ETV Bharat / state

বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব পাঁচ লাখ গছপুলি: ১০০ বিঘাত হ'ব জুবিন উদ্য়ান

প্ৰথম পৰ্যায়ত ২১ খন গাঁও পঞ্চায়ত আৰু দুখনকৈ পৌৰসভাত বিতৰণ কৰা হ'ব গছপুলি ।

Large-scale plantation and free sapling distribution drives in Sarupathar ,preparation for Zubeen garden
বিনামূলীয়াকৈ বিতৰণ কৰিব পাঁচ লাখ গছপুলি (ETV Bharat Assam( file photo))
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 2:42 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিতৰণ কৰা হ'ব ৫ লাখ গছপুলি । সৰুপথাৰ বিধানসভা সমষ্টিটোৰ চাৰিওফালে সেউজীয়া কৰিবলৈ এই গছপুলি বিতৰণ কৰিব । সমান্তৰালকৈ এশ বিঘা মাটিত উৰিয়ামঘাটত নিৰ্মাণ হ'ব জুবিন গাৰ্গ নাহৰ উদ্যান । এই কথা প্ৰকাশ কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে ।

সৰুপথাৰ সমষ্টিত পাঁচ লাখ জোপা মূল্যবান গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব । অহা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ পৰাই প্ৰত্যক পঞ্চায়ত আৰু পৌৰসভাত গছপুলি উপলব্ধ হ'ব । প্ৰথম পৰ্যায়ত ২.৫০ লাখ দিয়া হ'ব । সমষ্টিটোৰ ২১ খন গাঁও পঞ্চায়ত আৰু দুখনকৈ পৌৰসভাত বিতৰণ কৰা হ'ব প্ৰথমটো পৰ্যায়ত । সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ত ২.৫০ লাখ গছপুলি বিতৰণ কৰি ৫ লাখ পুলি বিতৰণৰ লক্ষ্য ৰাখিছে ।

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন (ETV Bharat Assam)

গাঁও পঞ্চায়তসমূহত যোগান ধৰিব গছপুলি :

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয়, "৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছো । প্রথম অৱস্থাত সৰুপথাৰ সমষ্টিত প্ৰায় আঢ়ৈ লাখ গছপুলি বিনামূলীয়াকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰিছো । পাঁচৰ পৰা ১৭ জুনৰ ভিতৰত এই সময়ছোৱাত আমি গাঁও পঞ্চায়তসমূহত গছপুলি যোগান ধৰিম । প্ৰত্যেকজোপা গছেই অতি মূল্যবান আৰু প্রয়োজনীয় গছ হ'ব, যাৰ অর্থনৈতিক গুৰুত্ব থাকিব । আঢ়ৈ লাখ গছপুলি আনি আমি একৈশখন পঞ্চায়ত আৰু দুখন পৌৰসভাৰ কাৰ্যালয়ত ৰাখিম । তাৰ পৰা সৰুপথাৰৰ জনসাধাৰণে বিনামূলীয়াকৈ যেনেকৈ প্রয়োজন যাক যিমান লাগে গছপুলি লৈ যাব পাৰিব ।"

Large-scale plantation and free sapling distribution drives in Sarupathar ,preparation for Zubeen garden
বিনামূলীয়াকৈ বিতৰণ কৰিব পাঁচ লাখ গছপুলি (Biswajit Phukan)

এশ বিঘা মাটিত হ'ব জুবিন উদ্য়ান :

বিধায়কগৰাকীয়ে লগতে কয়, "এইখিনি গছপুলি যদি ১২ জুনৰ ভিতৰত আমাৰ বিতৰণ সম্পূর্ণ আমি কৰিব পাৰো তেতিয়াহ'লে আৰু আঢ়ৈ লাখ গছপুলি আমি সাজু কৰি ৰাখিছো । এই আঢ়ৈ লাখ যিটো প্ৰথম পৰ্যায়ত দিয়াৰ সিদ্ধান্ত হৈছে, এই গছপুলি আমি পাঁচ লাখ পৰ্যায়লৈকে লৈ যাব পাৰিম । গোটেই প্রক্ৰিয়াটোত বন বিভাগে আমাক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে । তাৰ লগতে উৰিয়ামঘাটত যি পাঁচ হাজাৰ গছপুলিৰে জুবিন গাৰ্গ নাহৰ উদ্যান প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত হৈছিল সেই কামো এই মাহতে আৰম্ভ হ'ব । প্ৰাৰম্ভিক কামসমূহ কাইলৈ বা পৰহিলৈৰ পৰা আৰম্ভ হ'ব । যদিও পঞ্চাশ বিঘা মাটি বুলি কৈছিলো শেহতীয়াকৈ গোটেই মাটি টুকুৰা পোৱাত এশ বিঘাৰ ওচৰৰ মাটি হ'ব । গতিকে খুব সুন্দৰকৈ জুবিন গাৰ্গ নাহৰ উদ্যান আৰম্ভ হ'ব ।"

পাঁচ হাজাৰ নাহৰ পুলি সাজু :

এটা দিনত আনুষ্ঠানিকভাৱে এই নাহৰ উদ্যান ৰোপণৰ কাম কৰিব বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "নাহৰ পুলিৰ নাৰ্ছাৰী আমাৰ হাতত ইতিমধ্যেই আছে । পাঁচ হাজাৰ নাহৰ পুলি আমি সাজু কৰি ৰাখিছো । সৰুপথাৰ অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, আত্মসহায়ক গোট, মহিলা বা জনগোষ্ঠীয় সংগঠন প্ৰত্যেকেই আমাক এই কামটোত সহায় কৰিব বুলি আশা কৰিছো । সমজিলা প্ৰশাসন, বন বিভাগ আমাৰ লগত আছে । লগতে সীমান্ত অঞ্চলত থকা চিআৰপিএফৰ জোৱানসকলেও গছপুলি ৰোপণত সহায় কৰিব । "

বিধায়কগৰাকীয়ে কয়, "বর্তমান সময়ত প্ৰকৃতিৰ উত্তাপ যিমান গৰম হৈছে, খৰাং হৈছে বিভিন্ন ঠাইত । এই সময়ত গছ ৰোপণৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে আমি প্ৰচেষ্টা চলাইছো । আশা কৰিছো যে সৰুপথাৰবাসীয়ে এই সময়ত আমাৰ সৈতে সহযোগিতা আগবঢ়াব ।"

লগতে পঢ়ক:মাজুলীৰ বুকুত প্ৰথমখন চাহ বাগিচা: দুশ বছৰে অসম্ভৱ বুলি থকা এটা ধাৰণাক সেউজীয়া ৰূপ দিলে দুই ভাতৃয়ে

হাতত ঝাড়ু, জাৱৰ পেলোৱা মোনা লৈ শিক্ষাৰ্থীৰ স্বচ্ছ অভিযান; লক্ষ্য- চিৰ সেউজীয়া পবাক জীয়াই ৰখা

প্ৰকৃতিৰ বাবে চাইকেল যাত্ৰা; মেৰাপানীৰ পৰা কলম্বোলৈ ৰূপম গগৈৰ সেউজ বাৰ্তা