উচ্চ ন্যায়ালয়ৰ শিলান্যাসৰ বিপৰীতে গুৱাহাটীত উকীল সন্থাৰ অনশন
উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত বাৰ এছ'চিয়েশ্যনৰ । শিলান্যাসৰ দিনটোতে অনশনত বহিল উকীলসকল ।

Published : January 11, 2026 at 5:22 PM IST
গুৱাহাটী: এফালে ৰাজ্যৰ অধিবক্তা সমাজৰ প্ৰতিবাদ । আনফালে উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন বিল্ডিং তথা সংহত ন্যায়িক প্ৰকল্পৰ শিলান্যাসৰ কাৰ্যসূচী । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ দ্বাৰা শিলান্যাসৰ এই কাৰ্যসূচী বৰ্জন কৰি পূৰ্বৰ ঘোষণা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে দেওবাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে । ১০ বজাৰ পৰা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ চৌহদত অনশনত বহে অধিবক্তা সমাজ ।
বাৰ এছ'চিয়েশ্যনৰ সমান্তৰালকৈ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বিৰুদ্ধে গুৱাহাটী উকীল সন্থায়ো শিলান্যাস কার্যসূচী বৰ্জন কৰি দেওবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰে । 'সম্পূৰ্ণ আদালতৰ সিদ্ধান্তই ১৪০ বছৰীয়া উত্তৰাধিকাৰ মচি পেলাব নোৱাৰে', '১৫০০ কোটি লোণ উচ্চ ন্যায়ালয় স্থানান্তৰৰ বাবে বন্ধ কৰক', 'কৰদাতাৰ ধন অপচয় বন্ধ কৰক', 'আমাৰ বিল্ডিং সংৰক্ষণ কৰক আৰু সংৰক্ষণ কৰক ঐতিহ্য' আদি শ্লোগান সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে প্ৰতিবাদ সাব্যস্ত কৰে ।
অনশনত অংশ লৈ এছ'চিয়েশ্যনৰ সভাপতি কমল নয়ন চৌধুৰীয়ে কয়, "ড'নাল্ড ট্ৰাম্পৰ নেতৃত্বত ভেনিজুৱেলাত আক্ৰমণ হ'ল । ৰাষ্ট্ৰপতি আৰু পত্নীক ধৰি অনা হ'ল । যিটো পদক্ষেপ বৈধ নহয় । কিন্তু ট্ৰাম্পে ভাবে যে তেওঁৰ ক্ষমতা আছে সেয়া কৰিলে । ঠিক তেনেকৈ শিলান্যাসৰ অনুষ্ঠান আজি কৰিছে । মানুহৰ যি প্ৰতিবাদ তাক সন্মান জনাব লাগিছিল । আজিৰ শিলান্যাসৰ কাৰ্যসূচী সেইটোক মই ড'নাল্ড ট্ৰাম্পে ভেনিজুৱেলাত আক্ৰমণৰ দৰে একেটা ঠাইতে থম । ভুল পদক্ষেপ হৈছে । বৈধভাৱে কৰিব নোৱাৰে । বৰ্তমান যি স্থানত উচ্চ ন্যায়ালয়খন আছে তাৰ পৰা উঠাই নিবলৈ সাংসদৰ আইনৰ দৰকাৰ আছে । যিখন আইন আজিৰ তাৰিখত নাই । সেইকাৰণে মই ভাবো আজি উত্তৰ গুৱাহাটীত হৈ আছে সেয়া কিমান ন্যায়সংগত হ'ব সেয়া সময়ে ক'ব ।"
তেওঁ লগতে কয়, "দ্বিতীয়তে আমাক ইমান প্ৰয়োজনীয়তা নাই, সম্পূৰ্ণ নতুন উচ্চ ন্যায়ালয়ৰ । অলপ আন্তঃগাঁথনিৰ অসুবিধা আছে । সেইখিনি বৰ্তমানৰ স্থানতেই কৰি ধুনীয়াকৈ অহা ২০ বছৰ চলিব পৰাকৈ আছে । ইমান টকা-পইচা ধাৰ লৈ কৰাৰ কোনো দৰকাৰ নাছিল । মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে 'মই মুখ্যমন্ত্ৰী মোৰ যি ইচ্ছা তাকে কৰিম' তাক কোনে বাধা দিব । তেওঁৰ কেবিনেটৰ সতীৰ্থ তেওঁলোকৰ একো কামেই নাই । তেওঁ যি কয় তাতে হয়ভৰ দিয়ে । সময় আৰু গণতন্ত্ৰত একমাত্ৰ উত্তৰ হৈছে মানুহ । মানুহে ২০২৬ত কিবা এটা উত্তৰ দিব বুলি ভাবো ।"

তেওঁ লগতে মহাধিবক্তা দেৱজিৎ লন শইকীয়াক সমালোচনা কৰি কয়, "শইকীয়া আমাৰ বাৰ এছ'চিয়েশ্যনৰ সদস্য নহয় । তেওঁ এটা সময়ত আমাৰ সদস্য আছিলে কিন্তু তেওঁ পদত্যাগ কৰিছে । গতিকে তেওঁৰ বাৰৰ হৈ কোৱাৰ কৰ্তৃত্ব নাই । ১১৬৪ গৰাকী অধিবক্তাই উচ্চ ন্যায়ালয় নোযোৱাৰ সপক্ষে ভোট দিছে । যোৱাৰ সপক্ষে মাত্ৰ ১৫৪ জনে ভোট দিছে । তেওঁৰ লগত কেইজনমান অধিবক্তা আছে আন কোনো নাই । চৰকাৰৰ লগত তেওঁৰ কি বুজাবুজি আছে আমি নাজানোঁ । তেওঁ অধিবক্তা সমাজৰ হৈ মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই ।"
ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়, "আজি যদি যথা নিয়মে এটা কাম চৰকাৰ আৰু উচ্চ ন্যায়ালয়ে কৰিলে হয় আজি আনন্দৰ দিন হ'ল হয় । অসমত আজিলৈ এনেকুৱা হোৱা নাই আধাৰশিলাৰ দিনটোত বিৰোধিতা কৰি প্ৰতিবাদ কৰিছে উকীল সমাজে । এইটো টোঘলকি সিদ্ধান্তৰ উপৰিও ন্যস্ত স্বাৰ্থ থকা উদ্দেশ্য । প্ৰকৃততে উচ্চ ন্যায়ালয়খন এটা স্থানলৈ লৈ যোৱাতো তেওঁলোকৰ উদ্দেশ্য নহয় । উদ্দেশ্যে বেলেগ । যদি সৎ উদ্দেশ্য থাকিলে হয় তেতিয়া প্ৰথম দিনাৰ পৰাই বাৰ এছ'চিয়েশ্যন আৰু বাকী সংগঠনক মাতি আলোচনা কৰিব লাগিছিল । অন্ধকাৰত প্ৰথমৰ পৰাই ৰাখিলে । যেতিয়া উকীলে প্ৰতিবাদ কৰিবলৈ ল'লে তেতিয়াই উচ্চ ন্যায়ালয়ে এটা প্ৰেছ বিজ্ঞপ্তি দি মুষ্টিমেয় কেইজনমান উকীলে হেনো উচটাই বিৰোধ কৰিছে ।"
তেওঁ লগতে কয়, "উচ্চ ন্যায়ালয়ৰ বিল্ডিং এটা হেৰিটেজ বিল্ডি । এইটোত মানুহৰ চেতনা আছে । অকল অধিবক্তাৰে নহয় সৰ্বসাধাৰণ ৰাইজৰ । তেওঁলোকেও বিৰোধ কৰিছে সেইবোৰ একো কৰ্ণপাত নকৰে । আমি বিকল্পৰ প্ৰস্তাৱ দিছিলোঁ । ১২ বছৰ আগতে ১০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰিছিল । তাত ৭ মহলা হ'ব পাৰে । তাক কৰাৰ বাবে কৈছিলোঁ । পাৰ্কিঙৰ স্থান দেখাইছিলোঁ । সেইবোৰ কৰ্ণপাত নকৰে । দুবছৰে প্ৰতিবাদ কৰি আছোঁ আৰু কৰি যাম । শেষত ন্যায়ালয়ৰ কাষ চাপিম । গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ বাহিৰে আমাৰ উপায় নাই ।"

