শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন
অহা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ।

Published : November 16, 2025 at 5:07 PM IST
চতিয়া: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭,আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন । উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ লাইখুটা দেওবাৰে স্থাপন কৰা হয় ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজাৰ হাজাৰ সেৱকৰ উপস্থিতিত আজি দিনৰ ১১ বজাত ৯৫ সংখ্যক এই অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয় । আয়তীৰ উৰুলি, তাল-খোল, শংখ ধ্বনিৰ মাজৰে সংঘৰ সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । অসমৰ প্ৰতিখন জিলাৰ পৰা অহা সংঘৰ প্ৰায় পাঁচ সহস্ৰাধিক সেৱকৰ উপস্থিতিত লাইখুটা স্থাপন কৰি পদাধিকাৰগৰাকীয়ে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত আজি সকলোৱে একত্ৰিত হৈ সমন্বয়ৰ সেতু সুদৃঢ় কৰিবলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰে ।
পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই কয়, "জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৱিত্ৰ লাইখুটা স্থাপন কৰিলো । আজিৰ পৰা অধিৱেশনৰ কাম পূৰ্ণগতিত চলিব । এমাহ-দুমাহ পিচত এইখন এখন বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব । ফেব্ৰুৱাৰী মাহত লোকে লোকাৰণ্য় হৈ পৰিব ।... ইয়াত উত্তৰ পূৰ্বাঞ্চলৰেই নহয়, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিখ্য়াত বিখ্য়াত পণ্ডিতসকল আহিব ।"

এই অনুষ্ঠানত উপস্থিত থাকি অধিৱেশনৰ উদযাপন সমিতিৰ কাৰ্যকৰি সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পূৰ্ণৰূপে সফল কৰি তুলিবৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি চলি থকা বুলি মত ব্যক্ত কৰে ।


