অসমৰ ভূমিত অব্যাহত নগাৰ আগ্ৰাসন : চকুমুদা কুলিৰ ভাওত অসম চৰকাৰ-স্থানীয় প্ৰশাসন
সীমা সমস্যা আৰু নগাৰ আগ্ৰাসন প্ৰসংগত আছুৰ প্ৰতিক্ৰিয়া । দেখিও নেদেখে অসম চৰকাৰে । সীমান্তবাসীৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছতো কাণসাৰ নাই গোলাঘাট জিলা প্ৰশাসনৰ ।

Published : February 26, 2026 at 12:09 PM IST
সৰুপথাৰ : কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি চৰকাৰ । কিন্তু অসম-নাগালেণ্ড সীমা সমস্যা সমাধানত গুৰুত্ব নাই চৰকাৰৰ । সৰুপথাৰৰ চুঙাজানত নগাই স্থাপন কৰা আদৰণী পকী গে'টক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । চ'খেভি নামেৰে নামকৰণ কৰি জিলা নিউলেণ্ড বুলি আদৰণী পকী গে'ট স্থাপন কৰাৰ পিছতেই বিৰোধিতা কৰি আহিছে সীমান্তবাসীয়ে ।
অবৈধ আদৰণী গে'ট উচ্ছেদ কৰাৰ বাবে সীমান্তবাসীয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ পেৰণ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু কোনো সমাধান লাভ কৰা নাই । নাই কোনো গুৰুত্বও । নগাৰ কথাই যেন আইন অসম-নাগালেণ্ড সীমান্তত ।
উল্লেখ্য যে অসমৰ ভূমি অধিগ্রহণ কৰাৰ বাবে নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে নগাই । সৰুপথাৰৰ সমজিলাৰ চুঙাজানৰ নৱমিলনপুৰ গাঁৱত নগাই নিৰ্মাণ কৰিছে পকী গে'ট । য'ত লিখা আছে চ'খেভি ভিলেজ, নিউলেণ্ড জিলা, নাগালেণ্ড । সমান্তৰালকৈ অসম-নাগালেণ্ড সীমান্তৰ চেইনপুৰত এটা পেট্ৰ'ল পাম্প খোলাক কেন্দ্ৰ কৰি সীমান্তত নিয়োজিত চি আৰ পি এফ'কো চোকা অস্ত্রৰে আক্ৰমণ কৰিছিল নগাই । কিন্তু তথাপিতো নীৰৱ প্ৰশাসন, নীৰৱ ভূমিকা চৰকাৰৰ । ইফালে নগাৰ এটাৰ পিছত অন্য এটা এনেধৰণৰ কাণ্ডক লৈ এইবাৰ সৰৱ হৈছে ছাত্ৰ সন্থা । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট জিলা ছাত্ৰ সন্থাই ।
অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যা, সীমা সমস্যাটো সমাধান হ’ব লাগে
গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে কয়, "অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমা সমস্যাটো আজিৰ দিনৰ সমস্যা নহয় । আমি পূৰ্বৱৰ্তী সময়ৰ পৰা চৰকাৰ-প্ৰশাসনক দাবী জনাই আহিছোঁ যে অসম-নাগালেণ্ড আন্তঃৰাজ্যিক যি সীমা সমস্যা, সেই সীমা সমস্যাটো সমাধান হ’ব লাগে । চৰকাৰখনৰ সদিচ্ছা নথকাৰ বাবে আজিকোপতি এই সমস্যাটো সমস্যা হৈ ৰ’ল ।"
তেওঁ লগতে কয়, "সৌ সিদিনা আমি দেখিবলৈ পালোঁ যে সীমান্তত নিৰাপত্তাৰ ব্যৱস্থাত থকা চি আৰ পি এফক নগা দুৰ্বৃত্তই আক্ৰমণ কৰিবলৈ উদ্যত হ’ল । আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ । এনেধৰণৰ ঘটনাসমূহ অসম চৰকাৰখনে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি দমন নকৰিলে পৰৱৰ্তী সময়তো এনেধৰণৰ ঘটনা সংঘটিত হ’ব বুলি আমি ছাত্ৰ সন্থাই শংকিত হৈছোঁ । আৰু তাৰ লগে লগে অসম-নাগালেণ্ড যি আন্তঃৰাজ্যিক সীমা সমস্যা, এই সীমা সমস্যাটো স্থায়ী সমাধানৰ বাবে চৰকাৰ-প্ৰশাসনে যেনেধৰণৰ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছোঁ ।"
আনহাতে, সৰুপথাৰ সমজিলা ছাত্ৰ সন্থাৰ সম্পাদক সীমান্ত বৰাই কয়, "অসম-নাগালেণ্ডৰ যি সীমা সমস্যা এইটো আচলতে নতুন কথা নহয় । পূৰ্বৱৰ্তী সময়ৰ পৰা বিভিন্ন সময়ত আচলতে দশক দশক ধৰি এই সমস্যাটোৰ সন্মুখীন হৈ আহিছে । বিশেষকৈ নগা লোকসকলে আহি বা নগা প্রশাসনে আহি অসমীয়া খিলঞ্জীয়া ৰাইজক ভূমিপুত্ৰক বিভিন্ন ধৰণৰ জোৰজুলুম কৰিব, তেওঁলোকৰ জীৱনৰ প্ৰতি, নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব । এই ক্ষেত্ৰত কিন্তু ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ ।"
সীমান্ত উন্নয়ন মন্ত্ৰী আছে, তেওঁৰ আচলতে নীৰৱ ভূমিকা
সীমান্ত বৰাই পুনৰ কয়, "চৰকাৰৰ যেনে ধৰণৰ ভূমিকা হ’ব লাগিছিল বা অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধানত যিগৰাকী সীমান্ত উন্নয়ন মন্ত্ৰী আছে তেওঁৰ নীৰৱ ভূমিকাই এইক্ষেত্ৰত নগা প্রশাসনে বা নগা লোকসকলে উচটনিমূলক বিভিন্ন ধৰণৰ কাম-কাজ কৰিবলৈ লৈছে । গতিকে আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ । অসম-নাগালেণ্ড সীমা সমস্যাৰ লগতে যিসকল সীমান্তৰ খিলঞ্জীয়া লোক আছে, ভূমিপুত্ৰ আছে, তেওঁলোকৰ জীৱন সুৰক্ষিত হ’ব লাগিব, সম্পত্তি সুৰক্ষিত হ’ব লাগিব । তেওঁলোকৰ জীৱনৰ কোনো ক্ষেত্ৰতে ভাবুকি আহিব নালাগিব । আমি ছাত্ৰ সন্থাই এই কথা সঁকীয়াই দিছোঁ ।"
তেওঁ লগতে কয়, "অনাগত দিনত কিন্তু ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ ৰাইজৰ সহযোগত কাৰ্যসূচী ল’বলৈ বাধ্য হ’ম । কিয়নো পূৰ্বৱৰ্তী সময়ত নজিৰ আছে যে নগা লোকসকলে আহিব, নিজৰ মাটি বুলি দাবী কৰি গে'ট লগাব, বিভিন্ন ধৰণৰ হৰ্ডিং ব'ৰ্ড লগাব । ছাত্ৰ সন্থাই কিন্তু এই ব'ৰ্ডসমূহ বা গে'টসমূহ উভালি দিয়াৰ নজিৰ আছে । গতিকে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ, চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক, যিসকলে এনেধৰণৰ কাৰ্য কৰিছে ।"
লগতে বৰাই কয়, "সীমান্তত চি আৰ পি এফ নিৰপেক্ষ বাহিনী আছে । তেওঁলোক কেৱল নামমাত্ৰ এটা পদবীত অধিষ্ঠিত হৈ আছে । তেওঁলোকৰ আচলতে কোনো ধৰণৰ খিলঞ্জীয়াৰ প্ৰতি সঁহাৰি জনোৱাকৈ, অসমৰ ৰাইজৰ, সীমান্ত অঞ্চলৰ ৰাইজৰ প্ৰতি সঁহাৰি জনোৱাকৈ কোনো ধৰণৰ পদক্ষেপ দেখিবলৈ পোৱা নাযায় । গতিকে অনাগত দিনত যাতে এনেধৰণৰ কাৰ্যপন্থা, যি নগা লোকেই হওক বা নগা প্ৰশাসনেই হওক, কৰিবলৈ সাহস নকৰে এই ক্ষেত্ৰত অসম চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰক আৰু অসম-নাগালেণ্ড যি সীমা সমস্যা আছে সেই সীমা সমস্যাটোৰ স্থায়ী সমাধান কৰক ।"

