চাৰিওফালে কেৱল বালিময় পৰিৱেশ, খাবলৈ নাই এটুপি পানী
৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ নাই চিন মোকাম । চিলাসুতিৰ পৰা মালিনীপুৰলৈকে প্ৰসাৰিত একমাত্ৰ পকী পথছোৱা পুতি পেলালে বালিয়ে ।

Published : March 2, 2026 at 5:03 PM IST
জোনাই: চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰৰ সীমান্তৱৰ্তী চিলাসুঁতিত গঞা ৰাইজক মেকুৰী নলাই অতিষ্ঠ কৰি তুলিছে । বাৰিষা বানপানী আৰু খৰালি ধূলিময় পৰিৱেশে বিধ্বস্ত কৰিছে জনজীৱন । বাৰিষা বানে জুৰুলা কৰাৰ পিচত এতিয়া দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ৰাইজে খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
গাঁওখনৰ মূল সমস্যা বানপানী । বাৰিষা হোৱা বানপানীৰ ফলত বোকা আৰু পলসৰ তলত পোত গৈছে পকী পথ, ঘৰ-বাৰী আৰু বিশাল এলেকাৰ কৃষিভূমি । নলাটোৰ তাণ্ডৱত অতিষ্ঠ হৈ ঘৰ-বাৰী এৰি স্থানান্তৰ হ'ল বহু পৰিয়াল । এতিয়া আকৌ চৌদিশে ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছে । ঘৰৰ বাহিৰৰ পৰা ওলাব পৰা নাই সাধাৰণ জনতাই ।
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ লিকাবালিৰ সমীপৰ পৰা বৈ আহিছে মেকুৰী নামৰ এটা পাহাৰীয়া নলা । পাহাৰ অংশত সামান্য আকাৰত বৈ অহা নলাটো নামনি অংশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । চিলাসুতি পঞ্চায়তৰ জীপু, ঘগৰা, ডালা, ব্ৰীজবাৰী, বৰহ্মপুৰ, চিলা ব্ৰহ্মপুৰ আদি গাঁৱৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে । কাষৰীয়া মালীনিপুৰ পঞ্চায়তৰো কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত কৰিছে এই নলাই ।

এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়,"গাঁওখনৰ মূল সমস্যা বানপানী । আজিৰ পৰা প্ৰায় ৫-৬ বছৰৰ পৰা সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগুৱেও আমাৰ গাওঁখনৰ সমস্যা সমাধানৰ কাম একোৱেই নকৰিলে । চৰকাৰে গাইড-বানৰ ব্যৱস্থা কৰিলে ভাল আছিল । বহু পৰিয়ালৰ গাঁও এৰি বেলেগ ঠাইত থাকিবলৈ ল'লে । গাঁৱত এখন অংগনবাড়ী স্কুল আছিল, এয়াও বালিয়ে পুতি পেলালে; কিন্তু বিজেপি চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই আছে; কিন্তু আমাৰ অঞ্চলত উন্নয়নৰ নামত শূন্য ।"

আন এগৰাকী ব্য়ক্তিয়ে কয়, "চিলাসুতিৰ পৰা মালিনীপুৰলৈকে প্ৰসাৰিত একমাত্ৰ পকী পথছোৱা পুতি পেলালে মেকুৰী নলাৰ বোকা আৰু পানীয়ে । যান-বাহনৰ কথাটো বাদেই এখন চাইকেল চলাবলৈ মস্কিল । প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা কেইবাটাও অংশৰ বৰ্তমান পথৰ নাই চিন মোকাম । যাতায়াতৰ দুৰৱস্থাৰ বাবেই চৰম হৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজৰ লগতে ৰোগী,প্ৰসূতি আৰু স্কুলীয়া ছাত্ৰ- ছাত্ৰী । গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীক সময়মতে চিকিৎসালয়লৈ দিব নোৱাৰি বাৰুকৈয়ে বিপদত পৰে সাধাৰণ জনতা ।"

ইতিমধ্যে ঘৰ-বাৰী এৰি স্থানান্তৰ হ'ল বহু পৰিয়াল । ঘৰ,বাৰি,পথ,চোতাল বুলিবলৈ একোৱেই নাই । সকলোতে মাথো পানী,বোকা আৰু পলস । গঞাৰ চোতালৰ পৰা পাক ঘৰলৈ একাঁঠুকে পলস । পাহাৰত হোৱা বৰষুণত বৈ অহা পলসে পুতি পেলাইছে সীমান্তৱৰ্তী গাঁওবোৰৰ বিশাল খেতি পথাৰ । কেৱল নিৰ্বাচনত সময়তহে মনত পৰে এই অঞ্চলৰ ৰাইজক । সমাগত নিৰ্বাচনৰ পূৰ্বে পথচোৱা নিৰ্মাণৰ লগতে পাহাৰীয়া মেকুৰী নলা নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।

