বুমেৰাং চৰকাৰী আঁচনি ! এইসকল লোকেই দেখুৱাব চৰকাৰৰ জনকল্যাণৰ নমুনা
এজাক মানুহ । পুৱাতেই ওলাই আহি ৰৈ থাকে নগৰ-মহানগৰৰ চুকে-কোণে । প্ৰাত্যহিক জীৱন-যুঁজত ব্ৰতী এইসকল লোকৰ কঠোৰ জীৱন সংগ্ৰামৰ ওপৰত এক প্ৰতিবেদন ।

Published : December 13, 2025 at 1:49 PM IST
লখিমপুৰ : কৰ্মব্যস্ত পৃথিৱীখনত সকলোৱে প্ৰাত্যহিক জীৱন-যুঁজত ব্যস্ত । কিন্তু এনে এচাম মানুহ আছে, যিয়ে কেৱল আনৰ ঘৰত হাজিৰা কৰি দুবেলা-দুমুঠি উপাৰ্জন কৰিবলগীয়া হৈছে । সহজ ভাষাত তেওঁলোক 'কামলা' অৰ্থাৎ দিন মজদুৰ ।
সূৰ্যোদয়ৰ লগে লগে নগৰ-চহৰৰ বিভিন্ন স্থানত ৰৈ তেওঁলোকে কামৰ সন্ধান কৰে । হাতত থাকে একোখন দা । কোনোৱে নিজৰ ঘৰত কাম কৰিবলৈ তেওঁলোকক লৈ যায় । দিনটো কঠোৰ শ্ৰম কৰি সন্ধ্যা গৃহস্থই হাতত গুঁজি দিয়া টকাকেইটামান লৈ তেওঁলোক নিজৰ জুপুৰিলৈ উভতি যায় । নিশাটোৰ বাবে চাউল-তেল-নিমখ নি সপৰিয়ালে তেওঁলোকে এসাঁজ খায় ।
দিন ভিক্ষা, প্ৰাণ ৰক্ষা
দিনটোৰ কঠোৰ শ্ৰমৰ অন্তত নিজৰ শ্ৰমেৰে অৰ্জন কৰা চাউলমুঠিৰে নিশাৰ আহাৰ খাই তেওঁলোক শেতেলিত উঠে । পুৱা আকৌ একেই ব্যস্ততা । সূর্যোদয়ৰ লগে লগে কামলৈ বুলি ওলাই আহে । কাম পালে এসাঁজ খাবলৈ পায়, কাম নাপালে তেওঁলোকৰ সেইদিনা চৌকা নজ্বলে । লঘোণীয়া পেটেৰে শেতেলিত পৰি ইচাত-বিচাত কৰিবলগীয়া হয় ।
এইসকল লোকৰ জীৱন সংগ্ৰামখন কিন্তু নতুন নহয় । দুই-তিনি দশক ধৰি তেওঁলোকে এনেদৰেই লোকৰ ঘৰত কাম কৰি আহিছে । বছৰে বছৰে পূৰ্বতকৈ এনেদৰে কাম কৰা লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । 'কামলা'ৰূপী এনে লোকসকলৰ কিন্তু এনে অৱস্থা কিছু বছৰৰ আগতে নাছিল । জনবিষ্ফোৰণ, বান, খহনীয়া আদিত অঘৰী হোৱা আদি বিভিন্ন কাৰণত এইসকল লোকে নিজকে 'কামলা' সজাবলৈ বাধ্য হৈছে ।
চৰকাৰী জনকল্যাণমূলক আঁচনিয়ে ঢুকি নোপোৱা এজাক লোক
ভাৰাঘৰত সপৰিয়ালে থাকি কেৱল দিন হাজিৰা কৰি বহুতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । চৰকাৰী বিভিন্ন জনকল্যাণমূলক আঁচনিয়েও তেওঁলোকক ঢুকি নাপায় । যাৰ বাবে মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া লোক । ৰাজ্যৰ প্ৰতিখন নগৰ-মহানগৰত পুৱাতেই দেখা পোৱা যায় এনে পৰিবেশ ।
লখিমপুৰ নগৰৰ 'কামলা'ৰ চকুলো
লখিমপুৰ নগৰতো পুৱাতেই দেখা পোৱা যায় দুই সহস্রাধিক এনে লোকক । নগৰখনৰ লখিমী চাৰিআলি, নকাৰী, চি ডি ৰোড, খেলমাটি আদি বিভিন্ন স্থানত পুৱাই কামৰ সন্ধানত খাপ পিটি ৰয় তেওঁলোক । পথেৰে অহা-যোৱা কৰা প্ৰতিজন লোকৰ চকুলৈ আগ্ৰহেৰে চাই ৰয় তেওঁলোকে । কিজানিবা কাম এটা কৰিবলৈ মাতেই ! নহ'লে যে সন্ধ্যা তেওঁলোকৰ চৰুৰ তলত জুই নজ্বলিব ।
এই ব্যস্ততা কিন্তু ৯ মান বজালৈকেহে থাকে । কিয়নো ৯ বজাৰ পাছত তেওঁলোকক আৰু কোনোৱে কামৰ বাবে নামাতে । ফলত বিফল মনোৰথে তেওঁলোক উভতি যায়গৈ । এয়া নগৰ-মহানগৰসমূহৰ এক চিৰপৰিচিত দৃশ্যপট।

লখিমপুৰ নগৰতো বিভিন্ন স্থানৰ পৰা নিচেই পুৱাতে আহি কামৰ সন্ধানত খাপপিটি ৰোৱা কেইজনমান লোকে ব্যক্ত কৰিলে তেওঁলোকৰ মনোবেদনা । দিন মজদুৰ এইসকল লোকৰ প্ৰতি চৰকাৰৰ অৱহেলা । কোনো জনকল্যাণমূলক আঁচনিয়ে তেওঁলোকক স্পৰ্শ কৰা নাই ।
চৰকাৰ বাহাদুৰে নেদেখে এওঁলোকৰ দুখ
পানীগাঁও এলেকাৰ মাধৱ দাসৰ ছজনীয়া পৰিয়াল । নিতৌ হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে । তেওঁ কয়, "বৰ কষ্ট কৰি জীয়াই থাকিবলগীয়া হৈছে । চৰকাৰে আমাৰ প্ৰতি একো গুৰুত্ব দিয়া নাই । এদিন কাম পালে দহ দিন নাপাওঁ । এনেকৈ আমি চলিম কেনেকৈ । বৰ কষ্টত আমি জীয়াই থাকিবলগীয়া হৈছে ।"
বিগত ২০-২২ বছৰ ধৰি এনেদৰে দিন হাজিৰা কৰি আছে মাজুলীৰ ডিম্ব পেগুৱে । পাঁচজনীয়া পৰিয়ালটো লৈ লখিমপুৰত তেওঁ ভাৰাঘৰত থাকে । উপাৰ্জন বুলিবলৈ কেৱল দিন হাজিৰা । নিজৰ মাটি-বাৰী বুলিবলৈ একো নাই । দিন হাজিৰা কৰি পানী পৰ্যন্ত কিনি খাব লাগে । মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে ।
ডিম্ব পেগুৰ আক্ষেপ, "চৰকাৰে আমাৰ নিচিনা পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব লাগে । চৰকাৰে আমাক জীয়াই থাকিবলৈ একো উপায় দিয়া নাই ।"
চৰকাৰী সুবিধাৰ পৰাও বঞ্চিত
লখিমপুৰৰ ৰঙানদীৰ জয়ন্ত চিন্তে । চাৰিজনীয়া তেওঁৰ পৰিয়াল । দিন হাজিৰা কৰে জয়ন্ত চিন্তেয়ে । তেওঁ কয়, "কেতিয়াবা কাম পাওঁ, কেতিয়াবা নাপাওঁ । চৰকাৰী চাউল দুটামান পাওঁ । কিন্তু মাহটো খাবলৈ নোজোৰে । আন চৰকাৰী সুবিধা একো নাই । কাম নাপালে লঘোণে থাকিবলগীয়া হয় ।"

মাজৰ চাপৰিৰ ৰাজনাথ পেগুৰ পাঁচজনীয়া পৰিয়াল । বিগত ১২ বছৰমান ধৰি দিন হাজিৰা কৰিয়েই পৰিয়ালটো পোহপাল দিছে । তেওঁ কয়, "চৰকাৰী ঘৰ এটাও আজিলৈকে পোৱা নাই । বৰ বিপদত জীয়াই আছো । কাম পালে এমুঠি খাওঁ, নাপালে লঘোণে থাকিবলগীয়া হয় ।"
যোৱা ৩০ বছৰ ধৰি এনেদৰে দিন হাজিৰা কৰিয়েই পৰিয়াল পোহপাল দি আহিছে বৰ্ষীয়ান জ্ঞান শইকীয়াই । তিনিজনীয়া পৰিয়ালটোৰ উপাৰ্জন বুলিবলৈ কেৱল তেওঁৰ শ্ৰম । তেওঁ কয়, "আজিলৈকে অৰুণোদয় আঁচনিকে আমি নাপালোঁ । কেৱল দিন হাজিৰা কৰিয়েই জীয়াই থাকিবলগীয়া হৈছে । কাম নাপালে বৰ অসুবিধাত পৰোঁ । খোৱা-বোৱাৰ বৰ সমস্যা হয় ।"
চৰকাৰলৈ কাতৰ আহ্বান
এয়া প্ৰতিজন দিন মজদুৰৰ হৃদয়স্পর্শী, বেদনা ভৰা কথা । হৃদয় উজাৰি ব্যক্ত কৰে তেওঁলোকৰ মনোবেদনা । চৰকাৰী কোনো আঁচনিয়ে তেওঁলোকৰ দুৰ্দশা মোচন কৰিব পৰা নাই । চৰকাৰীভাৱে এইসকল লোকৰ বাবে কোনো বিশেষ আঁচনিও নাই । যাৰ বাবে মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে ডিম্ব, জয়ন্ত, মাধৱ, ৰাজনাথ, জ্ঞান শইকীয়াৰ দৰে হাজাৰ হাজাৰ পৰিয়াল ।
চৰকাৰৰ প্ৰতি তেওঁলোকৰ কাতৰ আহ্বান, "আমাৰ বাবেও চৰকাৰে কিবা এটা কৰক । দুবেলা দুমুঠি খোৱাৰ ব্যৱস্থা এটা দিয়ক ।"
পিছে এইসকল লোকৰ এনে আহ্বানক চৰকাৰে গুৰুত্ব দিবনে ? তেওঁলোকৰ মনোবেদনা উপলব্ধি কৰি ৰজাঘৰে সামান্যভাৱে হ'লেও সহায়ৰ হাত আগবঢ়াবনে ? এইসকল দিন মজদুৰৰ চকুত এতিয়া এয়া এক উত্তৰবিহীন প্ৰশ্ন ।

