তেজপুৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ
বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ বিয়োগত শোকস্তব্ধ ৰাজ্যবাসী ।

Published : January 7, 2026 at 5:26 PM IST
তেজপুৰ: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । বুধবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বিশিষ্ট আলোকচিত্ৰ শিল্পীগৰাকীৰ । শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে তেওঁ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
শিল্পীগৰাকীৰ মহাপ্ৰয়াণে অসমৰ আলোকচিত্ৰ শিল্পজগতত এক গভীৰ শোকৰ ছাঁ পেলাইছে । ৯৬ বছৰ বয়সত তেওঁ মঙলবাৰে নিশা ৮.২৬ বজাত তেজপুৰৰ বাৰহলিয়াস্থ নিজা বাসভৱনত বার্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটাৰ পিছত বুধবাৰে তেজপুৰ চাৰ্চফিল্ডত বৰেণ্য আলোকচিত্ৰ শিল্পীগৰাকীক জিলা প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা নলিনী বৰুৱাই আলোকচিত্ৰৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য, লোকজীৱন, জনজাতীয় সংস্কৃতি আৰু সামাজিক ৰূপান্তৰৰ এক অনন্য দলিল বিশ্বমঞ্চলৈ আগবঢ়াইছিল । তেজপুৰ চাৰ্চ ফিল্ডত বুধবাৰে শিল্পীগৰাকীৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰ চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ।
তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শিল্পীগৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শোণিতপুৰ জিলা প্ৰশাসনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেজপুৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, সদৌ অসম সাংবাদিক সন্থা, জাফা, তেজপুৰ ফাটোগ্ৰাফী ক্লাব, অসম গণ পৰিষদৰ শোণিতপুৰ জিলা, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আনহাতে তেজপুৰৰ হজৰাপাৰ শ্মশানত শিল্পীগৰাকীৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কয়, "অসমে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী হেৰুৱালে । তেখেতৰ বিষয়ে নৱপ্ৰজন্মৰ যিসকল আলোকচিত্ৰ শিল্পী আছে তেওঁলোকে সুঁৱৰিব লাগিব কাৰণ বিগত ৭০ বছৰতকৈ অধিক কাল আলোকচিত্ৰ শিল্পী হিচাপে তেওঁ নিজকে আগবঢ়াই লৈ গৈছিল । বিভিন্ন চিত্ৰত প্ৰকৃতিৰ লগতে মানুহৰ জীৱনৰ বিভিন্ন সময়ৰ চিত্ৰ ধৰি ৰাখিছিল ।"
ৰাভাই লগতে কয়, "এই আলোকচিত্ৰই এখন বুৰঞ্জীৰ তৈয়াৰ কৰে । আগতে বুৰঞ্জীৰ লেখক আছিল, আজিকালি বুৰঞ্জীৰ লেখক নাই, আজিকালি বুৰঞ্জী আৰম্ভ হ'ব এখন ভাল আলোকচিত্ৰ বা ছবি, বাতৰি কাকতৰ জৰিয়তে । গতিকে আলোকচিত্ৰৰ জৰিয়তে নলিনী বৰুৱা এগৰাকী বুৰঞ্জীবিদ ।"

তেওঁ কেমেৰাৰ লেন্সেৰে ধৰা প্ৰতিটো দৃশ্যই কেৱল চিত্ৰ নহয়, সময়ৰ ইতিহাস হিচাপে পৰিগণিত হৈছে । আমেৰিকাৰ ফটোগ্ৰাফী জাৰ্ণেলত বহু উল্লেখনীয় ফটো প্ৰকাশ পোৱা নলিনী বৰুৱাৰ আলোকচিত্ৰই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত স্থান লাভ কৰিছিল আৰু বহু প্ৰতিষ্ঠিত আলোচনী তথা গ্ৰন্থত তেওঁৰ কৰ্মৰাজি প্ৰকাশিত হৈছিল । বহু নবীন আলোকচিত্ৰ শিল্পীৰ বাবে তেওঁ আছিল প্ৰেৰণা আৰু পথ প্ৰদৰ্শক । সহজ-সৰল জীৱনধাৰাৰ সৈতে কঠোৰ শ্ৰম আৰু শিল্পপ্ৰেমেই আছিল তেওঁৰ সফলতাৰ মূলমন্ত্ৰ ।

ইফালে তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা এম্ট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয়, "এটি অধ্যায়ৰ সমাপ্তি ঘটিল । যোৱা ডেৰ দশকৰ প্রতিটো অধ্যায়ৰ সাক্ষী আছিল নলিনী বৰুৱা । তেওঁ কেৱল সাক্ষীয়েই নহয় সমগ্ৰ ঘটনা ফটোৰ মাধ্যমৰে ধৰি ৰাখিছিল, যি এতিয়া আমাৰ বাবে ভৱিষ্যতৰ সমল হৈ ৰ'ব । তেখেতে অকল তেজপুৰে নহয় অসম তথা ভাৰতবৰ্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি খ্যাতি লাভ কৰিছিল সেই বিষয়ে আজি নতুন প্ৰজন্মই নাজানে । কেবাদশক পূৰ্বে তেওঁ বিশ্ব জিনিছিল গতিকে তেজপুৰৰ দৰে এখন ঠাইৰ পৰা বিশ্ব জিনা এগৰাকী শিল্পীৰ মহাপ্ৰয়াণে যথেষ্ট ক্ষতি কৰিছে । তেজপুৰে এগৰাকী অভিভাৱক হেৰুৱালে ।"

নলিনী বৰুৱাৰ বিয়োগত শিল্পী, সাহিত্যিক, সাংস্কৃতিক কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজেও গভীৰ শোকপ্ৰকাশ কৰিছে । বিভিন্ন সংগঠনে শোকসভা অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ অৱদান চিৰস্মৰণীয় বুলি মন্তব্য কৰে ।

