মুম্বাইত নিৰ্মাণ হ'ব দ্বিতীয়টো অসম ভৱন: ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন
মুম্বাই অসম ভৱনৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা অসম ভৱন নিৰ্মাণৰ বাবে ভূমি চমজি লয় ।

Published : May 25, 2026 at 8:15 PM IST
নগাঁও: অসমবাসীৰ বাবে ভাল খবৰ । মুম্বাইত দ্বিতীয়টো অসম ভৱন নিৰ্মাণ হ'ব । দ্বিতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে অসম চৰকাৰক ভূমি হস্তান্তৰ কৰে । অসম ভৱন নিৰ্মাণৰ বাবে মুম্বাইৰ প্ৰাণকেন্দ্ৰ কটন গ্ৰীণত অৱস্থিত ৪.৮ বিঘা ভূমি অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে মহাৰাষ্ট্ৰ চৰকাৰে ।
সোমবাৰে নগাঁৱৰ জিলা আয়ুক্ত তথা মুম্বাই অসম ভৱনৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাই মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা অসম ভৱন নিৰ্মাণৰ বাবে ভূমি চমজি লয় । ভূমি চমজি লোৱাৰ পিছতে একেদিনাই দ্বিতীয় অসম ভৱন নিৰ্মাণৰ ভূমি পূজনো সম্পন্ন কৰা হয় ।
অসম ভৱনৰ বাবে ৪.৮ বিঘা ভূমি চমজি লৈ মুম্বাইৰ অসম ভৱনৰ অতিৰিক্ত যুটীয়া আৱাসিক আয়ুক্তৰ দায়িত্বত থকা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "আজি অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত মুম্বাই নগৰৰ মাজমজিয়াত দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে ভূমি ক্ৰয় কৰা হৈছিল । এই ভূমি আজি চমজি লোৱা হৈছে । এই ভূমিত সুন্দৰকৈ অসম ভৱন নিৰ্মাণ কৰা হ'ব । এয়া হ'ব মুম্বাইৰ দ্বিতীয়টো অসম ভৱন । টাটা হাস্পতালৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগত নিৰ্মাণ হ'বলগীয়া দ্বিতীয় অসম ভৱনে কৰ্কট ৰোগীসকলক যথেষ্ট সকাহ দিব ।"
ইফালে নিৰ্মাণ হ'বলগীয়া নতুন অসম ভৱনে ৰাজ্যখনৰ কৰ্কট ৰোগীৰ উপৰিও আন অতিথিসকলৰ বাবেও সহায়ক হ'ব বুলি আশা কৰা হৈছে । এই অসম ভৱনে ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাইত অসমক অধিক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰাৰ লগতে ৰাজ্যখনৰ সংস্কৃতি, পৰ্যটন, বাণিজ্য তথা সম্ভাৱনাক প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলিও আশা প্ৰকাশ কৰে দেৱাশীষ শৰ্মাই ।
লগতে পঢ়ক :

