ETV Bharat / state

চাহ শ্ৰমিকলৈ ভূমিপট্টা : চৰকাৰৰ সিদ্ধান্তক লৈ কি ক'লে চাহ মজদুৰ সংঘই ?

চাহ শ্ৰমিকক ভূমিপট্টা দীঘলীয়া সংগ্ৰামৰ ফল । বাগিচাৰ বাহিৰত থকা শ্ৰমিক পৰিয়ালৰ ক্ষেত্ৰতো একে ব্যৱস্থা গ্ৰহণৰ দাবী মজদুৰ সংঘৰ ।

Land rights to tea worker
চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ চৰকাৰী সিদ্ধান্তক আদৰণি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 8:43 AM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : শেহতীয়াকৈ ৰাজ্যৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত অসম বিধানসভাৰ অধিৱেশনত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় । যাক লৈ ৰাজ্যজুৰি চাহ বাগিচা অঞ্চলসমূহত আনন্দ উল্লাহ দেখা গৈছে । বহুতে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে যদিও একাংশই ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰো সন্দেহ কৰিছে । তাৰ মাজতে তেজপুৰত চাহ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰা অখিল ভাৰতীয় চাহ মজদুৰ সংঘই (অসম) সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় । সংবাদমেলত সংগঠনৰ সাধাৰণ সম্পাদক ৰয়েল চৰেঙে এই সিদ্ধান্তক "দীঘলীয়া সংগ্রামৰ সফলতা" বুলি বৰ্ণনা কৰে ।

চৰেঙে কয়, "মাটি, মজুৰি আৰু মৰ্যাদা আছিল আমাৰ মূল তিনিটা দাবী । ইয়াৰ ভিতৰত মাটিৰ পট্টাৰ ক্ষেত্ৰত সিদ্ধান্ত লৈ চৰকাৰে এটা গুৰুত্বপূর্ণ পদক্ষেপ ল'লে । কিন্তু এয়া বাস্তৱায়িত কেনেদৰে হয়, সেইটোত আমি বিশেষ নজৰ ৰাখিম ।"

চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ চৰকাৰী সিদ্ধান্তক আদৰণি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ (ETV Bharat)

তেওঁ লগতে কয়, "২০০৮ চনৰে পৰা চলি অহা আন্দোলনে পৰৱৰ্তী সময়ত ২০১৭ চনৰ তেজপুৰৰ বিশাল অভিৱৰ্তন আৰু ২০২৪-২৫ চনত বিভিন্ন আন্দোলন-কাৰ্যসূচীৰ পথেদি এতিয়ালৈকে আগবঢ়িছে । চাহ শ্ৰমিক, আদিবাসী সংগঠন, ছাত্ৰ সংগঠনৰ ঐক্যবদ্ধ দাবীৰ ফলত চৰকাৰে আজি এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে ।" এতিয়াও চাহ শ্ৰমিকৰ বহু দাবী পূৰণ হোৱা নাই বুলি অভিযোগ কৰি তেওঁ কয়, "চাহ বাগিচাৰ বাহিৰৰ ভূমিত যি শ্ৰমিক তথা শ্ৰমিকৰ পৰিয়াল বহু দিন ধৰি বসবাস কৰি আছে, তেওঁলোকে কোনো কাৰণতে যাতে উচ্ছেদৰ সন্মুখীন হ'ব নালাগে । মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত স্পষ্ট ব্যৱস্থা লোৱাটো অত্যাৱশ্যক ।"

আনহাতে সংগঠনৰ সভাপতি দীনেশ নায়কে সংবাদমেলত কয়, "চাহ বাগিচাত কেৱল এটা বিশেষ ধৰ্ম বা জাতিৰ লোক নাথাকে । জলাহ, কোচ ৰাজবংশী, বিহাৰী আদি বিভিন্ন জাতি-ধৰ্মৰ লোক চাহ শ্ৰমিক হিচাপে কাম কৰে । সেই সকলক লৈ কোনো প্ৰকাৰৰ ৰাজনৈতিক বা ধৰ্মীয় বিভাজন সৃষ্টি নকৰি সকলোকে সমানভাৱে ভূমিপট্টা দিয়াৰ নিশ্চয়তা চৰকাৰে দিব লাগিব ।" দালালচক্র যাতে এই প্ৰক্ৰিয়াত সোমাব নোৱাৰে সেই দিশত কঠোৰ নিৰীক্ষণৰো তেওঁ আহ্বান জনায় । তেওঁ লগতে কয়, "চৰকাৰৰ দ্বাৰা ঘোষিত পৰিয়ালৰ সংখ্যা তুলনামূলকভাৱে কম । ৰাজ্যজুৰি ৫০-৬০ লাখ শ্ৰমিক আৰু প্ৰাক্তন শ্ৰমিক আছে, সেই পৰিসৰত সকলোকে অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয় ।"

ইফালে চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই এই সংবাদমেলত উপস্থিত থাকি কয়, "সিদ্ধান্তটো ঠিক, কিন্তু বাস্তৱায়নৰ ওপৰতেই নিৰ্ভৰ কৰিব চাহ শ্ৰমিকৰ আশা-অভিলাষ পূৰণ হ'ব নে নাই । আগতে দিয়া বহু প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱা নাই, ইয়াৰ অভিজ্ঞতা জনতাৰ আছে । চাহ বাগিচাৰ ভূমি চৰকাৰে বৰ্তমান লিজত দিয়া, সেই ভূমি পুনৰ অধিগ্ৰহণ কৰি এক নতুন সমিতিৰ অধীনত পৰিচালনা কৰিব লাগিব । লগতে জিলা প্রশাসন, চাহ শ্ৰমিক সংগঠন আৰু আদিবাসী ছাত্ৰ সংগঠনক লৈ যৌথ সমিতি গঠন কৰাৰ প্ৰয়োজনীয়তাও আছে ।"

লগতে পঢ়ক :কোচ ৰাজবংশীয়ে হাত সাৱটি বহি নাথাকে; বি টি চি সচিবালয় আক্ৰমণকাৰীক গৰিহণা আক্ৰাছুৰ