ETV Bharat / state

এগৰাকী শিক্ষকৰ চিন্তাৰ ফচল : লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল'

লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনক নতুন দিশলৈ লৈ যোৱাৰ উদ্যোগ লৈছে এগৰাকী শিক্ষকে । নিবনুৱাইও লাভ কৰিছে সংস্থাপন ।

Bonphool Agri Tourism
লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল' (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 2:31 PM IST

5 Min Read
Choose ETV Bharat

লখিমপুৰ : কৃষিক্ষেত্র কেৱল শস্য উৎপাদনতে সীমাবদ্ধ নহয় । কৃষিক্ষেত্রক উৎপাদনৰ সমান্তৰালভাৱে পৰ্যটন ক্ষেত্র হিচাপেও গঢ় দিব পাৰি । লখিমপুৰত তাকেই হাতে-কামে কৰি দেখুৱাইছে এজন শিক্ষকে । শৈক্ষিক ক্ষেত্রৰ সমানে তেওঁ শস্য ক্ষেত্রটো সম্ভাৱনাৰ পোহাৰ মেলিছে । নাম থৈছে বনফুল ।

বনফুল হৈছে লখিমপুৰৰ এক কৃষি ভিত্তিক পৰ্যটন ক্ষেত্র । এজন শিক্ষকৰ ব্যতিক্ৰমী চিন্তাৰ ফচল এই বনফুল । বনফুলক সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন । এক নিভাঁজ অসমীয়াৰ পৰ্যটন বিপ্লৱ । অন্য অৰ্থত অসমীয়াগিৰি । লখিমপুৰৰ ৰংপুৰীয়া জৰাধৰাৰ যুৱ শিক্ষক প্ৰণৱ ভাজনীৰ ব্যতিক্রমী প্ৰয়াস ।

লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল' (ETV Bharat)

সপোনৰ পোখা মেলাৰ আঁৰৰ কাহিনী

ৰংপুৰীয়া জৰাধৰাৰ এজন আদৰ্শৱান ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত কৃষক হীৰা ভাজনী । তেওঁৰ সুযোগ্য পুত্র তথা শিক্ষক প্ৰণৱ ভাজনী । পিতৃৰ পদাংক তেওঁ অনুকৰণ কৰিলে । শৈক্ষিক ক্ষেত্রত ব্যস্ত হ'লেও তেওঁ কৃষিৰ মোহ এৰিব পৰা নাছিল । পিতৃৰ সন্মান প্ৰাপ্তিৰ গৌৰৱেৰে তেওঁও গৌৰৱান্বিত । সেয়ে শিক্ষকতাৰ সমানে তেওঁৰ দুচকুত জিলমিল কৰিছিল এক সপোনে ।

Bonphool Agri Tourism
লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল' (ETV Bharat)

সপোনটো আছিল কৃষি ক্ষেত্রক পৰ্যটন ক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ । প্ৰায় ১০ বছৰীয়া চিন্তাচৰ্চা আৰু কষ্টৰ অন্তত কদম ৰংপুৰীয়া জৰাধৰা গাঁৱত চলিত বৰ্ষৰ জানুৱাৰীত মুকলি হ'ল ১০ বিঘা ভূমিত বনফুল কৃষি পৰ্যটন ক্ষেত্ৰ । বিভিন্ন উদ্যান শস্যৰ লগতে নানান কৃষিজাত উৎপাদনৰ মাজত অৱসৰৰ প্রিয় মুহূৰ্ত কটাব পৰাকৈ ষোল্ল অনা সমৃদ্ধ হৈছে বনফুল ।

Bonphool Agri Tourism
লখিমপুৰৰ গ্ৰাম্য কৃষি পৰ্যটনক্ষেত্ৰ বনফুল (ETV Bharat)

কি আছে বনফুলত ?

বৃক্ষগৃহত উঠাৰ আনন্দ, শিশুৰ বিভিন্ন খেলা-ধূলাৰ ব্যৱস্থা, দুঃসাহসিক ক্ৰীড়া, বৰশীৰে মাছ ধৰাৰ সুবিধা, নৌকা বিহাৰ । মন গ'লেই হাতেৰে ছিঙি খাব পাৰি মৌচুমী, কমলা, ড্ৰেগন ফ্ৰুট, মধুৰী আদি বিভিন্ন ফল-মূল । নানান কৃষিজাত উৎপাদনৰ লগতে বনফুলৰ চৌহদতে আছে বাঁহৰ উৰণ সেতু । প্ৰায় ১০০ বিধ ভিন্ন প্ৰজাতিৰ অৰ্কিডেৰে সমৃদ্ধ বিশেষ গৃহ । ওলমা দলং, বিভিন্ন প্ৰকাৰৰ পাচলিৰ বাগিচা । মৌচুমী, কমলা, বগৰী, মধুৰী, ষ্ট্ৰবেৰী আদিৰ বাগিচাৰে মোহনীয়া পৰিৱেশ বনফুলত । চৌদিশে চালে চকুৰোৱা পৰিৱেশ । উদ্যান শস্যৰ মাজে মাজে ফুৰি, হাতেৰে ফল-মূল ছিঙি ইয়াৰ সোৱাদ লোৱাৰ উপৰিও বিভিন্ন বিনোদনৰ সম্ভাৰে ভৰি আছে বনফুল । প্ৰতি গৰাকী পৰ্যটকৰ মানসিক প্ৰশান্তিৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বনফুলত পাব জীৱন যুঁজৰ আদিপাঠ । কদম ৰংপুৰীয়া জৰাধৰা গাঁওখনকে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়াৰ যি সংকল্প তাৰে প্ৰথম পদক্ষেপ হিচাপে এই বনফুলক সাকাৰ ৰূপ দিছে প্ৰণৱ ভাজনীয়ে ।

Bonphool Agri Tourism
বিনোদনৰ কেন্দ্ৰ বনফুল (ETV Bharat)

বনফুল সৃষ্টিৰ নেপথ্যত

বনফুল সৃষ্টিৰ নেপথ্যৰ কাহিনী উন্মোচন কৰি প্ৰণৱ ভাজনীয়ে কয়, "মোৰ দেউতা আছিল ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত কৃষক । দেউতাৰ যিখিনি অভিজ্ঞতা, যিখিনি সমল, মই সেইখিনিক লৈয়েই আগবাঢ়িছোঁ । দেউতাই এটা পৰ্যায়লৈকে আগবঢ়াই থৈছে । সেইখিনি আমাৰ ভেটি । তাকে লৈ কৃষিভিত্তিক গ্ৰাম্য পৰ্যটনক্ষেত্রখন গঢ় দিছোঁ ।" তেওঁ লগতে কয়, "খেতিও যে সংস্থাপনৰ উপায় হ'ব পাৰে, খেতি যে চাব পাৰি, শিকিব পাৰি, খেতিক যে পৰ্যটনক্ষেত্র ৰূপেও ব্যৱহাৰ কৰিব পাৰি এই গোটেই কথাখিনিক সামৰি বনফুল গ্ৰাম্য কৃষি পৰ্যটন ক্ষেত্র গঢি তোলা হৈছে । কৃষিক্ষেত্রক বিনোদন ক্ষেত্রলৈ ৰূপান্তৰিত কৰিছোঁ । এই কথাখিনি আমি ছাত্র-ছাত্রীৰ মাজলৈ, নৱ প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ তেনে লক্ষ্যৰে এই কৃষি পৰ্যটন ক্ষেত্র আগুৱাই লৈ যোৱা হৈছে ।"

Bonphool Agri Tourism
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বনফুল (ETV Bharat)

বনফুললৈ ৰাইজৰ সঁহাৰি

ৰাইজে কেনেদৰে লৈছে বনফুলক ? প্ৰণৱ ভাজনীৰ ব্যতিক্রমী চিন্তাৰ ফচল, তেওঁৰ মানস পুত্ৰ বনফুল কেৱল লখিমপুৰৰে নহয়, ৰাজ্যৰ ভিন্ন স্থানৰ ৰাইজৰো আকৰ্ষণৰ কেন্দ্রবিন্দু । প্ৰণৱ ভাজনীয়ে কয়, "বনফুল মাথো এবছৰীয়া হৈছে । শিশু অৱস্থাতে আছে বনফুল । তথাপি ৰাইজৰ সমাদৰ লাভ কৰিছে বনফুলে । ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ৰাইজ আহে বনফুললৈ । নিতৌ কমেও ১০০ লোকে বনফুলত পদাৰ্পণ কৰে । বনফুলৰ কৃষিক্ষেত্র, বিভিন্ন বিনোদন ক্ষেত্রত নিৰিবিলি পৰিৱেশত প্ৰকৃতিৰ নিভাজ সৌন্দর্য পান কৰিবলৈ বহুজন আহে । ছাত্র-ছাত্রী সকলো আহে বনফুললৈ ।"

Bonphool Agri Tourism
শিক্ষকে গঢ় দিছে কৃষিৰ লগতে পৰ্যটন কেন্দ্ৰ (ETV Bharat)

সংস্থাপনৰ সম্ভাৱনা দেখুৱাইছে বনফুলে

সংস্থাপনৰ সম্ভাৱনা দেখুৱাইছে বনফুলে । বনফুলত ইতিমধ্যে প্ৰত্যক্ষভাৱে ১০ জন লোক নিয়োজিত হৈ আছে । পৰোক্ষভাৱে ২০ জন লোক জড়িত । অস্থায়ীভাৱেও কিছু লোক জড়িত । এবছৰ নৌহওঁতেই বনফুলে এনে সংস্থাপনৰ সম্ভাৱনা দেখুৱাইছে । কৃষিজাত উদ্যানক উৎপাদনৰ সমান্তৰালভাৱে পৰ্যটনক্ষেত্রলৈ ৰূপান্তৰিত কৰি নৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ আন এক উদ্দেশ্য বুলি উল্লেখ কৰি প্ৰণৱ ভাজনীয়ে কয়, "নৱ প্ৰজন্মৰ ক্ৰমে খেতিৰ প্ৰতি অনীহা আহিছে । সেয়ে বনফুলৰ জৰিয়তে কৃষি পৰ্যটনক্ষেত্রৰ সুবাস বিলাই নৱ প্ৰজন্মক পুনৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰো লক্ষ্য নিহিত হৈ আছে ৷"

Bonphool Agri Tourism
বিভিন্ন প্ৰকাৰৰ ফলৰ বাগিচা আছে বনফুলত (ETV Bharat)

ভৱিষ্যৎ পৰিকল্পনা

ব্যতিক্রমী চিন্তাৰে কৃষি পৰ্যটনক্ষেত্র গঢ়ি তুলি এক আদৰ্শ দাঙি ধৰা শিক্ষক প্ৰণৱ ভাজনীয়ে কয়, "বনফুলক ভৱিষ্যতে বিশাল পৰিসৰত কৰাৰ চিন্তা কৰা হৈছে । সেয়ে হ'লে বহু ন ন চিন্তাচৰ্চাৰ ফচল সংযোজন হ'ব বনফুলত । কেৱল বনফুলেই নহয় । ৰংপুৰীয়া জৰাধৰা গাওঁখনকে ৰাজ্যৰ ভিতৰত কৃষি পৰ্যটনক্ষেত্রত পৰিণত কৰাৰ আমাৰ লক্ষ্য আছে । বনফুলক ভৱিষ্যতে অধিক আকৰ্ষণীয় কৰি তোলা হ'ব ।" বনফুলক লখিমপুৰৰ আন এক চিনাকি ৰূপে প্ৰতিষ্ঠা কৰা হ'ব । এয়া প্ৰণৱ ভাজনীৰ আশা । বনফুলৰ স্ৰষ্টা প্ৰণৱ ভাজনীৰ এনে ব্যতিক্রমী সেউজীয়া চিন্তাক সকলোৱে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক :ঐতিহাসিক সমলৰ দুৰৱস্থা; চৰকাৰী অৱহেলাতে নিঃশেষ হোৱাৰ দিশে ইতিহাসৰ অলিখিত কাহিনী