ পৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ ।

Leader of Waris Punjab De Amritpal Singh's NSA end today
ইয়াতেই ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা কাৰাবন্দী হৈ আছে অমৃতপাল সিং (ETV Bharat Assam)

কিন্তু পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠনৰ নেতাসকলক কিয় হঠাৎ ডিব্ৰুগড়লৈ লৈ অনা হৈছে সেই কথা আজিও ৰহস্যৰ মাজত আছে যদিও খালিস্তানী নেতাসকলৰ নিৰাপত্তাত অলপো ত্ৰুটি ৰখা নাই ডিব্ৰুগড় আৰক্ষীয়ে । একপ্ৰকাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজআতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাসকলে । খালিস্তানী নেতাসকল থকাৰ পৰাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰা ব্যৱস্থা কৰা হৈছিল ।

লগতে পঢ়ক: অমৃতপাল সিঙক পুনৰ গ্ৰেপ্তাৰৰ পূৰ্ণ প্ৰস্তুতি, ডিব্ৰুগড়ত উপস্থিত পঞ্জাব আৰক্ষীৰ দল

ডিব্ৰুগড় কাৰাগাৰেই স্থায়ী ঠিকনা হ'ব নেকি অমৃতপাল সিঙৰ ?