১২ ফেব্ৰুৱাৰীত দেশজোৰা ধৰ্মঘট; অসমতো পৰিব সৰ্বাত্মক প্ৰভাৱ
৪ শ্ৰম সংহিতাৰ বিৰোধিতা শ্ৰমিক সংগঠনৰ । দেশৰ লগতে অসমতো সংগঠনসমূহৰ যৌথ মঞ্চৰ ধৰ্মঘট ঘোষণা ।

Published : February 8, 2026 at 1:22 PM IST
গুৱাহাটী : শ্ৰম সংহিতা বাতিলৰ দাবীত শ্ৰমিক সংগঠনসমূহৰ প্ৰতিবাদ অব্যাহত আছে । তাৰ মাজতে কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ গুৰুত্বপূৰ্ণ ঘোষণা । শ্ৰমিক ইউনিয়নৰ যৌথ মঞ্চই অহা ১২ ফেব্ৰুৱাৰীত দেশজোৰা সাধাৰণ ধৰ্মঘটৰ ঘোষণা কৰিছে । তেওঁলোকৰ দাবী মূলত শ্রমিক বিৰোধী শ্রম সংহিতা বাতিল কৰিব লাগে আৰু শ্রমিক শ্রেণীৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰ ৰক্ষা হ'ব লাগে ।
এই ধর্মঘট অসমতো সর্বাত্মক ৰূপত পালন কৰাৰ বাবে ৰাজ্যখনৰ শ্রমিক-কর্মচাৰী সংগঠনসমূহে সিদ্ধান্ত গ্রহণ কৰিছে বুলি উল্লেখ কৰিছে । এই কথা উল্লেখ কৰে এ আই টি ইউ চিৰ (AITUC) সাধাৰণ সম্পাদক ৰমেন দাসে ।
তেওঁ কয়, "ইতিমধ্যে দেশখনৰ লগতে অসমত মটৰ পৰিবহণ খণ্ডৰ চালক-কর্মচাৰী সংগঠনসমূহৰ যৌথমঞ্চই এই ধর্মঘট সফল কৰাৰ বাবে ২৪ ঘণ্টীয়া চকাবন্ধ ঘোষণা কৰিছে । একেদৰে চাহ বাগিচাত কৰ্মৰত শ্রমিক সংগঠনসমূহেও কর্মবিৰতিৰে ধৰ্মঘট সফল কৰাৰ সিদ্ধান্ত লৈছে । দেশখনৰ লগতে ৰাজ্যখনৰ আঁচনিভুক্ত কর্মচাৰী বিশেষকৈ অংগনবাড়ী কর্মী-সহায়িকা, আশা কর্মী আৰু ৰন্ধন কর্মচাৰীসকলেও কর্মবিৰতি ঘোষণা কৰি এই ধর্মঘটত যুক্ত হৈছে । নির্মাণ খণ্ডকে ধৰি অসংগঠিত খণ্ডৰ শ্রমিকসকলে নিজৰ নিজৰ কামৰ পৰা বিৰত থাকি ধর্মঘট সফল কৰিব । ইতিমধ্যে দেশৰ বেংক, বীমা আদি বিত্তীয় খণ্ড, বি এচ এন এল, তৈলখণ্ড, কয়লা খণ্ড, বিদ্যুৎ খণ্ডকে ধৰি সকলো ৰাজহুৱা খণ্ড, কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ সংগঠনসমূহ আৰু ব্যক্তিগত খণ্ডৰ কল-কাৰখানাৰ শ্রমিক-কর্মচাৰী সংগঠনসমূহে ধর্মঘটক সমর্থন আগবঢ়াইছে । ইয়াৰ প্ৰভাৱ ১২ ফেব্ৰুৱাৰীত অসমত পৰিব ।"
শ্ৰম সংহিতাৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ লগতে কয়, "বিজেপি নেতৃত্বাধীন চৰকাৰৰ দেশ বিৰোধী, কৃষক-শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে শ্রমিক শ্রেণীয়ে ধাৰাবাহিকভাৱে আন্দোলন চলাই আহিবলগীয়া হৈছে । শ্রমজীৱী জনগণৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰসমূহৰ সুৰক্ষা আজি শ্রমিক শ্রেণীৰ আন্দোলনৰ সমুখত বিৰাট প্রত্যাহ্বান হিচাপে থিয় দিছে । বিজেপি চৰকাৰে এহাতেদি দেশৰ সম্পদ তথা বেংক, বীমা, তেল, কয়লা, তীখা, বিদ্যুৎ, বন্দৰ, প্রতিৰক্ষা, ৰে'ল, বিমান পৰিবহণ, টেলিকম, আণৱিক শক্তিকে ধৰি সকলো ৰাজহুৱা খণ্ড আদানি, আম্বানী আদি কৰ্প'ৰেট গোষ্ঠীক গটাই দিছে । কৰ্প'ৰেট গোষ্ঠী, পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত শ্রমিক শ্ৰেণীৰ ওপৰত শোষণ-নিপীড়ন, দমন-নির্যাতন তীব্র কৰি তোলাৰ চৰম ৰূপ হৈছে ২১ নৱেম্বৰ ২০১৯ আৰু ২০২০ চনত সংসদত গৃহীত কৰা ৪ খন শ্রম সংহিতা (Labour Code)।"
তেওঁ কয়, "এই কোড গৃহীত কৰাৰ আগেয়ে ভাৰতীয় শ্রম সন্মিলন (Indian Labour Conference)ত আলোচনা বা শ্রমিক শ্রেণীৰ কোনো মতামত গ্রহণ নকৰিলে । চৰকাৰৰ এই চৰম গণতন্ত্র বিৰোধী কার্যৰ বিৰুদ্ধে আৰু শ্রম কোড বা সংহিতা বাতিলৰ দাবীত শ্রমিক শ্রেণীয়ে গঢ়ি তোলা ধাৰাবাহিক প্রতিবাদ তথা জনমতৰ প্ৰতি বিজেপি চৰকাৰে স্বেচ্ছাচাৰী মনোভাৱ প্রদর্শন কৰি আহিছে ।"
উল্লেখ্য যে সম্প্রতি শ্রম সংহিতা কার্যকৰী কৰিবলৈ অধিসূচনা জাৰি কৰা হৈছে । এই ৪ খন শ্রম সংহিতা হৈছে ক্ৰমে মজুৰি সংহিতা, শিল্প সম্পর্ক সংহিতা, ২০২০; সামাজিক সুৰক্ষা সংহিতা আৰু কর্মস্থলীত সুৰক্ষা, স্বাস্থ্য আৰু কর্ম ব্যৱস্থা সম্পর্কীয় সংহিতা ।
ইফালে চি আই টি ইউৰ (CITU) উপ-সভাপতি বীৰেণ শৰ্মাই কয়, "দেশৰ শ্রমিক-কর্মচাৰীসকলে স্বাধীনতা সংগ্ৰামৰ দিনৰে পৰাই শতিকাজোৰা বহু বীৰত্বপূর্ণ সংগ্রাম-সংঘর্ষ আৰু বহু শ্বহীদৰ তেজৰ বিনিময়ত ২৯ খন কেন্দ্রীয় শ্রম আইন প্রণয়ন কৰিবলৈ চৰকাৰক বাধ্য কৰাইছিল আৰু এই আইনসমূহৰ জৰিয়তে শ্রমিক শ্রেণীয়ে মজুৰি, শিল্প বিবাদ, সংগঠন কৰাৰ অধিকাৰ, ধৰ্মঘটৰ অধিকাৰ, সামাজিক সুৰক্ষা, নিৰাপত্তা, কামৰ চৰ্তাৱলী, ক্ষতিপূৰণ, প্রসূতি কল্যাণ ইত্যাদি ক্ষেত্ৰত সীমিত পৰিসৰত হ'লেও আইনসংগত অধিকাৰ লাভ কৰিছিল । কিন্তু এতিয়া এই শ্রম কোড বা সংহিতাৰ জৰিয়তে এই কেন্দ্রীয় আইনসমূহ বিলোপ কৰাৰ ষড়যন্ত্রত বিজেপি চৰকাৰ লিপ্ত হৈছে । এই সংহিতাসমূহ প্রকৃততে মালিক শ্রেণীৰ স্বাৰ্থত প্রণয়ন কৰা হৈছে ।"
তেওঁ লগতে কয়, "কেন্দ্ৰীয় চৰকাৰে তথাকথিত 'সৰলীকৰণ' (Simpli-fication) আৰু 'ব্যৱসায়ৰ স্বাচ্ছন্দ্য ৰক্ষা (Ease of Doing Business)ৰ নামত পূৰ্বৰ আইনসমূহক ৪ খন সংহিতাত পৰিণত কৰা হৈছে বুলি ঢাক-ঢোল বজাইছে, কিন্তু দৰাচলতে এই সংহিতাসমূহে শ্রমিক শ্ৰেণীৰ ওপৰত চৰম শ্রম দাসত্ব জাপি দিয়াৰ ব্যৱস্থাহে কৰিছে ।"
তেওঁ উল্লেখ কৰা মতে ঠিকা শ্রমিক, নির্মাণ শ্রমিক, চাহ শ্রমিক, গৃহ কর্মী, অংগনবাড়ী কর্মী-সহায়িকা, ১০৮ৰ কর্মচাৰী, মধ্যাহ্ন ভোজন কর্মী, আশা কর্মী, পৰিবহণ শ্রমিক আদি তথা ইউনিয়নভুক্ত নোহোৱা কোটি কোটি অসংগঠিত শ্রমিক চৰম অসুৰক্ষিত হৈ পৰিব । দেশৰ এই ১৫ শতাংশ শ্রমিকৰ ক্ষেত্রত নিয়োগকর্তা বা কর্তৃপক্ষৰ মুখৰ কথা, নির্দেশেই আইন হৈ পৰিব । অর্থাৎ ৭০ শতাংশ উদ্যোগৰ শ্রমিক আইনী অধিকাৰৰ পৰা বঞ্চিত হ'ব । আনকি শিক্ষা নবীচ, প্রশিক্ষার্থী, চুপাৰভাইজাৰ, কার্যবাহী ইত্যাদি নামকৰণেৰে আৰু মাহিলী ১৮০০০ টকাৰ অধিক মজুৰি পোৱাসকলক এই সংহিতাসমূহৰ আওতাৰ বাহিৰলৈ ঠেলি দিয়া হৈছে । স্থায়ী কর্মচাৰীৰ নিযুক্তিৰ সলনি নির্দিষ্ট সময়ৰ নিযুক্তিৰো ব্যবস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
শ্ৰমিক ইউনিয়নে সংহিতাৰ বিৰোধিতা কৰি কয় যে শিল্প বিবাদ আইন, ১৯৪৭ৰ মতে ১০০ তকৈ অধিক শ্রমিক নিযুক্ত উদ্যোগসমূহে শ্রমিক ছাটাই, লক আউট ইত্যাদিৰ ক্ষেত্রত সংশ্লিষ্ট চৰকাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক আছিল, কিন্তু নতুন সংহিতা মতে এই সংখ্যা ৩০০ লৈ বৃদ্ধি কৰা হৈছে । অর্থাৎ ৩০০ তকৈ কম শ্রমিক থকা উদ্যোগসমূহত মালিক গোষ্ঠীয়ে ইচ্ছামতে ছাটাই, লক আউট কৰাৰ অধিকাৰ লাভ কৰিব । অথচ ভাৰতবর্ষৰ ৮৭ শতাংশ শ্রমিকেই হৈছে এনেধৰণৰ উদ্যোগত কর্মৰত শ্রমিক । তেনেদৰে শ্রমিক শ্রেণীৰ ধর্মঘট কৰাৰ অধিকাৰো এই শিল্প সম্পর্ক সংহিতাই কাঢ়ি নিয়াৰ ব্যৱস্থা কৰা হৈছে ।
আনহাতে পূর্বৰ আইনত মালিক পক্ষই আইন উলংঘা কৰিলে মালিক পক্ষৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণৰ যি আইনসংগত ব্যৱস্থা আছিল সেয়া এতিয়া এই সংহিতাসমূহত প্রত্যাহাৰ কৰা হৈছে । বিপৰীতে এই সংহিতাই শ্রমিকসকলৰ সংগঠিত প্রতিবাদক ভাৰতীয় ন্যায় সংহিতাব ১১১ নং ধাৰাৰ মতে ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰাৰ ভাবুকি প্রদান কৰিছে ।
আটাইতকৈ গুৰুত্বপূর্ণ বিষয় হৈছে এই সংহিতাই শ্রমিক শ্রেণীৰ ট্রেড ইউনিয়ন কৰাৰ অধিকাৰ কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে । কম পক্ষেও ১০ শতাংশৰ পৰা ১০০ জন সদস্য সদায় থাকিলেহে এটা ট্রেড ইউনিয়নে স্বীকৃতি পাব । আনহাতে ৫১ শতাংশৰ অধিক সদস্যৰ সমর্থন থাকিলেহে কর্তৃপক্ষৰ সৈতে আলোচনা কৰা বা নিষ্পত্তি কৰাৰ অধিকাৰ থাকিব । এই অৱস্থাই শ্রমিক শ্রেণীক অধিক অসুৰক্ষিত কৰি তুলিব বুলি সংগঠনসমূহে দাবী কৰিছে ।
ইফালে নতুন মজুৰি সংহিতাই ন্যূনতম মজুৰিৰ ক্ষেত্ৰত সমাধান দিয়াৰ পৰিৱর্তে ৰাষ্ট্রীয় ফ্ল'ৰ লেভেল (National Floor Level Wage) মজুৰিৰ নামত মজুৰি নিৰ্ধাৰণৰ ক্ষেত্রত ৰাজ্যসমূহৰ অধিকাৰ খৰ্ব কৰি পেলাইছে । আনহাতে কর্মস্থলীত সুৰক্ষা বিষয়ক সংহিতাই শ্রমিকসকলক সুৰক্ষা, স্বাস্থ্য পৰীক্ষা আৰু অন্যান্য সুবিধাৰ পৰা বঞ্চিত কৰিব আৰু কামৰ সময় ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধিক বিধিসন্মত কৰিব বিচাৰিছে বুলি সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰে । তেনেদৰে সামাজিক সুৰক্ষা সংহিতাই সামাজিক সুৰক্ষাক সার্বজনীন কৰি তোলাৰ বিপৰীতে কৰ্মচাৰীৰ ভৱিষ্যনিধি, কর্মচাৰীৰ বীমা, প্রসূতি কল্যাণ ইত্যাদি ক্ষেত্রত গৰিষ্ঠ সংখ্যক শ্রমিকক বঞ্চিত কৰাৰহে ব্যৱস্থা কৰা হৈছে ।
লক্ষণীয়ভাৱে বিজেপি চৰকাৰখনে শ্রম কোড বা সংহিতা ৰূপায়ণ হোৱাৰ আগেয়ে শ্রমিক শ্রেণীক আইনী অধিকাৰসমূহৰ পৰা বঞ্চিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অসমত আজি ১০ বছৰে ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা নাই । দৰাচলতে বিজেপি চৰকাৰখনে শ্রমিক শ্রেণীক কৰ্প'ৰেট গোষ্ঠী, পুঁজিপতি গোষ্ঠীৰ দাসত পৰিণত কৰিব বিচাৰিছে বুলি চি আই টি ইউৰ (CITU) উপ-সভাপতি বীৰেণ শৰ্মাই উল্লেখ কৰে ।
লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে পলম নকৰাকৈ মিছলীয়া কথাবোৰ মুকলি কৰক, ভয় কৰিব নালাগে: গৌৰৱ গগৈ

