ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি: চুবুৰীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱতী
দুটা পৰিয়ালৰ মাজত চলি থকা ভূমিকেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ ল'লে । ঘৰৰ ভিতৰত সোমাই যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ একাংশ লোকৰ । যুৱতীগৰাকীৰ অৱস্থা সংকটজনক ।

Published : July 6, 2026 at 6:40 PM IST
মৰিগাঁও: মৰিগাঁও চহৰত ভূমিকেন্দ্ৰিক বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দেওবাৰে নিশাও মৰিগাঁও চহৰৰ নিচেই কাষতে থকা গীতানগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয় । অভিযোগ অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এগৰাকী ২০ বছৰীয়া যুৱতীক চুবুৰীয়া একাংশ লোকে নিৰ্মমভাৱে আক্ৰমণ কৰে । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে চুবুৰীয়াৰ দীৰ্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদ চলি আছিল । কিন্তু দেওবাৰে নিশা এই বিবাদ চৰম পৰ্যায়ত উপনীত হয় । ঘৰত কোনো অভিভাৱক তথা পুৰুষ নথকাৰ সুযোগ লৈ একাংশ লোকে যুৱতীগৰাকীক আক্ৰমণ কৰে । এই আক্ৰমণত যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয় ।
নিশাই যুৱতীগৰাকীক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু স্বাস্থ্যৰ অধিক অৱনতি হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (জিএমচিএইচ) প্ৰেৰণ কৰে । বৰ্তমান জিএমচিএইচত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে ।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ সদস্যই কয়, "সিহঁতৰ দুটা ল'ৰাই ঘৰৰ ভিতৰত গৈ ভণ্টীক চুলিত ধৰি বাহিৰলৈ উলিয়াই লৈ আহিছে আৰু বুকুত গচকিছে । তাৰ পিছত প্ৰশাসনৰ মানুহ গ'ল আৰু তেওঁলোকে কি হৈছে গম পাইছে । মৰিগাঁও চিভিলত লৈ যোৱা হৈছিল কিন্তু পিছত গুৱাহাটীলৈ প্ৰেৰণ কৰে । মাটিক লৈয়ে এই সংঘাত হৈছিল । আগতেও তেওঁলোকৰ লগত কাজিয়া হৈছিল ।"
লক্ষণীয়ভাৱে মৰিগাঁও চহৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলবোৰত বিগত সময়ছোৱাত ভূমিকেন্দ্ৰিক বিবাদৰ কেইবাটাও ঘটনা সংঘটিত হৈছে । যাৰ বাবে সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । তাৰ মাজতে এগৰাকী যুৱতীক এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাই মৰিগাঁৱৰ সচেতন মহলক গভীৰভাৱে চিন্তিত কৰি তুলিছে । স্থানীয় ৰাইজে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । ঘটনাৰ দোষীক শাস্তিৰো দাবী জনাইছে ।
লগতে পঢ়ক :

