ETV Bharat / state

বেদখলকাৰীৰ কবলত GMCHৰ বিশাল ভূমি: নৰকাসুৰ পাহাৰত অচিনাকী মানুহে সাজিছে শ শ ঘৰ

বেদখলৰ কবলত পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৰকাৰী ভূমি । সেই ভূমিত প্ৰায় ২৫০ টা ঘৰ অবৈধভাৱে নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে ৷

Guwahati Medical College Hospital
বেদখলকাৰীৰ কবলত GMCH ৰ বিশাল ভূমি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 7:47 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱা খণ্ডত বিশেষ ভূমিকা পালন কৰি অহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ যাত্ৰা ১৯৬০ চনত আৰম্ভ হৈছিল। প্ৰথমাৱস্থাত জালুকবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা জিএমচিএইচক ১৯৮৪ চনত নৰকাসুৰ পাহাৰত নিৰ্মাণ কৰা স্থায়ী ভৱনলৈ স্থানান্তৰিত কৰা হৈছিল । প্ৰতিষ্ঠা কালৰে পৰা ৰাজ্যৰ অগ্ৰণী চিকিৎসালয়ৰূপে সমাদৰ লাভ কৰি অহা জিএমচিএইচক নতুন ৰূপ দিয়াৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

চিকিৎসালয়খনক লৈ বহুকেইটা অভিলাষী প্ৰকল্প গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে কামো আৰম্ভ হৈছে । কিন্তু আশ্চর্যজনক কথা যে জিএমচিএইচৰ বিশাল চৰকাৰী ভূমি বেদখলৰ কবলত পৰিছে । বেদখলকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে উচ্ছেদ অভিযান চলাই আহিছে ৷

বেদখলকাৰীৰ কবলত GMCH ৰ বিশাল ভূমি (ETV Bharat)

তেনে সময়তে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা জিএমচিএইচৰ ভূমিত সন্দেহজনক লোকে চলোৱা বেদখলক লৈ উদ্ধিগ্ন হৈ পৰিছে হাস্পতাল কর্তৃপক্ষৰ লগতে সচেতন মহল । প্ৰায় ২৫০ টা ঘৰ অবৈধভাৱে নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে ৷

কি কৈছিল মুখ্যমন্ত্ৰীয়ে ?

এই বেদখল সন্দৰ্ভত অলপতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ‘‘জিএমচিএইচত কেইবাটাও নতুন প্ৰজেক্ট আহি আছে । গতিকে য'ত যেনেকৈ লাগে আমি মানুহক অনুৰোধ কৰিম আৰু মানুহে মাটি এৰি দিব । এতিয়া জিএমচিএইচত ২৫০০ কোটি টকাৰ এটা ডাঙৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে । জিএমচিএইচৰ অডিট'ৰিয়ালৈ কলেজখন নমাই অনাৰো আমাৰ পৰিকল্পনা আছে । মই ভাবোঁ যে মাটি লাগিলে আমি উঠাই দিব পাৰিম । উচ্ছেদৰ কথা ক'লে বহুতে ভাল পায় আৰু বহুতে বেয়া পায় । গতিকে মিলামিলি কৰিয়ে কৰি থাকিব লাগিব ।’’

তিনি শতাধিক লোকৰ অবৈধ বসতি

উল্লেখ্য যে এবিঘা-দুবিঘা ভূমি নহয় জিএমচিএইচৰ অধীনৰ নৰকাসুৰ পাহাৰত থকা বিশাল পৰিমাণৰ ভূমিত বেদখলকাৰীয়ে ঘৰ সাজি বাস কৰি আহিছে । অৱশ্যে এয়া আমাৰ দাবী নহয় ৷ জিএমচিএইচ কৰ্মচাৰী সন্থা আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলোৱা জৰীপত তিনি শতাধিক লোকে জিএমচিএইচৰ চৰকাৰী ভূমিত অবৈধভাৱে ঘৰ সাজি বাস কৰাৰ তথ্য পোহৰলৈ আহিছে । আনকি একাংশ সন্দেহজনক নাগৰিকে দখল কৰা চৰকাৰী ভূমিত ধৰ্মীয় অনুষ্ঠানো নিৰ্মাণ কৰা হৈছে ।

নাম প্ৰকাশত অনিচ্ছুক হাস্পতালখনৰ কৰ্মচাৰী সন্থাৰ এগৰাকী বিষয়ববীয়াই জনোৱা মতে বিগত বৰ্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী সন্থাই চলোৱা জৰীপত নৰকাসুৰ পাহাৰত প্ৰায় ২৫০ টা বেদখলকাৰীৰ বাসগৃহৰ তথ্য পোহৰলৈ আহিছিল । শেহতীয়াকৈ জিএমচিএইচৰ নতুন অধ্যক্ষ তথা মুখ্য অধীক্ষক হিচাপে ডাঃ বাবুল কুমাৰ বেজবৰুৱাই দায়িত্বভাৰ গ্ৰহণ কৰিয়েই হাস্পতালৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত জিএমচিএইচ কৰ্তৃপক্ষই নৰকাসুৰ পাহাৰৰ বেদখলৰ বিষয়টো পুনৰ জৰীপ কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে অধ্যক্ষই হাস্পতালৰ কৰ্মচাৰী সন্থাৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল । কমিটীখনে মণ্ডলৰ সহযোগত নৰকাসুৰ পাহাৰত চলোৱা ক্ষেত্ৰভিত্তিক জৰীপত হাস্পতালখনৰ চৰকাৰী ভূমিত তিনি শতাধিক লোকে অবৈধভাৱে বসতি স্থাপন কৰাৰ তথ্য লাভ কৰে ।

সম্প্ৰতি নৰকাসুৰ পাহাৰত জিএমচিএইচৰ স্থায়ী-অস্থায়ী প্ৰায় ৬০ জন কৰ্মচাৰীয়ে বসবাস কৰি আহিছে যদিও বাকী অধিকাংশ ভূমিয়েই বেদখল হৈছে । এই সন্দৰ্ভত জিএমচিএইচ কৰ্মচাৰী সন্থাই ৰাজহ চক্ৰ বিষয়াক হাস্পতালখনৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছে । জিএমচিএইচক অত্যাধুনিক ৰূপ দিয়াৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী প্ৰকল্প গ্ৰহণ কৰাৰ সময়তে বেদখলৰ প্ৰসংগটো প্ৰত্যাহ্বান ৰূপে থিয় দিছে ।

স্থানীয় সংগঠনৰ প্ৰতিক্ৰিয়া

ইফালে বেদখলৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি অহা লাচিত সেনা অসম থলগিৰিৰ সভাপতি গগন কলিতাই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, ‘‘গুৱাহাটী মেডিকেল কলেজ হস্পতালৰ নামত থকা ৯৮৩ বিঘা ৪ কঠা ৫ লেচা ভূমি আছে আৰু ইয়াৰে বহুখিনি ভূমি বেদখল হৈছে । ইতিমধ্যে জৰীপত এই কথা উন্মোচিত হৈছে । বহু সন্দেহজনক লোকে টিনৰ বেৰ, চালি দি ঘৰ নিৰ্মাণ কৰি বিভিন্ন জিএমচিএইচৰ ভূমি বেদখল কৰিছে ।’’

‘‘সন্দেহজনক লোকে জিএমচিএইচৰ ১০০ বিঘাৰো অধিক ভূমি বেদখল কৰিছে আৰু বেদখল কৰা ভূমিত ২৫০ টাৰো অধিক পৰিয়ালে ঘৰ বনাইছে । আনকি তাত মছজিদো নিৰ্মাণ কৰিছে । গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এনেদৰে বেদখল হৈ থাকিলে কি হ'ব । আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ । এনে আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব ।’’ কলিতাই লগতে কয় ৷

বংগমূলীয় মুছলমান সম্প্ৰদায়ৰ একাংশক উদ্দেশ্য কৰি তেওঁ পুনৰ কয়, ‘‘জিএমচিএইচত মাটি লুভীয়া মিঞা মুছলমানে বেদখল কৰিছে । ২৫০ ঘৰ মানুহে এশ বিঘাৰো অধিক ভূমি দখল কৰি আছে । আমি নিজে চৰজমিন তদন্ত চলাই এই কথা কৈছো । জিএমচিএইচ কৰ্তৃপক্ষৰ লোক আৰু চক্ৰ বিষয়া নিজে উপস্থিত থাকি তদন্ত কৰিছে । আমাৰ লোকো উপস্থিত আছিল । ২৫০ টাৰো অধিক পৰিয়ালে বেদখল কৰা বুলি চক্ৰ বিষয়াই নিজে স্পষ্টীকৰণ দিছে ।’’

‘‘জিএমচিএইচৰ মাটি দখল কৰা লোকসকলে জিএমচিএইচৰ আশে-পাশে ব্যৱসায় কৰি আছে । আনকি বেদখলকাৰীয়ে মদৰ দোকান, ভাঙৰ ব্যৱসায়, ড্ৰাগছৰ ব্যৱসায় আদি অবৈধ কাৰ্যকলাপ চলাই আহিছে । এইক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ কোনো কাণসাৰ নাই । কেইবা বছৰ ধৰি এই বেদখল কাৰ্য চলি আহিছে । নৰকাসুৰ পাহাৰৰ চেগুনবাৰীত সন্দেহজনক লোকে চলোৱা এই বেদখল শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ । দৰকাৰ হ'লে আমি হাতে-কামে লাগিম ।’’ গগণ কলিতাই কয় ৷

লগতে পঢ়ক: বেদখলকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে কলগাছিয়াত প্ৰশাসনৰ উচ্ছেদ

বেদখলীকৃত ভূমি এৰিবলৈ ৪৮ ঘণ্টাৰ সময়সীমা: ক’লৈ যাব, কি কৰিব ভাবি পোৱা নাই আবুল-ইছমাইলহঁতে